অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস

আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (International Day of Women and Girls in Science) প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱস উদযাপন কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (International Day of Women and Girls in Science) প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱস উদযাপন কৰা হয়।১ এই দিৱসৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা আৰু ছোৱালীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰা হয়।২ আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা আৰু ৰাষ্ট্ৰসংঘ মহিলাৰ দ্বাৰা আন্তঃচৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানৰ লগতে অসামৰিক সমাজৰ অংশীদাৰসকলৰ সহযোগত ৰূপায়ণ কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু ছোৱালীসকলক প্ৰচাৰ কৰা।৩৪ ইয়াৰ উদ্দেশ্য হৈছে মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত অংশগ্ৰহণৰ সম্পূৰ্ণ আৰু সমান প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা।৫৬৭

ইতিহাস

চৈধ্যখন দেশত চলোৱা ক্ষেত্ৰভিত্তিক সমীক্ষা অনুসৰি বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা কন্যাৰ সম্ভাৱিতাৰ হাৰ ক্ৰমান্বয়ে ১৮%, ৮%,আৰু ২% (ল’ৰাৰ ক্ষেত্ৰত এই হাৰ ক্ৰমে ৩৭%, ১৮%, আৰু ৬%)। এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি, অধিক সংখ্যক কন্যাক বিজ্ঞান তথা আনুসঙ্গিক বিষয়সমূহৰ লগত জড়িত হৈ আগুৱাই আহিবলৈ উৎসাহ দিয়াৰ মানসেৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত এক সংকল্প গ্ৰহণ কৰি ১১ ফেব্ৰুৱাৰী তাৰিখটো আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াৰ বাবে ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে এ/আৰইএছ/৭০/২১২ নামৰ এক প্ৰস্তাৱ গৃহীত কৰিছিল। পিছত অসামৰিক সমাজৰ অংশীদাৰ, ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা আৰু অন্যান্য প্ৰতিষ্ঠানৰ সহযোগত ৰাষ্ট্ৰসংঘৰ মহিলাসকলে স্বীকৃতি প্ৰদান কৰে। তেতিয়াৰে পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।৮৯

তাৎপৰ্য

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে সিদ্ধান্ত লৈছিল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা আৰু ছোৱালীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক চিনাক্ত কৰিবলৈ বাৰ্ষিক পালনৰ প্ৰয়োজন। তেতিয়াৰ পৰা, এই দিনটো "মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত সম্পূৰ্ণ আৰু সমান প্ৰৱেশ আৰু অংশগ্ৰহণ" প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।১০

উদযাপন

আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে উদযাপন কৰে। এই দিৱসৰ উপলক্ষে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশেষকৈ সভা-সমিতি, আলোচনা চক্ৰ আদি মহিলা আৰু কন্যা সকলৰ বিজ্ঞানৰ ক্ষেত্ৰত অৱদানক মূল বিষয় হিচাপে অনুষ্ঠিত কৰা হয়। বিদ্যালয়সমূহত সজাগতা সভা আৰু কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰসংঘয়ে প্ৰতি বছৰে ইয়াৰ বাবে থিম নিৰ্ণয় কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ A/RES/70/212 - E - A/RES/70/212. undocs.org
  2. ↑ International Day of Women and Girls in Science, 11 February. www.un.org
  3. ↑ International Day of Women and Girls in Science. UN Women
  4. ↑ (2018-10-04). International Day of Women and Girls in Science. UNESCO
  5. ↑ Tobin, Anna. Watch the International Day of Women and Girls in Science at the United Nations now. Forbes
  6. ↑ International Day of Women and Girls in Science, 11 February. www.un.org
  7. ↑ International Day of Women and Girls in Science. United Nations Regional Information Centre for Western Europe (UNRIC)
  8. ↑ plus.google.com/+UNESCO. (2020-06-08). International Day of Women and Girls in Science. UNESCO
  9. ↑ (2021-02-11). International Day of Women and Girls in Science 2021: Theme & History. S A NEWS
  10. ↑ (2021-02-11). International Day of Women and Girls in Science 2021: Date, theme of day celebrating women in STEM field subjects - World News, Firstpost. Firstpost

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস” প্ৰবন্ধৰ সংশোধন ৩৭৯৯৩৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।