অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আনাউট্টি

আনাউট্টি (ইংৰাজী: Aanayoottu; অৰ্থাৎ হাতীক খাদ্য খুওৱা) হৈছে কেৰালাৰ ত্ৰিছূৰ চহৰৰ বডাককুন্নাথন মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এক উৎসৱ। এই উৎসৱটো মালয়ালম কেলেণ্ডাৰৰ কাৰ্কিডাকম মাহৰ প্ৰথম দিনা (সাধাৰণতে ইংৰাজী জুলাই মাহৰ সৈতে মিলে) অনুষ্ঠিত হয়।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আনাউট্টি (ইংৰাজী ভাষা: Aanayoottu; অৰ্থাৎ হাতীক খাদ্য খুওৱা) হৈছে কেৰালাৰ থ্ৰিচূৰ চহৰৰ বডাককুন্নাথন মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এক উৎসৱ। এই উৎসৱটো মালয়ালম ভাষা কেলেণ্ডাৰৰ কাৰ্কিডাকম মাহৰ প্ৰথম দিনা (সাধাৰণতে ইংৰাজী জুলাই মাহৰ সৈতে মিলে) অনুষ্ঠিত হয়। ইয়াত কোনো ধৰণৰ অলংকাৰ বা সাজ-সজ্জা নিপিন্ধোৱাকৈ বহুকেইটা হাতীক বিপুল জনতাৰ মাজত পূজা কৰা আৰু খাদ্য খুওৱাৰ বাবে ৰখা হয়। হাতীসমূহক খাদ্য খুৱাবৰ বাবে মন্দিৰ প্ৰাংগনত অজস্ৰ ভক্তৰ সমাগম ঘটে।

প্ৰতি বছৰে আনাউট্টি উৎসৱৰ সময়ত গজ পূজা অনুষ্ঠিত কৰা হয়। বিশ্বাস কৰা হয় যে হাতীসমূহক পূজা কৰা আৰু সুস্বাদু খাদ্য আগবঢ়োৱাটো ধন-সম্পদ আৰু মনোবাঞ্ছা পূৰণ কৰা দেৱতা ভগৱান গণেশক সন্তুষ্ট কৰাৰ এক উপায়। দক্ষিণ ভাৰতৰ অন্যতম পুৰণি শিৱ মন্দিৰ হিচাপে পৰিগণিত বডাককুন্নাথন মন্দিৰে বিগত কেইবাবছৰ ধৰি এই আনাউট্টি উৎসৱৰ আয়োজন কৰি আহিছে।

কাৰ্যপ্ৰণালী

> মন্দিৰৰ উৎসৱসমূহত হাতী প্ৰদৰ্শন কৰাৰ সন্দৰ্ভত জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ পিছত হাতীৰ সংখ্যা হ্ৰাস কৰা হয়। ২০০৩ চনত অনুষ্ঠিত উৎসৱত ৫০টা হাতীয়ে অংশগ্ৰহণ কৰিছিল।

হাতীৰ বিশেষ খাদ্যৰ ভিতৰত কুঁহিয়াৰৰ পাত, নাৰিকল, গুড় আৰু গণপতি পূজাৰ প্ৰসাদৰ মিঠা মিশ্ৰণ অন্তৰ্ভুক্ত। মন্দিৰৰ মুখ্য পূজাৰীয়ে সাধাৰণতে এটা হাতীৰ পোৱালিক প্ৰথম খাদ্য আগবঢ়াই এই খুওৱা কাৰ্যসূচীৰ সূচনা কৰে। বৰ্তমান এই উৎসৱত ১৬টা হাতী অন্তৰ্ভুক্ত কৰা হয়; পূৰ্বে এই সংখ্যা অধিক (প্ৰায় ৫০টা) আছিল যদিও জিলা প্ৰশাসনৰ নিৰ্দেশনাত ইয়াক হ্ৰাস কৰা হয়। উৎসৱৰ সময়ত হাতীসমূহক ভাত, গুৰ, ঘিউ, মাটিকঁঠাল আৰু অন্যান্য স্থানীয় উৎপাদিত সামগ্ৰী খুওৱা হয়।

তাৎপৰ্য

হাতীসমূহক পৱিত্ৰ প্ৰাণী হিচাপে গণ্য কৰা হয় (যিটো কাৰণেই দক্ষিণ ভাৰতৰ মন্দিৰবোৰত হাতীৰ উপস্থিতি দেখা যায়)। হাতী কেৰালাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ, আৰু আনাউট্টিকে ধৰি সকলো উৎসৱতে হাতী অনিবাৰ্য। দক্ষিণ ভাৰতৰ বহু বিখ্যাত মন্দিৰৰ নিজা হাতী থাকে; এই হাতীসমূহক খাদ্য খুওৱাটো অতি শুভ বুলি গণ্য কৰা হয়। ভক্তসকলৰ এই আৱেগক লক্ষ্য কৰি মন্দিৰ কৰ্তৃপক্ষই হাতীৰ এই পুষ্টিসাধন বা পুনৰ্যৌৱন প্ৰদানৰ থেৰাপীটোক আনাউট্টি উৎসৱ নামেৰে এটা ৰাজহুৱা অনুষ্ঠান হিচাপে আৰম্ভ কৰে।

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনাউট্টি” প্ৰবন্ধৰ সংশোধন ৬২৫৩৬৯ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।