অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আডুমু

আডুমু, যি মাছাই জাম্পিং ডান্স বুলিও জনাজাত, কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই সম্প্ৰদায়ৰ লোকসকলে কৰা এক প্ৰকাৰৰ নৃত্য। মাছাই ডেকা যোদ্ধাসকলে সাধাৰণতে বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানত উদ্দীপনাময় আৰু শিল্পপূৰ্ণ এই নৃত্য প্ৰদৰ্শন কৰে।

হালনাগাদ: ১৮ আগষ্ট ২০২৪ ৬১৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আডুমু, যি মাছাই জাম্পিং ডান্স বুলিও জনাজাত, কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই সম্প্ৰদায়ৰ লোকসকলে কৰা এক প্ৰকাৰৰ নৃত্য। মাছাই ডেকা যোদ্ধাসকলে সাধাৰণতে বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানত উদ্দীপনাময় আৰু শিল্পপূৰ্ণ এই নৃত্য প্ৰদৰ্শন কৰে।১২

ইতিহাস

কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি আডুমু নৃত্যৰ সৈতে ওতপ্ৰোতভাবে জড়িত। যদিও এই নৃত্য কেতিয়াৰ পৰা সৃষ্টি হ’ল সেই কথা স্পষ্ট নহয়, তথাপি মাছাই যোদ্ধাসকলে যুদ্ধৰ বাবে প্ৰশিক্ষণ লোৱা আৰু নিজৰ উদ্যম, চঞ্চলতা আৰু শক্তি প্ৰদৰ্শনৰ পদ্ধতি হিচাপে ইয়াৰ বিকাশ হৈছিল বুলি ভবা হয়।৩ মাছাইসকলৰ ইতিহাসে প্ৰমাণ কৰিব খোজে যে, প্ৰথম অৱস্থাত এই নৃত্যটো যুৱ যোদ্ধাসকলে তেওঁলোকৰ জাঁপ আৰু জঁপিয়াই পৰা ক্ষমতাক নিখুঁত কৰাৰ পদ্ধতি হিচাপে পৰিৱেশন কৰিছিল, যিটো চিকাৰ আৰু যুদ্ধ দুয়োটাৰে বাবে প্ৰয়োজনীয় আছিল। পিছলৈ এই নৃত্যটো অধিক সংগঠিত, আচাৰ-ব্যৱহাৰৰ নৃত্যলৈ পৰিণত হোৱাৰ লগে লগে বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য উৎসৱকে ধৰি উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।৪

বৰ্ণনা

আডুমু নৃত্যৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে৷ নৃত্যশিল্পীসকলে বৃত্তৰ দৰে থিয় হৈ শৰীৰটোক যিমান পাৰি পোন আৰু উলম্ব কৰি ৰাখি পাল পাতি শূন্যতে জঁপিয়াই জপিয়াই নৃত্য কৰে। তেওঁলোকে উজ্জ্বল ৰঙৰ শ্বুকা(কাপোৰ) আৰু গুটিৰে নিৰ্মিত গহনা পিন্ধে৷ নৃত্যত সাধাৰণতে পৰম্পৰাগত মাছাই সাজ-পোছাক পৰিধান কৰে। নৃত্যৰ সময়ত পৰম্পৰাগত মাছাই গীত আৰু পদ পৰিৱেশন কৰা হয়৷৫ আডুমু নৃত্য পৰিৱেশন কৰা মাছাই যোদ্ধাসকলৰ জাম্পৰ উচ্চতাৰ লগতে তেওঁলোকৰ খোজৰ লয়লাস আৰু দক্ষতাৰ ওপৰত বিচাৰ কৰা হয়। নৃত্যটো অত্যন্ত প্ৰতিযোগিতামূলক। যোদ্ধাসকলৰ শক্তি, চঞ্চলতা আৰু সহনশীলতাৰ লগতে তেওঁলোকৰ সাহস আৰু বীৰত্ব আদি সকলো তেওঁলোকৰ নৃত্যৰ জৰিয়তে প্ৰদৰ্শিত হয়।৬

ব্যুৎপত্তি

"আডুমু" শব্দটোৰ সঠিক উৎপত্তি সম্পৰ্কে বিভিন্ন উৎসৰ পৰা বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে, সেয়েহে ইয়াৰ সঠিক উৎপত্তি আৰু ব্যুৎপত্তি সম্পূৰ্ণৰূপে জনা নাযায়। "আডুমু" শব্দটোৰ উৎপত্তি মাছাই বুলি ভবা হয় আৰু ইয়াক "ডুমু" ক্ৰিয়াৰ পৰা উদ্ভৱ হোৱা বুলি ভবা হয়, যাৰ অৰ্থ "জাঁপ মাৰি যোৱা" বা "দেও দিয়া"। এই মত অনুসৰি "আডুমু" শব্দটো বিশেষভাৱে জঁপিয়াই জঁপিয়াই পৰা ক্ৰিয়াৰ সৈতে জড়িত, যিবোৰ নৃত্যটোৰ এটা মূল উপাদান। আন এটা ধাৰণা হ'ল "আডুমু" হৈছে মাছাই অভিবাদন "আইগুছ"ৰ সংক্ষিপ্ত ৰূপ, যিটো মাজে মাজে নৃত্য আৰম্ভ হোৱাৰ সংকেত দিবলৈ ব্যৱহাৰ কৰা হয়। এই মতামত অনুসৰি নৃত্যৰ নাম "আডুমু"ই ইয়াৰ আনুষ্ঠানিক আৰু আচাৰ-ব্যৱহাৰৰ উপাদানৰ লগতে মাছাই সংস্কৃতি আৰু ৰীতি-নীতিৰ সৈতে ইয়াৰ সম্পৰ্ককো বুজায়।৭ নৃত্যটো মাছাই সংস্কৃতি আৰু পৰিচয়ৰ এক উল্লেখযোগ্য উপাদান আৰু শব্দটোৰ ব্যুৎপত্তিক কেন্দ্ৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ পিছতো কিন্তু ই মাছাই সম্প্ৰদায়ৰ ভিতৰে বাহিৰে এই নামটো, নৃত্যটো সুপৰিচিত।

সাংস্কৃতিক ব্যৱহাৰ

পৰম্পৰাগত আডুমু নৃত্য পৰিৱেশনৰত মাছাই লোক
পৰম্পৰাগত আডুমু নৃত্য পৰিৱেশনৰত মাছাই লোকছবি: Brutere · CC0

আডুমু হৈছে যিকোনো অনুষ্ঠানৰ সময়ত পৰিৱেশন কৰা এক অতি প্ৰতীকী নৃত্য আৰু ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক উপাদান সন্নিবিষ্ট কৰা হয়। মাছাই জনগোষ্ঠীৰ সংস্কৃতি, ইতিহাস আৰু তাৎপৰ্য্য সকলোবোৰ এই বস্তুবোৰৰ জৰিয়তে প্ৰকাশ কৰা হয়, যিবোৰ নৃত্যৰ বাবে একোটা অপৰিহাৰ্য উপাদান৷ পৰম্পৰাগত মাছাই সাজ-পোছাক আডুমু নৃত্যত ব্যৱহৃত অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক উপাদান। প্ৰায়ে নৃত্যশিল্পীসকলে শ্বুকা নামৰ ৰঙীন কাপোৰেৰে তেওঁলোকৰ শৰীৰ বিশেষ ধৰণে মেৰিয়াই লোৱা দেখা যায়। সচৰাচৰ ৰঙা ৰঙক মাছাই মানুহৰ প্ৰতীক বুলি কোৱা এই শ্বুকাবোৰত মাজে মাজে কৌশলী হাতৰ কামেৰে গুটি আৰু অন্যান্য আলংকাৰিক সজ্জা প্ৰয়োগ কৰা হয়৷৮ আডুমু নৃত্যত সাজ-পোছাকৰ উপৰিও বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ যেনে ঢোল, ৰেটল, শিং আদি ব্যৱহাৰ কৰা হয়। এই বাদ্যযন্ত্ৰসমূহ নৃত্যশিল্পী আৰু সমাজৰ অন্যান্য লোকে বজায় আৰু ইবোৰে নৃত্যৰ ছন্দময় আৰু সুৰীয়া সংগীতত অৰিহণা যোগায়। পৰম্পৰাগত মাছাই গহনা আডুমু নৃত্যত অন্তৰ্ভুক্ত আন এক উল্লেখযোগ্য সাংস্কৃতিক উপাদান। গুটি, গৰুৰ খোলা আৰু অন্যান্য সামগ্ৰীৰে নিৰ্মিত দামী হাৰ, ব্ৰেচলেট, কাণফুলি নৃত্যশিল্পীসকলে সচৰাচৰ পৰিধান কৰে। এই গহনা সামগ্ৰীসমূহ অতি প্ৰতীকী আৰু মাছাই সংস্কৃতিৰ উল্লেখযোগ্য উপাদানসমূহে মানুহৰ ধন, প্ৰতিপত্তি, পৰিচয় আদিক প্ৰতিনিধিত্ব কৰে।৯ তদুপৰি, নৃত্যশিল্পীসকলে বৰশী আৰু ঢাল লৈ ফুৰে, য’ত বিভিন্ন ধৰণৰ পৰম্পৰাগত ইংগিত আৰু প্ৰতীক জড়িত হৈ থাকে৷ আডুমুৰ এই প্ৰতীকসমূহে সমাজখনক তেওঁলোকৰ পূৰ্বপুৰুষৰ সাহস আৰু দৃঢ়তাৰ কথা সোঁৱৰাই দিয়াৰ লগতে মাছাই জনগোষ্ঠীৰ যোদ্ধা পৰম্পৰাকো প্ৰতিনিধিত্ব কৰে। শেষত আডুমু পৰম্পৰাগত নৃত্যই সাংস্কৃতিক উপাদানসমূহ অন্তৰ্ভুক্ত কৰি মাছাই জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় আৰু উত্তৰাধিকাৰক শক্তিশালী কৰে। এই সামগ্ৰীসমূহ কেৱল দেখাত মৰমলগা আৰু অলংকাৰিক হোৱাই নহয়, ইয়াৰ গভীৰ প্ৰতীকী গুৰুত্বও আছে আৰু স্থানীয় লোক আৰু দৰ্শনাৰ্থী উভয়ৰে মাজত উল্লেখযোগ্য সাংস্কৃতিক বাৰ্তা প্ৰেৰণ কৰে। ফলত নৃত্যৰ লগতে সামগ্ৰিকভাৱে মাছাই সংস্কৃতিতো ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷১০

তথ্যসূত্ৰ

  1. ↑ At Kenya’s Maasai Olympics, warriors swap lion hunt for high jump. www.aljazeera.com
  2. ↑ (2017-07-28). 15 Reasons Why the Great Migration Needs to Top Your Bucket List. Bloomberg.com
  3. ↑ (2021-01-25). Adumu, the traditional Maasai jumping dance. The Kid Should See This
  4. ↑ Olusola, Damilare. (2022-02-16). 10 Popular African Traditional Dance and Their History. Motivation Africa
  5. ↑ (2018-09-10). A Visit to a Maasai Village in Africa (Photos). The Manual
  6. ↑ Maasai Mara: Moments of Wonder- The celebration. www.reuters.com
  7. ↑ Ojetayo, Gabriel Kehinde. (2016). AN EXPLORATION OF SOCIO-CULTURAL AND RELIGIOUS SIGNIFICANCE OF MUSIC AND DANCE IN AFRICAN MILIEU. International Journal of Theology and Reformed Tradition. পৃ. 10
  8. ↑ Cof, Katja. (2015-07-25). Maasai Jumping Dance. Safari Junkie
  9. ↑ Uteshova, Z. (2022-05-30). Communication culture and speech etiquette. Ренессанс в парадигме новаций образования и технологий в XXI веке. পৃ. 39–40
  10. ↑ Maasai swap lion hunts for sports to display their prowess. Hürriyet Daily News

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আডুমু” প্ৰবন্ধৰ সংশোধন ৪২৮৯৯০ (১৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।