অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আওলিং উৎসৱ

আওলিং উৎসৱ (Aoling; আওলেং, Aoleng হিচাপেও উচ্চাৰিত) কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।

হালনাগাদ: ৫ জুলাই ২০২৬ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আওলিং উৎসৱ (Aoling; আওলেং, Aoleng হিচাপেও উচ্চাৰিত) কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।১

নাগালেণ্ডৰ আনুষ্ঠানিক স্বীকৃতিপ্ৰাপ্ত ১৭টা নগা জনগোষ্ঠীৰ ভিতৰত কন্যাক নগাৰ গোটটোয়েই সৰ্ববৃহৎ। উল্লেখ্য যে, কন্যাক নগাসকল তেওঁলোকৰ পৰম্পৰাগত মূৰ-চিকাৰ (head hunting)-ৰ বাবেই প্ৰখ্যাত। কন্যাক জনগোষ্ঠীৰ নগাসকল নাগালেণ্ডৰ মন জিলাৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰ ম্যানমাৰৰ অধিবাসী। সেইবাবেই এই অঞ্চলটো আওলিং উৎসৱ দৰ্শনৰ সকলোতকৈ উপযুক্ত হিচাপে গণ্য কৰা হয়।

উৎসৱৰ বৰ্ণনা

আওলিং উৎসৱৰ জৰিয়তে বসন্তৰ আগমনক উদযাপন কৰাৰ লগতে আসন্ন কৃষি ঋতু শস্যসম্ভৱা হোৱাৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। এই উৎসৱ কন্যাক নগাসকলৰ বৰ্ষপঞ্জীৰ নৱবৰ্ষৰ আৰম্ভণিতে উদযাপিত হয় আৰু ই ৰোমান বৰ্ষপঞ্জীৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পৰে। অৱশ্যে ভিন ভিন গাৱঁত উদযাপনৰ দিৱস ভিন ভিন হ'ব পাৰে। মন জিলা আৰু চুবুৰীয়া ম্যানমাৰৰ কন্যাক নগা অধ্যুষিত অঞ্চলত কোনো ধৰাবন্ধা তাৰিখ নোহোৱাকৈ পালিত হয়।

আওলিং উৎসৱ বিখ্যাত হৰ্ণবিল উৎসৱৰ পৰা পৃথক। হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ ৰাজধানী ক'হিমাৰ পৰা ১২ কিল'মিটাৰ দূৰত্বত অৱস্থিত কিচামা ঐতিহ্য গাওঁ (Kisama Heritage Village)-ত ১-৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয়। হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্যটকসকলৰ বাবে এক কেন্দ্ৰীয় আকৰ্ষণ আৰু এই উৎসৱ নাগালেণ্ডৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃষ্টিৰ প্ৰদৰ্শন আৰু সংৰক্ষণৰ উদ্দেশ্যে চৰকাৰৰ পৰ্যটন আৰু কলা আৰু কৃষ্টি বিভাগৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়।২

আওলিং উৎসৱ কেৱল কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত খাঁটি জনজাতীয় লোকাচাৰৰ উৎসৱ।৩ আওলিং উৎসৱৰ অনুষ্ঠান একসপ্তাহ ধৰি চলে। উৎসৱৰ কাৰ্যসূচীৰ ভিতৰত কন্যাক গোষ্ঠীৰ নিজস্ব নৃত্য-গীত, সমূহীয়া ভোজ ইত্যাদি অন্যতম। ইয়াৰ লগতে কৃষিক্ষেত্ৰসমূহক শস্যসম্ভৱা কৰি তোলাৰ আহ্বানেৰে ঐশ্বৰিক শক্তিসমূহৰ প্ৰতি উৎসৰ্গা কৰা হয়।৩৪

আওলিং উৎসৱৰ প্ৰথম তিনিটা দিনক ক্ৰমে Hoi Lah Nyih, Yin Mok Pho Nyih আৰু Mok Shek Nyih হিচাপে জনা যায়।৫ এইকেইটা দিন পৰম্পৰাগত সাজ-পোছাক বোৱা, সমূহীয়া ভোজৰ উৎসৰ্গাৰ বাবে জন্তু সংগ্ৰহ আৰু বিভিন্ন খাদ্য সম্ভাৰ আৰু চাউলৰ সুৰা প্ৰস্তুত কৰ্মসূচীৰ জৰিয়তে উৎসৱৰ মূল উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা হয়।

আওলিং উৎসৱৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিচিত চতুৰ্থ দিনটোক বুলি কোৱা হয়। সেই দিনটোত কন্যাক জনজাতিৰ সকলো লোকেই শ্ৰেষ্ঠতম পৰম্পৰাগত জনজাতীয় ৰঙ-বিৰঙী সাজ-পোছাক আৰু আ-অলংকাৰেৰে সু-সজ্জিত হয়।৬ সেই দিনটোত নৃত্য, গীত ইত্যাদিৰ পৰিৱেশনৰ লগতে সমূহীয়া ভোজৰ ব্যৱস্থা থাকে। বিশেষকৈ, কন্যাক নগা জনগোষ্ঠীৰ প্ৰখ্যাত মূৰ-চিকাৰৰ ইতিহাসৰ প্ৰতীকী নৃগোষ্ঠীয় নৃত্য পৰিৱেশন এই উৎসৱৰ এক বিশেষ আকৰ্ষণ। .৩

উৎসৱৰ শেষৰ দিনদুটাক Lingha Nyih আৰু Lingshan Nyih নামেৰে জনা যায়। এইদুটা দিনত অধিবাসীসকলে নিজৰ পৰিয়ালৰ পৰিজনৰ সৈতে সময় কটোৱাৰ লগতে নিজৰ নিজৰ গৃহসমূহ আৰু গাৱঁৰ চৌপাশ পৰিষ্কাৰকৰণৰ কাম হাতত লয়।৩

তথ্যসূত্ৰ

  1. ↑ Aoleang Monyu Festival of Nagaland
  2. ↑ Visiting the Nagaland Hornbill Festival? Read This Guide
  3. ↑ (2016-07-14). Aoling Festival in Nagaland: The authentic, untouristy alternative to the Hornbill Festival
  4. ↑ (2015-04-06). Significance of Konyak Aoleang
  5. ↑ Experience Aoling Festival of the Konyak Tribe · Nagaland Tourism. www.thegreenerpastures.com
  6. ↑ (2016-04-03). Aoling Festival of the Konyak Tribe

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহনাগালেণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আওলিং উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬১৫৮৬৮ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।