অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস

গ্ৰহাণু দিৱস বা আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হৈছে এক বাৰ্ষিক বিশ্বব্যাপী অনুষ্ঠিত দিৱস। ১৯০৮ চনত টুংগুস্কা অনুষ্ঠানৰ বৰ্ষপূৰ্তিৰ দিনা প্ৰথম বাৰলৈ এটা গ্ৰহাণুৱে চাইবেৰিয়াৰ প্ৰায় ২,১৫০ বৰ্গ কিলোমিটাৰ (৮৩০ বৰ্গ মাইল) বনাঞ্চল সমতল কৰি পেলাইছিল।ৰাষ্ট্ৰসংঘই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৩০ জুনত ইয়াক…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

গ্ৰহাণু দিৱস বা আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হৈছে এক বাৰ্ষিক বিশ্বব্যাপী অনুষ্ঠিত দিৱস। ১৯০৮ চনত টুংগুস্কা অনুষ্ঠানৰ বৰ্ষপূৰ্তিৰ দিনা প্ৰথম বাৰলৈ এটা গ্ৰহাণুৱে চাইবেৰিয়াৰ প্ৰায় ২,১৫০ বৰ্গ কিলোমিটাৰ (৮৩০ বৰ্গ মাইল) বনাঞ্চল সমতল কৰি পেলাইছিল।১২৩ৰাষ্ট্ৰসংঘই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৩০ জুনত ইয়াক বিশ্বজুৰি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে।৪ গ্ৰহাণু দিৱসৰ লক্ষ্য হৈছে গ্ৰহাণু সম্পৰ্কে আৰু পৃথিৱী, ইয়াৰ পৰিয়াল, সম্প্ৰদায়, আৰু ভৱিষ্যত প্ৰজন্মক কোনো গ্ৰহাণু সম্পৰ্কীয় বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব পাৰি সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰা। উদাহৰণস্বৰূপে, ২০১৪ চনৰ ২৩ এপ্ৰিলত আৱিষ্কাৰ কৰা 2014 HQ124য়ে সেই বছৰতে পৃথিৱীৰ পৰা ১,২৫০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিছিল, আৱিষ্কাৰৰ মাত্ৰ ৪৬ দিনৰ পিছত ৮ জুনত, আৰু ২০১৫ চনৰ 2015 TB145, আৱিষ্কাৰৰ মাত্ৰ ২১ দিনৰ পিছত ৪ লাখ ৯০ হাজাৰ কিলোমিটাৰত পাৰ হৈ গৈছিল।

গ্ৰহাণু দিৱসৰ ঘোষণা

গ্ৰহাণু দিৱসৰ কৰ্মগোটে "১০০এক্স ঘোষণা" নামেৰে জনাজাত এক ঘোষণাপত্ৰ তৈয়াৰ কৰিছিল, যিয়ে পৃথিৱীক গ্ৰহাণুৰ পৰা ৰক্ষা কৰাৰ ধাৰণাটোক সমৰ্থন কৰা সকলো বিজ্ঞানী আৰু প্ৰযুক্তিবিদক আকৰ্ষণ কৰে। বৰ্তমানলৈ ১০০এক্স ঘোষণাপত্ৰত ২২,০০০ তকৈ অধিক ব্যক্তিগত নাগৰিকে স্বাক্ষৰ কৰিছে( স্বাক্ষৰৰ হেতু বিশেষজ্ঞ হ'ব লাগিব বুলি কথা নাথাকে)।৫৬৭

ব্ৰায়ান মেই মন্তব্য কৰে যে, “যিমানেই আমি গ্ৰহাণুৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰিম, সিমানেই স্পষ্ট হৈ পৰিব যে মানৱ জাতিয়ে প্ৰকৃততে ধাৰলৈ লোৱা সময়ৰ ওপৰতহে জীৱন নিৰ্বাহ কৰি আহিছে।”

গ্ৰহাণু দিৱস আৰু ১০০X ৰ ঘোষণা জনসাধাৰণৰ বাবে পৃথিৱীৰ দুৰ্বলতাৰ সজাগতা আৰু গ্ৰহাণুৱে পৃথিৱীত সকলো সময়তে আঘাত কৰা বুলি উপলব্ধি কৰাত অৰিহণা যোগোৱাৰ উপায়। গ্ৰহাণু দিৱস হৈছে জনসাধাৰণৰ সমৰ্থন আহৰণৰ বাহক যাতে গ্ৰহাণুৱে কেতিয়া আক্ৰমণ কৰিব পাৰে আৰু আমি কেনেকৈ নিজকে সুৰক্ষিত কৰিব পাৰো সেই বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিব পাৰি।৭ এই সজাগতাৰ মূল তিনিটা লক্ষ্য হ’ল-

  • চৰকাৰ আৰু ব্যক্তিগত আৰু দানশীল সংস্থাৰ জৰিয়তে মানৱ জনসংখ্যাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৃথিৱীৰ ওচৰৰ গ্ৰহাণু ধৰা পেলাবলৈ আৰু অনুসৰণ কৰিবলৈ উপলব্ধ প্ৰযুক্তি ব্যৱহাৰ কৰা।
  • পৃথিৱীৰ ওচৰৰ গ্ৰহাণু আৱিষ্কাৰ আৰু অনুসৰণৰ দ্ৰুত এশগুণ ত্বৰান্বিত হৈ অহা দহ বছৰৰ ভিতৰত প্ৰতি বছৰে এক লাখলৈ বৃদ্ধি।
  • গ্ৰহাণু দিৱসৰ বিশ্বব্যাপী গ্ৰহণ, গ্ৰহাণুৰ বিপদৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু প্ৰভাৱ প্ৰতিৰোধৰ বাবে আমাৰ প্ৰচেষ্টা, ৩০ জুনত – ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰ সৈতে, এই কাৰ্য্যৰ বিষয়টো লাভ কৰা হৈছে।৮

তথ্যসূত্ৰ

  1. ↑ "Trigo-Rodríguez J.M., Palme H., Gritsevich M. (2017) Barcelona Asteroid Day 2015: Revisiting the Threat by Asteroid and Comet Impact. In: Trigo-Rodríguez J., Gritsevich M., Palme H. (eds) Assessment and Mitigation of Asteroid Impact Hazards. Astrophysics and Space Science Proceedings, vol 46. Springer, Cham link.springer.com/chapter/10.1007/978-3-319-4617;
  2. ↑ Wall, Mike. "'Asteroid Day' to Raise Awareness of Space Rock Threat" Space.com Dec. 3, 2014. www.space.com/27921-asteroid-day-dangerous-near-
  3. ↑ Clark, Dr. Stuart. "Second anniversary of Chelyabinsk meteorite strike" The Guardian Feb. 15, 2015. www.theguardian.com/science/across-the-universe/
  4. ↑ www.un.org/en/observances/asteroid-day. United Nations. Accessed 30 June 2021
  5. ↑ Rao, Nathan. "Scores of GIANT asteroids on course to hurtle past Earth within the month, NASA reveals" Express Jan. 1, 2015. www.express.co.uk/news/nature/549722/Giant-aster
  6. ↑ Highfield, Roger. "Asteroid Day Declaration at Science Museum" The Science Museum, Blog December 4, 2014. blog.sciencemuseum.org.uk/asteroid-day-declarati
  7. ↑ "Our story" AsteroidDay.org www.asteroidday.org/our-story
  8. ↑ Rob Verger. "International Asteroid Day will be June 30, UN proclaims" FOX News, Dec. 7, 2016. www.foxnews.com/science/2016/12/07/international

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩৬৮১০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।