অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আউলা পূজা

আউলা পূজা ( Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷

হালনাগাদ: ১৬ অক্টোবৰ ২০২৩ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

আউলা পূজা ( Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷

পূজাৰ পৰম্পৰাগত ৰীতি

সমগ্ৰ ভাৰতত যিকোনো পূজা ব্ৰাহ্মণ্য ৰীতিৰে কৰা হয় যদিও অসমত অতীজৰে পৰা সাধাৰণ মানুহে দেৱদেৱীৰ বিভিন্ন ৰূপৰ পূজা গীতপদেৰেও কৰিছিল৷ কেতিয়াবা ব্ৰাহ্মণ্য ৰীতিৰে কৰাৰ পাছত নাম-গুণ গোৱা হৈছিল আৰু কেতিয়াবা সম্পূৰ্ণকৈ কেৱল নাম-গুণ গায়েই দেৱীক আৰাধনা কৰা হৈছিল৷ সেয়ে, দুৰ্গাৰ আন কিছুমান ৰূপৰ পূজা যেনে, শীতলা পূজা, মনসা পূজা, সুবচনী পূজা আদি দেৱীসকলৰ পূজাত নাম গাই উপাসনা কৰা প্ৰথা অতীজৰে পৰা চলি আহিছে৷ দুৰ্গা দেৱীক আদ্যাশক্তি হিচাপে মানি তেওঁৰ বিভিন্ন ৰূপ কল্পনা কৰা হয়৷ সৰ্বসাধাৰণ মানুহে দেৱীৰ আশীৰ্বাদ ল’বলৈ গাঁৱে-ভূঞে সাধাৰণভাবে স্তুতিগীত গাই দেৱীক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হয়৷ এই গীতবোৰ অসমীয়া সমাজত লোকগীতি সাহিত্যৰ ভিতৰত পৰে৷১ অসমৰ বিভিন্ন ঠাইত গীতপ্ৰধান উৎসৱ হিচাপে অসংখ্য চাকি-বন্তি জ্বলাই আইসকলে গায়:-

ইটো শৰত কালি মানসৰ পানী দেৱীক পাৰ কৰিছে কোনে, সোণৰে নাওখনি ৰূপাৰ বঠাখানি বাই চাই আনিছে মানে৷২

শ্ৰমমূলক গীত

লোকগীতসমূহৰ কিছুমান ধৰ্মীয় আৰু কিছুমান শ্ৰমমূলক৷ শ্ৰমজীৱী গঞা লোকে তেওঁলোকৰ শ্ৰমৰ অৱসাদ আঁতৰাবলৈ কিছুমান গীতৰ সৃষ্টি কৰি লগে ভাগে গাইছিল৷ আউলা পূজাৰ গীতো একপ্ৰকাৰ শ্ৰমৰ গীত৷ শস্য ৰোপন, দাৱন, কাটন(সূতা কটা), নাওখেল আদি শ্ৰমৰ লগত জড়িত গীত৷ তাঁত শিল্পৰ লগত জড়িত ব্যক্তিৰ মুখেদিকপাহৰ জুনাৰ সৃষ্টি হৈছিল৷ কৃষিৰ লগত জড়িত লোকৰ দ্বাৰা নাঙলৰ জুনা আদি সৃষ্টি হৈছিল৷৩

পূজাৰ বিধি

এসময়ত তাঁতশালত কাপোৰ ব’ব জনাটো ছোৱালীৰ কাৰণে অত্যাৱশ্যকীয় গুণৰ ভিতৰত ধৰা হৈছিল৷ আবিয়ৈ ছোৱালীক তাঁত ব’ব নাজানিলে “থুপৰী’’ বুলি উপনাম দিছিল৷ মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল৷ সেইদৰে অসমৰ কোনো কোনো ঠাইত বিশেষকৈ নলবাৰী জিলাৰ ঠাই বিশেষে “আউলা পূজা’’ নামেৰে এবিধ পূজা এসময়ত প্ৰচলিত আছিল৷ আউলা পূজাত ঘাইকৈ অবিবাহিতা যুৱতী বা কেতিয়াবা মহিলাসকলেও দুৰ্গাদেৱীৰ আশীষ লৈ পাকৈত শিপিনী হোৱাৰ হাবিয়াস কৰে৷ তেওঁলোকে ওৰে ৰাতি কপাহৰ পৰা সূতা কাটি তাঁত বোৱাৰ প্ৰস্তুতি কৰে৷ ভাল শিপিনী হ’বলৈ যাতে দেৱীৰ আশীৰ্বাদ পাব পাৰে তাৰবাবে ৰাতি ৰাতি দুৰ্গা দেৱীৰ প্ৰশংসাসূচক নাম গাই সূতা কটা হয়৷ এই নামবোৰক আউলা নাম বোলে৷১ সাধাৰণতে দুৰ্গা পূজাৰ নৱমী আৰু দশমীৰ দিনা এই পূজা পতা হয়৷ এই পূজাত গোৱা এটি গীতৰ কলি হ’ল, একোকে নালাগে অ’ দেৱী আই, অ’ ৰাম বোৱনি শিকাব লাগে৷৪

আউলা পূজাত গোৱা এটি গীতৰ এটি স্তৱক:

ইঘৰৰ মেকুৰী আহি সিঘৰত কৰিলে মেও

হাঁহি হেন মেখলা কুঁহি হেন আগুৰাণ

সেই কাপোৰ দেৱী আইক দেওঁ৷ (লোকগীতি সঞ্চয়ন)১

তথ্যসূত্ৰ

  1. ↑ নলবাৰী অঞ্চলত প্ৰচলিত গীত-মাত
  2. ↑ ৰায়চৌধুৰী, অঞ্জলি মহন্ত. (২০০৮). অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতি. সঞ্জীৱ ৰায়চৌধুৰী. পৃ. ৯০
  3. ↑ শৰ্মা, শশী. (২০১৬). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টচ্ ষ্টোৰচ্. ISBN 81-85905-23-1
  4. ↑ দে, সঞ্জয়. (২০০৩). ফিনিক্স. অমলেন্দু বেনাৰ্জী ফাউণ্ডেচন. পৃ. ৪৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আউলা পূজা” প্ৰবন্ধৰ সংশোধন ৩৮৭৭৯৭ (১৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।