আজ জানে কী জিদ না কৰো হৈছে পাকিস্তানৰ প্ৰখ্যাত কবি ফায়াজ হাশ্মিৰ দ্বাৰা ৰচিত এটি গীতি-কবিতা।১ এই গীতটিত সুৰ আৰোপ কৰিছিল প্ৰসিদ্ধ পাকিস্তানী সুৰকাৰ চোহেইল ৰাণাই।২ বিখ্যাত ধ্ৰুপদী গায়ক হাবিব ৱালি মহম্মদৰ কণ্ঠত এই গীতটিয়ে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৭৩ চনৰ জনপ্ৰিয় পাকিস্তানী চলচ্চিত্ৰ 'বাদল ঔৰ বিজলী'ত পাৰ্শ্বগীত হিচাপেও এই গীতটো হাবিব ৱালি মহম্মদে পৰিৱেশন কৰিছিল। খ্যাতনামা গজল গায়িকা ফৰিদা খানুমে গোৱা এই গীতটিৰ ৰূপটো বহুলভাৱে প্ৰসিদ্ধ হৈছিল আৰু তেওঁ PTV (পাকিস্তান টেলিভিছন)ৰ লগতে ৰাজহুৱা সংগীতানুস্থানসমূহত গীতটো ব্যাপক ৰূপত পৰিৱেশন কৰিছিল।৩ গীতটো য়মন কল্যাণ ৰাগত পৰিৱেশিত হয়।৪
পৰৱৰ্তী কালত অতিশয় সুললিত স্বৰমাধুৰ্য আৰু প্ৰগাঢ় ৰোমাণ্টিক গীতিকথাৰ বাবেই এই গীতটি বহুকেইজন শিল্পীয়ে পুনঃপৰিৱেশন কৰিছে। তেওঁলোকৰ ভিতৰত বিখ্যাত ভাৰতীয় সংগীতশিল্পী আশা ভোছলে অন্যতম ('আশা ভোঁচলে: Love Supreme, ২০০৬')।৫ এই গীতটো মীৰা নায়াৰৰ গ'ল্ডেন লায়ন বঁটা বিজয়ী চলচ্চিত্ৰ 'মনচুন ৱেডিং' (২০০১)-ত পাৰ্শ্বসংগীত ৰূপে ব্যৱহৃত হৈছিল।৬ উল্লেখ্য যে, এই গীতটোৰ হাবিব আলি মহ'ম্মদৰ প্ৰথম আৰু মূল ৰূপটো এতিয়াও অতীৱ জনপ্ৰিয়। এই গীতটোক মূল ৰূপত আমেৰিকান সংগীতজ্ঞ শংকৰ টাকাৰৰ অনলাইন সংগীত শৃংখল 'দ্য শ্ৰুতি বক্স'ৰ অংশ হিচাপে ৰোহিণী ৰাৱাডাই পুনৰ পৰিৱেশন কৰিছিল। এ আৰ ৰহমানে এম টি ভি ভাৰতৰ 'এম টি ভি আন্-প্লাগড্ (২য় বৰ্ষ)'ত পৰিৱেশন কৰিছিল।৭
চ’নী টিভিত প্ৰদৰ্শিত 'ক্ৰাইম পেট্ৰ’ল' নামৰ টেলিভিছন শৃংখলাটোৰ ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখৰ খণ্ডত এই গীতটো ব্যৱহাৰ কৰা হৈছিল।
যশ ব্যাস গোষ্ঠীৰ সহযোগত মহেশ ভাটে 'নামকৰণ' নামৰ টেলিভিছন শ্ব'ৰ বাবে আজ জানে কী জিদ না কৰো গীতটি পুনঃসৃষ্টি কৰিছিল, য'ত কণ্ঠ নিগৰাইছিল অৰিজিত সিঙে। এই খণ্ডটি ষ্টাৰ প্লাছ চেনেলত ২০১৬ চনৰ আগষ্ট মাহত প্ৰচাৰিত হৈছিল।
২০১৬ চনত বলিউডৰ চলচ্চিত্ৰ 'এ' দিল হ্যেঁ মুস্কিল'ৰ বাবে প্ৰীতম এই গীতটো পুনৰ সৃষ্টি কৰিছিল আৰু ইয়াত কণ্ঠদান কৰিছিল শিল্পা ৰাওৱে।৮
বলিউডৰ গায়ক অংগৰাগ পাপন মহন্তয়ো এই গীতটোৰ এটি ৰূপ 'এম টি ভি আন্-প্লাগড্' অনুষ্ঠানৰ সপ্তম বৰ্ষত পৰিৱেশন কৰিছিল।৯
'ইণ্ডিয়ান আইড'ল' নামৰ ৰিয়েলিটী শ্ব'ৰ ২০১৮ চনৰ এগৰাকী বিচাৰক তথা বলিউডৰ গায়িকা নেহা কক্কৰে চুপাৰষ্টাৰ জীতেন্দ্ৰৰ অনুৰোধ মৰ্মে অনুষ্ঠানটিত ৩৬তম খণ্ডটিত পৰিৱেশন কৰিছিল।
বাহ্যিক সংযোগ
- ফৰিদা খানুমৰ দ্বাৰা ক'ক ষ্টুডিঅ'(২০১৫)ত পৰিৱেশিত
- দ্য শ্ৰুতি বক্সত ৰোহিণী ৰাৱাডাৰ দ্বাৰা পৰিৱেশিত
- এম টি ভি আন্-প্লাগড্-ত অংগৰাগ পাপন মহন্তৰ দ্বাৰা পৰিৱেশিত
- এম টি ভি আন্-প্লাগড্-ত এ আৰ ৰহমানৰ দ্বাৰা পৰিৱেশিত
তথ্যসূত্ৰ
- ↑ (2006-11-13). When mood and melody merged. The Hindu, Retrieved 31 October 2016
- ↑ আৰ্কাইভ কপি
- ↑ (2008-01-13). New Delhi News: Bollywood tales of stardom and the big bad world Cinema. The Hindu
- ↑ Ramnarayan, Gowri. (2010-11-16). The romance of the verse. The Hindu, Retrieved 31 October 2016
- ↑ Love Supreme- Asha Bhosle- View More by This Artist 2006 iTunes, Retrieved 31 October 2016
- ↑ Soundtracks for Monsoon Wedding (2001). ইণ্টাৰনেট মুভি ডাটাবেছ
- ↑ https://web.archive.org/web/20121107010226/http://mtv.in.com/unplugged/videos.php?cid=12598 Retrieved 31 October 2016
- ↑ www.youtube.com/watch?v=gbG0SG9flmQ
- ↑ www.youtube.com/watch?v=crQcAGNJQtc
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজ জানে কী জিদ না কৰো” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।