আই এম জীজা ( I Am Jeeja ) চলচ্চিত্ৰ নিৰ্মাতা স্বাতী চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ, যিয়ে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী জীজা ঘোষৰ কাহিনী বৰ্ণনা কৰিছে। এই ছবিৰ জৰিয়তে স্বাতীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন আৰু যুদ্ধ দেখুৱাবলৈ চেষ্টা কৰিছে। ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শীৰ্ষ বঁটাকে ধৰি বহুতো বঁটা লাভ কৰে।১
সাৰাংশ
জন্মতে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত জীজা ঘোষ নামৰ যুৱতীগৰাকীক লৈ নিৰ্মিত ২৮ মিনিটৰ তথ্যচিত্ৰ আই এম জীজা। দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা জীজাই লীডছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰা পৰিয়ালে তেওঁৰ সপোন সাকাৰ কৰাৰ বাবে সহায় কৰিছিল।২
ছবিখনে তেওঁৰ লগত সংঘটিত হোৱা এটা হৃদয় বিচলিত কৰিব পৰা ঘটনাকো সামৰি লৈছে, যিটো ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ২০১২ চনত বিমানেৰে কলকাতাৰ পৰা গোৱালৈ যাওঁতে তেওঁক নামিবলৈ কোৱা হৈছিল। বিমানখনত থকা কৰ্মীবৃন্দই বিশ্বাস কৰিছিল যে তেওঁৰ অৱস্থাই আন যাত্ৰীসকলৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে।
চাৰি বছৰৰ পাছত ২০১৬ চনত বিমান সংস্থাটোৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ে কয় যে "এই কাণ্ডটো তেওঁৰ বিৰুদ্ধে অযুক্তিকৰ বৈষম্য আছিল।"৩
মুক্তি
এই তথ্যচিত্ৰখন ২০১৮ চনৰ ৩০ জানুৱাৰীত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছিল।৪ ছবিখনে ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত নন-ফিচাৰ ফিল্ম শিতানত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।
আই এম জীজাই উই কেয়াৰ ফিল্ম ফেষ্টিভেলৰ শীৰ্ষ বঁটাও লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ Raman, Sruthi Ganapathy. Nobody will watch it, said disability rights activist Jeeja Ghosh, but a film on her is going places. Scroll.in
- ↑ Singh, Shiv Sahay. (2017-04-08). Jeeja Ghosh's struggle a beautiful ode to life. The Hindu
- ↑ Pandya, Sonal. I Am Jeeja review: Positive, uplifting look at the extraordinary life of Jeeja Ghosh. Cinestaan
- ↑ I Am Jeeja review: Positive, uplifting look at the extraordinary life of Jeeja Ghosh
- ↑ I Am Jeeja review: Positive, uplifting look at the extraordinary life of Jeeja Ghosh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই এম জীজা” প্ৰবন্ধৰ সংশোধন ৪৯৪৫৬২ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।