আদ্ভিত্য (Advitya) হৈছে অৰিন্দম শৰ্মাৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা প্ৰযোজিত অসমীয়া ছবিজগতৰ ইতিহাসৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পবিজ্ঞানৰ ভিত্তিত নিৰ্মাণ হোৱা ছুপাৰহিৰো অসমৰ চলচ্চিত্ৰ। এই ছবিখনত অৰ্ণৱ আয়ান, প্ৰাঞ্জল শইকীয়া আৰু নিহা ৰাণী দাসে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালক অৰিন্দম শৰ্মাৰ পৰিচালনাৰ প্ৰথম ছবি। ছবিখনে ৭ এপ্ৰিল ২০২৩ তাৰিখে অসমৰ ছবি গৃহত মুক্তি লাভ কৰিছিল।
নিৰ্মাণ
আদ্ভিত্যৰ বাবে মূল প্ৰযোজনা ২০১৮ চনত আৰম্ভ হৈছিল। চলচ্চিত্ৰখনৰ প্ৰথম অফিচিয়েল টিজাৰ ২০১৯ চনৰ জুনত মুক্তি দিয়া হৈছিল। নিৰ্মাতাসকলে ছবিখন সোনকালেই মুক্তি দিবলৈ আগবাঢ়িছিল। যদিও, শেষত গৈ ছবিখনে ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ ৭ তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে।
ডিজিটেল দুৰ্ঘটনা
একাধিক প্ৰণালীৰ বিফলতাৰ ফলত ছবিখনৰ নিৰ্মাতাসকলে আদ্ভিত্যৰ সকলো বেক-আপৰ সৈতে মূল দৃশ্যগ্ৰহণৰ দৃশ্যসমূহ হেৰুৱাইছিল। এই ঘটনাটোৱে প্ৰযোজক আৰু পৰিচালকক এটা ডাঙৰ আৱেগিক আৰু বিত্তীয় সংকটত পেলাইছিল।
নিৰ্মাণ 2.0
এই ডিজিটেল দুৰ্ঘটনাৰ পিছত, লিখক-পৰিচালক অৰিন্দম শৰ্মাই আৰম্ভণিৰে পৰা গোটেই ছবিখন পুনৰ প্ৰথমৰ পৰা দৃশ্যগ্ৰহণ কৰিবলৈ মন স্থিৰ কৰে। দ্য হিন্দুক দিয়া এক সাক্ষাৎকাৰত তেওঁ লগতে কয় যে নিহা ৰাণী দাস আৰু বিকাশ বৰাৰ বাহিৰে আন কোনোৱে আকৌ এবাৰ ছবিখনৰ অংশ হ'বলৈ সন্মত হোৱা নাই। নিহা ৰাণী দাস আৰু বিকাশ বৰাৰ বাহিৰে ছবিখনৰ সকলো অভিনেতা-অভিনেত্ৰীক সলনি কৰা হৈছে। আৰু অসমৰ টেলিভিশ্যন জগতৰ অভিনেতা অৰ্ণৱ আয়ান বোৰ্ডলৈ আহিল আৰু তেওঁক মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ কাষ্ট কৰা হৈছিল। পৰিচালকজনে আদ্ভিত্যৰ প্ৰযোজনা পৰ্যায় ২.0ত চলচ্চিত্ৰখনৰ চিত্ৰনাট্যত আৰু অধিক একচন চিকুৱেঞ্চ যোগ দিছিল। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ২০২০ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল। কিন্তু, কোভিড-১৯ লকডাউনে ২০২০ চনৰ মাৰ্চত চলচ্চিত্ৰখনৰ দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ সময়সূচীক প্ৰভাৱিত কৰিছিল যাৰ ফলত পৰিচালক আৰু প্ৰযোজকে কেইমাহমান অপেক্ষা কৰিবলগীয়া হৈছিল। তাৰপাছত, ২০২০ বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত আদ্ভিত্য ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল। চলচ্চিত্ৰখনত ৩৫০ তকৈও অধিক ভি.এফ.এক্স (VFX) শ্বট আছে। ছবিখনৰ দৃশ্যগ্ৰহণ পৰিচালক অৰিন্দম শৰ্মাৰ লগতে কৈলাস দুৱৰা আৰু নাচিৰুল হুছেইনে কৰিছিল।
সংগীত
ছবিখনত থকা দুটি গীতত কণ্ঠদান কৰিছে ক্ৰমে দীক্ষু শৰ্মা আৰু সঞ্চিতা শৰ্মাই।
মুক্তি
ছবিখনে ২০২৩ বৰ্ষৰ ৭ এপ্ৰিল তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ "Director Arindam Sharma's exclusive interview with Pratidin Times". www.pratidintime.com
- ↑ "Arindam Sharma's directorial Advitya is all set to release". www.thehindu.com
- ↑ "The Times of India: First film on Assamese superhero "Advitya" all set to wow audience". www.thefacebook.com
- ↑ "Asam Bani E-paper: ন-চিন্তাৰে অসমীয়া চলচিত্ৰত নৱ্য় সংযোজন "আদ্ভিত্য়" - কল্য়াণ কুমাৰ কলিতা". www.asambani.com
- ↑ "পূ্ৰ্বদিশ: কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’". https://purbodix.com/
- ↑ "চলিত বৰ্ষৰ শেষৰ ফালে “আদ্ভিত্য”; উৎসাহিত দৰ্শকোঃ". https://rupaliparda.com/
- ↑ "নতুন ট্ৰিটমেন্টৰ আদ্ভিত্য়". https://dainikasam.assamtribune.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদ্ভিত্য (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬০৩০৬০ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।