অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আছিকো

আছিকো কেমেৰুণৰ দক্ষিণ অঞ্চলৰ এক জনপ্ৰিয় নৃত্য। ইয়াৰ উপৰি, ই এটা সংগীত ধাৰা যিটো ছিয়েৰা লিয়নৰ পাম ৱাইন সংগীতৰ এটা প্ৰকাৰ। মূলতঃ কেমেৰুণৰ বাছা দেশৰ সংস্কৃতি ভিত্তি কৰি গঢ় লৈ উঠা এই ছন্দযুক্ত নৃত্যৰ নাম দুটা শব্দৰ পৰা লোৱা হৈছে, আই এছ আই(ISI), যিটো সলনি কৰি এ এছ এছ আই(ASSI) কৰা হৈছে, যাৰ অৰ্থ…

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

আছিকো কেমেৰুণৰ দক্ষিণ অঞ্চলৰ এক জনপ্ৰিয় নৃত্য। ইয়াৰ উপৰি, ই এটা সংগীত ধাৰা যিটো ছিয়েৰা লিয়নৰ পাম ৱাইন সংগীতৰ এটা প্ৰকাৰ।

মূলতঃ কেমেৰুণৰ বাছা দেশৰ সংস্কৃতি ভিত্তি কৰি গঢ় লৈ উঠা এই ছন্দযুক্ত নৃত্যৰ নাম দুটা শব্দৰ পৰা লোৱা হৈছে, আই এছ আই(ISI), যিটো সলনি কৰি এ এছ এছ আই(ASSI) কৰা হৈছে, যাৰ অৰ্থ মাটি; আৰু কো(KOO) অৰ্থাৎ ভৰি।

আছিকো নৃত্য সাধাৰণ টি-চাৰ্ট আৰু সম্পূৰ্ণ স্কাৰ্ট পিন্ধি নৃত্য কৰা হয় আৰু ইয়াৰ কঁকালৰ মাজ অংশ হিন্দোলিত কৰি লৰচৰ কৰা হয়, যিয়ে নিতম্বৰ গতিবিধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আছিকোৰ কোৰিঅ’গ্ৰাফীত কেইবাটাও লপ-ছাইড ৱাক ব্যৱহাৰ কৰা হৈছে, একেৰাহে সৰু সৰু ক্ল’জ ৱাক, যিবোৰ নৃত্যশিল্পীসকলে বিভিন্ন উচ্চতাত কৰে, থিয় হৈ বা কুঁজা খাই থাকে, যাৰ ফলত আপুনি অনুভৱ কৰিব যে, তেওঁলোক মঞ্চত ভাঁহি আছে। নৃত্য বা সমাধিৰ উল্লাসৰ আহ্বান জনোৱা ভাৰসাম্যবোধ, কুটিলতা আৰু শাৰীৰিক শক্তিৰ প্ৰদৰ্শনো এই নৃত্যত দেখা যায়।

আছিকো এক সংগীতৰ শৈলীও। সাধাৰণতে গীটাৰৰ সৈতে গায়ক, আৰু খালী বটলত ধাতুৰ কটাৰী আৰু কাঁটাচামুচেৰে আচিকোৰ স্পন্দনশীল ছন্দ বজাই থকা এজন পাৰ্কাচনিষ্টে পৰিৱেশন কৰে। ডাবল বেছ, ড্ৰাম আৰু কিছু কাঁহে এই বেছটো সম্পূৰ্ণ কৰিব পাৰে। লেডছ জিন বিকোকো "আলাদিন"এই ছন্দৰ সৃষ্টিকৰ্তা কেমেৰুণৰ এজন সুপৰিচিত আছিকো শিল্পী।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছিকো” প্ৰবন্ধৰ সংশোধন ৪৭৫০৪৪ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।