কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মোহিনী ভস্মাসুৰ
মোহিনী ভস্মাসুৰ (Mohini Bhasmasur) হৈছে দাদাছাহেব ফাল্কেৰ পৰিচালনাত নিৰ্মিত আৰু কমলাবাঈ গোখলে আৰু দুৰ্গাবাই কামত অভিনয় কৰা ১৯১৩ চনৰ ভাৰতীয় পৌৰাণিক ছবি। ভাৰত আৰু ফাল্কেৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য বৈশিষ্ট্যপূৰ্ণ ছবি। মোহিনী ভাছমাছুৰ হৈছে মহিলা অভিনেত্ৰী থকা প্ৰথমখন ভাৰতীয় ছবি।
-
যাদু বিদ্যা
যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা। হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত। কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজসাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়।
-
যুগান্তৰৰ তেজাল পুৱা
যুগান্তৰৰ তেজাল পুৱা (Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই।
-
লণ্ঠন উৎসৱ
লণ্ঠন উৎসৱ (Lantern Festival, 元宵節) চীনা পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ। চীনা চন্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ ১৫তম দিনা পূৰ্ণিমাৰ সময়ত ইয়াক উদ্যাপন কৰা হয়। সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চৰ আৰম্ভণিতে পৰা এই উৎসৱে পৰম্পৰাগত চীনা নৱবৰ্ষ উদ্যাপনৰ শেষ দিনটো সূচায়।
-
লহৰী
লহৰী (ਲੋਹੜੀ, Lohri) শীত কালৰ এক জনপ্ৰিয় জাতীয় উৎসৱ। এই উৎসৱ মূলত পঞ্জাব ৰাজ্যৰে সংযুক্ত। এই উৎসৱ মূলত উত্তৰ ভাৰতত উদযাপন কৰা হয়। লাহৰি উৎসৱৰ ইতিহাস আৰু তাৰ কথাৰ সৈতে ডুগাৰ অঞ্চল আৰু পাঞ্জাবৰ সম্পৰ্ক আছে। বহুতে বিশ্বাস কৰে যে এই উৎসৱ শীতকালৰ অৱসান আৰু দিন দীঘলীয়া হোৱাৰ সূচনা কৰে।
-
লাউ কাটা কাটি
লাউ কাটা কাটি দুজন খেলুৱৈৰ বিমূৰ্ত কৌশলগত খেল, ই বিশেষকৈ নামনি বংগত প্ৰচলিত, আৰু লগতে ইউনাইটেড প্ৰভিন্স য'ত ইয়াক কাউ ডাংকি বুলি কোৱা হয়, আৰু ইয়াৰ বৰ্ণনা এইচ.জে.আৰ. মাৰে ইন এ হিষ্ট্ৰী অৱ ব'ৰ্ড-গেমছ অদাৰ থেন চেছ (১৯৫২)। খেলখন ড্ৰাফটৰ সৈতে জড়িত আৰু তাতোকৈ বেছি আলকুৱেৰ্কৰ সৈতে জড়িত।
-
লুইতক ভেটিব কোনে
লুইতক ভেটিব কোনে (Luitok Bhetibo Kune) ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। 'বিস্তীৰ্ণ ফিল্মছ'ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।
-
লেছবিয়ান কামোদ্দীপক সৃষ্টি কৰ্ম
লেছবিয়ান কামোদ্দীপক (আদিৰসাত্মক) সৃষ্টি কৰ্ম সমূহ লেছবিয়ানবাদৰ দৃশ্যকলাৰ চিত্ৰণৰ সৈতে সম্পৰ্কিত। এইসমূহ মহিলাৰ সৈতে মহিলাৰ যৌন অভিব্যক্তি। প্ৰাচীন ৰোমৰ সময়ৰ পৰা ইৰোটিক কলাত সমকামিতাক এক বিষয় স্থান দিয়া হৈছে আৰু বহুতে লেছবিয়ানবাদৰ চিত্ৰণক কামোদ্দীপক বুলি গণ্য কৰে।
-
লোক-কলা
লোকশিল্প বা লোক-কলা (ইংৰাজী: Folk art) হৈছে লোকজীৱনৰ প্ৰয়োজনীয়তাৰ পূৰণৰ বাবে পৰম্পৰাগতভাৱে হাতেৰে তৈয়াৰ কৰা কিছুমান শিল্পবস্তু। লোকশিল্পই লোক-সংস্কৃতিৰ প্ৰেক্ষাপটত নিৰ্মিত সকলো ধৰণৰ দৃশ্যকলাক সামৰি লয়।
-
শ্ৰী ৰঘুপতি
শ্ৰী ৰঘুপতি (Sri Raghupati) ২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে।
-
সংগীত নাটক
সংগীত নাটক (Sangeet Natak) হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
-
সন্মান ৰক্ষাৰ্থে হত্যা
সন্মান ৰক্ষাৰ্থে হত্যা (Honor killing) হৈছে পৰিয়ালৰ কোনো সদস্যক পৰিয়ালৰ সন্মান হানি কৰাৰ অপৰাধত কৰা হত্যা। বা কোনো সমুদায় বা ধৰ্মৰ নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰাৰ বাবে কৰা হত্যা।
-
সিংহ নৃত্য
সিংহ নৃত্য চীনা সংস্কৃতি আৰু অন্যান্য এছিয়ান দেশত পৰিবেশিত পৰম্পৰাগত নৃত্যৰ এটা প্ৰকাৰ য'ত পৰিবেশকসকলে সৌভাগ্য কঢ়িয়াই আনিবলৈ সিংহৰ সাজ পিন্ধি সিংহৰ গতিবিধি অনুকৰণ কৰে। সাধাৰণতে চীনা নৱবৰ্ষ আৰু অন্যান্য পৰম্পৰাগত, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱৰ সময়ত এই সিংহ নৃত্য পৰিবেশন কৰা হয়।
-
সীমাবদ্ধ
সীমাবদ্ধ ( Seemabaddha; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
হাই নান্না
হাই নান্না হৈছে শৌৰ্যুভৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ ৰোমাণ্টিক নাটকীয় চলচ্চিত্ৰ। ভাইৰা এণ্টাৰটেইনমেণ্টছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মৃণাল ঠাকুৰ, নানী আৰু কিয়াৰা খান্নাই।
-
হিপ-হপ
হিপ-হপ (মূলতঃ ডিস্কো ৰেপ) হৈছে ১৯৭০ চনৰ আৰম্ভণিতে নিউয়ৰ্ক চহৰৰ আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়ৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় সংগীত ধাৰা। এই শৈলীৰ বৈশিষ্ট্য হৈছে ইয়াত সংগীত কৌশলৰ বিস্তৃত পৰিসৰৰ সংশ্লেষণ। হিপ-হপত যথেষ্ট সঘনাই ৰেপিং অন্তৰ্ভুক্ত কৰা হয় যে শব্দবোৰ সমাৰ্থকভাৱে ব্যৱহাৰ কৰিব পাৰি।
-
ৰংকেৰ
ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দোৎসৱ। এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায়। বিশেষকৈ ডামৰা লঙৰি হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ অধিবাসী কাৰ্বিসকলে এই উৎসৱক দেহাল হিচাপে পালন কৰে।
-
ৰাগ অহিৰ ভৈৰৱ
অহিৰ ভৈৰৱ হৈছে এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। ই ভৈৰৱ আৰু প্ৰাচীন, দুৰ্লভ ৰাগ আহিৰী বা অভিৰীৰ মিশ্ৰণ, বা সম্ভৱত ভৈৰৱ আৰু বাগেশ্ৰীৰ মিশ্ৰণ।
-
ৰাগ কেদাৰ
ৰাগ কেদাৰ, যাক কেদাৰা নামেৰেও জনা যায়, হ’ল এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। ভগৱান শিৱৰ নামেৰে নামকৰণ কৰা এই ৰাগ ভাৰতীয় শাস্ত্ৰীয় সংগীতত এক উচ্চ স্থান দখল কৰে। ইয়াৰ বৈশিষ্ট্য হ’ল বহুতো সুমধুৰ মোৰ। এই ৰাগত স্বৰসমূহ সা আৰু মৰ পুনৰাবৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
ৰাগ জৌনপুৰী
ৰাগ জৌনপুৰী হৈছে আশাৱৰী ঠাটৰ এটি ৰাগ যি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত ব্যৱহৃত হয়। ওমকাৰনাথ ঠাকুৰৰ দৰে কিছুমান সংগীতজ্ঞই ইয়াক শুদ্ধ ঋষভ আশাৱৰীৰ পৰা পৃথক কৰিব নোৱাৰে বুলি বিবেচনা কৰে।
-
ৰাগ দৰবাৰী
দৰবাৰী কানাড়া, বা সহজভাৱে ৰাগ দৰবাৰী (উচ্চাৰণ দৰবাৰী কানাড়া), হৈছে হিন্দুস্তানী সংগীতৰ এক ৰাগ। ই ২০শ মেলকৰ্তা ৰাগ নটভৈৰৱীৰ এক জন্য ৰাগম (উৎপন্ন স্বৰগ্ৰাম)। বিশ্বাস কৰা হয় যে মোগল সম্ৰাট আকবৰৰ দৰবাৰৰ বিখ্যাত ষোড়শ শতাব্দীৰ সুৰকাৰ মিয়া তানসেনে ইয়াক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত আনিছিল।
-
ৰাধাষ্টমী
ৰাধাষ্টমী ( Radhashtami) কৃষ্ণ দেৱতাৰ প্ৰধান সংগী ৰাধা দেৱীৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু ধৰ্মীয় দিৱস। ভাদ মাহৰ (আগষ্ট - ছেপ্টেম্বৰ) শুক্লপক্ষৰ অষ্টম দিনত (অষ্টমী তিথিত) তেওঁৰ জন্মস্থান বৰসনা আৰু সমগ্ৰ ব্ৰজ অঞ্চলত পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পিছত ৰাধাষ্টমী পৰে।
-
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ চিকিৎসক সকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰা এক দিৱস বিশেষ। দিনটো চিহ্নিত কৰিবলৈ উদযাপিত স্মৰণীয় অনুষ্ঠানৰ তাৰিখটো ৰাষ্ট্ৰভেদে পৃথক হ'ব পাৰে।
-
ৰূপহী (চলচ্চিত্ৰ)
ৰূপহী (Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।
-
ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)
ৱাটাৰ (Water) অনুৰাগ কাশ্যপৰ কাহিনী আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল।
-
অন্তৰীয়
অন্তৰীয় (Antariya) শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপাহৰ এখন দীঘল বগা বা ৰঙীন পটি আৰু ভৰিবোৰ ঢিলাকৈ ঢাকি ৰাখে। ইয়াৰ লগতে ভৰিৰ সন্মুখত দীঘল কোঁচ হিচাপে প্ৰবাহিত হয়। অন্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই ধুতিৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়।
-
অপেনহাইমাৰ (চলচ্চিত্ৰ)
অপেনহাইমাৰ (Oppenheimer) হৈছে ২০২৩ চনৰ এখন জীৱনীমূলক থ্ৰিলাৰ চলচ্চিত্ৰ। যি ক্ৰিষ্টোফাৰ ন'লানে ৰচনা আৰু পৰিচালনা কৰিছে। এই চলচ্চিত্ৰখন ২০০৫ চনৰ কাই বাৰ্ড আৰু মাৰ্টিন জে শ্বাৰউইনৰ দ্বাৰা ৰচিত জীৱনীমূলক গ্ৰন্থ “আমেৰিকান প্ৰমিথিউছ”ৰ আধাৰত নিৰ্মিত।
-
অভিৰুচি ক্ৰীড়া দিৱস
অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া…
-
অমৰ একুশে গ্ৰন্থমেলা
একুশে গ্ৰন্থমেলা, অমৰ একুশে গ্ৰন্থ মেলা (অমৰ একুশে গ্ৰন্থ মেলা) বা একুশে বই মেলা (একুশে বই মেলা) হ'ল বাংলাদেশৰ জাতীয় গ্ৰন্থমেলা যি প্ৰতি বছৰে ফেব্ৰুৱাৰীত আয়োজিত কৰা হয়। গোটেই ফেব্ৰুৱাৰী মাহত আয়োজিত এই গ্ৰন্থমেলা বাংলা একাডেমীয়ে আয়োজন কৰে।
-
অসম আৰ্হিৰ স্থাপত্য
অসম আৰ্হিৰ স্থাপত্য ভাৰতৰ অসমত উত্তৰ-আধুনিক কালত উদ্ভৱ হোৱা স্থাপত্যশৈলী। এই স্থাপত্যশৈলীৰ স্থাপত্য ঘাইকৈ অসম আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলত দেখা যায়। এই শৈলীত নিৰ্মিত ঘৰক অসম আৰ্হিৰ ঘৰ বুলি জনা যায়। সাধাৰণতে এনে আৰ্হিৰ ঘৰসমূহ এমহলীয়া বা বহুমহলীয়া হোৱা দেখা যায়।