লহৰী (ਲੋਹੜੀ, Lohri) শীত কালৰ এক জনপ্ৰিয় জাতীয় উৎসৱ। এই উৎসৱ মূলত পঞ্জাব ৰাজ্যৰে সংযুক্ত।১ এই উৎসৱ মূলত উত্তৰ ভাৰতত উদযাপন কৰা হয়। লাহৰি উৎসৱৰ ইতিহাস আৰু তাৰ কথাৰ সৈতে ডুগাৰ অঞ্চল আৰু পাঞ্জাবৰ সম্পৰ্ক আছে। বহুতে বিশ্বাস কৰে যে এই উৎসৱ শীতকালৰ অৱসান আৰু দিন দীঘলীয়া হোৱাৰ সূচনা কৰে। মাঘ বিহুৰ আগৰ নিশা এই উৎসৱ পালন কৰা হয়।
লাহৰি উৎসৱ জম্মু আৰু হিমাচল প্ৰদেশত সৰকাৰী বন্ধৰূপে পালন কৰা হয়। দিল্লী, পাঞ্জাব আৰু হাৰিয়ানাতো এই উৎসৱ উদযাপন কৰা হয় যদিও ইয়াক চৰকাৰী বন্ধ ঘোষণা কৰা হোৱা নাই। এই অঞ্চলসমূহত শিখ, হিন্দু আৰু আন সকলোৰে দ্বাৰা এই উৎসৱ উদযাপন কৰা হয়। পাকিস্তানৰ পাঞ্জাবত লাহৰি চৰকাৰীভাৱে উদযাপন কৰা নোহোৱাকৈ শিখ, হিন্দু আৰু কিছুসংখ্যক মুছলমানৰ দ্বাৰা গ্ৰামাঞ্চল আৰু ফৈচলাবাদ আৰু লাহোৰত উদযাপন কৰা হয়।
তাৰিখ
লাহৰি মাঘ বিহুৰ (মকৰ সংক্ৰান্তি) এটা দিন আগতে উদযাপন কৰা হয় আৰু ইয়াৰ তাৰিখ হিন্দু সৌৰ পঞ্জিকাৰ আধাৰত নিৰ্ধাৰণ কৰা হয়। লাহৰি উৎসৱৰ তাৰিখ প্ৰতি ৭০ বছৰত এবাৰ সলনি হয়। ১৯শ শতিকাৰ শেষভাগত লাহৰি ১১ জানুৱাৰীত পালন কৰা হৈছিল। ২০শ শতিকাৰ মাজভাগত এই উৎসৱ ১২ বা ১৩ জানুৱাৰীত উদযাপন কৰা হৈছিল। ২১শ শতিকাত লাহৰি সাধাৰণতে ১৩ বা ১৪ জানুৱাৰীত পৰে। ২০২৪ চনত লাহৰি ১৪ জানুৱাৰীত পৰিব, কাৰণ মাঘ বিহু ১৫ জানুৱাৰীত হব।
ইতিহাস
লাহৰি মহাৰাজ ৰণজিৎ সিঙৰ লাহোৰ দৰবাৰত ইউৰোপীয় পৰ্যটকৰ দ্বাৰা উল্লিখিত হয়। ১৮৩২ চনত ৱেড নামৰ এজন পৰ্যটকে লাহোৰ দৰবাৰলৈ আহি লাহৰি উদযাপনৰ বৰ্ণনা দিয়ে। ১৮৩৬ চনত কেপ্টেইন মেকেছনে মহাৰাজ ৰণজিৎ সিঙৰ লাহৰি উপলক্ষে বস্ত্ৰ আৰু ধনৰ মোটা পৰিমাণ বিতৰণৰ কথা উল্লেখ কৰে। ১৮৪৪ চনত ৰজাৰ সভাত লাহৰি উদযাপন আৰু ৰাতি জুইপ্ৰজ্বলনৰ কথাও উল্লেখ পোৱা যায়।
লাহৰি উৎসৱৰ ৰজকীয় উদযাপনসমূহত ইয়াৰ উৎপত্তিৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। তথাপি, লাহৰি সম্পৰ্কে বহু লোককথা পোৱা যায়। লাহৰি হৈছে শীতকালৰ সূৰ্যোত্তৰ পৰ্বৰ অন্তত দীঘল দিনৰ আগমন উদযাপন। লোককথা অনুসাৰে, প্ৰাচীনকালত লাহৰি শীতকালৰ সূৰ্যোত্তৰ পৰ্বৰ অন্তত পালন কৰা হৈছিল। এই উৎসৱ দীঘল দিনৰ সূচনা আৰু সূৰ্যৰ উত্তৰমুখী যাত্ৰাৰ উদযাপন। লাহৰিৰ পিছদিনা মকৰ সংক্ৰান্তি পালন কৰা হয়।
লাহৰি হৈছে হিমালয় পৰ্বতমালাৰ ওচৰৰ ঠাণ্ডা অঞ্চলত উৎপত্তি হোৱা এটি প্ৰাচীন শীতকালীন উৎসৱ। হিন্দু আৰু শিখসকলে ৰবি খেতিৰ কামৰ পিছত ঘৰবোৰৰ চৌপাশে জুই প্ৰজ্বলিত কৰি, পৰিয়াল আৰু সমাজৰ লোকৰ সৈতে একত্ৰিত হৈ গীত-নৃত্যৰ লগতে শীতৰ অন্ত আৰু দীঘল দিনৰ আৰম্ভণি উদযাপন কৰিছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Jeratha, Aśoka. (1998). Dogra Legends of Art & Culture. Indus Publishing. ISBN 978-81-7387-082-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লহৰী” প্ৰবন্ধৰ সংশোধন ৫০৯৭৩৯ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।