আকবৰী দুৰ্গ আৰু সংগ্ৰহালয় (Akbari Fort & Museum) আজমেৰৰ এটা সংগ্ৰহালয়। ইয়াৰ নাম ৰাজপুতনা সংগ্ৰহালয় ৰখা হৈছে। এসময়ত এইটো সম্ৰাট আকবৰৰ পুত্ৰ ৰাজকুমাৰ চেলিমৰ বাসগৃহ আছিল আৰু বৰ্তমান ইয়াত মোগল আৰু ৰাজপুতৰ কৱচ আৰু ভাস্কৰ্য্যৰ সংগ্ৰহ আছে। ১৫৭০ চনত আকবৰে এই দুৰ্গটো নিৰ্মাণ কৰোৱাইছিল। এইখনেই সেই স্থান, য’ৰ পৰা চেলিমে সম্ৰাট জাহাংগীৰৰ ৰূপত ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতৰ সৈতে ব্যৱসায় কৰিবলৈ অনুমতি দিয়া ফৰমানখন পঢ়িছিল।১
সংগ্ৰহালয়
আজমেৰত ৰাজগৃহ, অভিজাত শ্ৰেণী, আৰু স্থানীয় মুখীয়ালসকলৰ উদাৰ অৱদানৰ বাবে ৰাজপুতনা সংগ্ৰহালয়ত প্ৰাচীন সামগ্ৰীৰ এক সমৃদ্ধ সংগ্ৰহ আছে। পিছলৈ অঞ্চলটোৰ পুৰাতাত্ত্বিক শিল্পকৰ্মই সংগ্ৰহটোৰ আকাৰ বৃদ্ধি কৰে।
ৰাজপুতনা ৰাজ্যৰ বাকী অংশৰ বিপৰীতে আজমেৰ-মেৰৱাদা অঞ্চল প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল। ২০ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে আজমেৰত ৰাজপুতনা অঞ্চলৰ বাবে আঞ্চলিক সংগ্ৰহালয় স্থাপন কৰাৰ চিন্তা কৰিছিল। সেই সময়ত ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্ৰধান জন মাৰ্শ্বলে আজমেৰ সংগ্ৰহালয়ৰ বাবে এটা প্ৰস্তাৱ আগবঢ়াইছিল। ১৯ অক্টোবৰত ৰাজপুতনাৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ছিট ইলিয়ট কলভিনে সংগ্ৰহালয়টো উদ্বোধন কৰে।২
আন বহুতো উল্লেখযোগ্য অৱদানকাৰীয়ে সংগ্ৰহালয়টোৰ বিকাশ ঘটায়। ইতিহাসবিদ গৌৰী শংকৰ হীৰাচান্দ ওঝাই এই সংগ্ৰহালয়ৰ প্ৰথম কিউৰেটৰ হিচাপে সংগ্ৰহালয়টোৰ বাবে বহুমূলীয়া সামগ্ৰী সংগ্ৰহৰ বাবে বহু ঠাই ভ্ৰমণ কৰিছিল। ছাৰ আলেকজেণ্ডাৰ কানিংহাম, এ চি এল কাৰ্লিল, ডি আৰ ভাণ্ডাৰকাৰ আৰু আৰ ডি বেনাৰ্জীয়ে ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ পুৰাতত্ত্ববিদ হিচাপে এই সংগ্ৰহ নিৰ্মাণত ব্যাপক অৱদান আগবঢ়াইছিল। ওঝাৰ পিছত ইউ চি ভট্টাচাৰ্যই ১৯৩৬ চনৰ পৰা ১৯৬১ চনলৈ এই সংগ্ৰহালয়টোৰ কিউৰেটৰৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ প্ৰাচীন সামগ্ৰী সংগ্ৰহৰ প্ৰচেষ্টাই সংগ্ৰহটোক সমৃদ্ধ কৰাত সফল হয়।৩
ডি আৰ ভাণ্ডাৰকাৰে ১৯১৫-১৯১৬ চনত চিতোৰ অঞ্চলৰ নাগৰীত খনন কাম কৰিছিল। এই খননত প্ৰাচীন নগৰ মধ্যমিকাৰ অৱশিষ্ট উদ্ধাৰ হয় আৰু সংগ্ৰহালয়টোৱে বহুতো অনন্য সামগ্ৰী পাবলৈ সক্ষম হয়। প্ৰাচীন বানশ্বৰৰ সৰ্বানিয়াৰ পৰা প্ৰাপ্ত মুদ্ৰাৰ এটা ডাঙৰ ভঁৰাল, শিলালিপি, বস্ত্ৰৰ নমুনা, অস্ত্ৰ-শস্ত্ৰ, স্থানীয় শিল্পকৰ্মও সংগ্ৰহালয়ৰ সংগ্ৰহৰ অংশ।
১৯৫৬ চনত আজমেৰ-মেৰৱাড়া অঞ্চলৰ একত্ৰীকৰণৰ লগে লগে ৰাজস্থানৰ সংহতি সম্পূৰ্ণ হয়। ইয়াৰ পিছত সংগ্ৰহালয়টো ৰাজস্থান চৰকাৰৰ পুৰাতত্ত্ব আৰু সংগ্ৰহালয় বিভাগৰ অধীনলৈ আহিল।
তথ্যসূত্ৰ
- ↑ (2013-05-02). Akbar Ka Kila, AJMER. www.rajasthangk.net/
- ↑ (2009). Museums of Rajasthan. Mapin Publishing. ISBN 978-1-890206-98-7
- ↑ (2009). Museums of Rajasthan. Mapin Publishing. ISBN 978-1-890206-98-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকবৰী দুৰ্গ আৰু সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৬৯৭৩৩ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।