ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ চিকিৎসক সকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰা এক দিৱস বিশেষ। দিনটো চিহ্নিত কৰিবলৈ উদযাপিত স্মৰণীয় অনুষ্ঠানৰ তাৰিখটো ৰাষ্ট্ৰভেদে পৃথক হ'ব পাৰে। কিছুমান দেশত দিনটো বন্ধৰ দিন হিচাপে চিহ্নিত কৰা হয়, যদিও স্বাস্থ্যসেৱা উদ্যোগৰ ৰোগী আৰু হিতাধিকাৰীসকলে তথা স্বাস্থ্য সেৱা সংগঠনবোৰে উদযাপন কৰে।
সমগ্ৰ ভাৰতত, চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী, ড° বিধান চন্দ্ৰ ৰয়ক সন্মান জনোৱাৰ উদ্দেশ্যে ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়।১ ১৮৮২ চনৰ ১ জুলাইত তেওঁৰ জন্ম হৈছিল আৰু ১৯৬২ চনত ৮০ বছৰ বয়সত একেটা তাৰিখতে তেওঁৰ মৃত্যু হয়।
ইতিহাস
১৯৩৩ চনৰ ২৮ মাৰ্চ তাৰিখে জৰ্জিয়াৰ ৱিণ্ডাৰত প্ৰথম চিকিৎসক দিৱস পালন কৰা হৈছিল। সেই উপলক্ষে চিকিৎসক আৰু তেওঁলোকৰ পত্নী সকললৈ শুভেচ্ছা সূচক কাৰ্ড মেইল কৰা হৈছিল লগতে মৃত চিকিৎসকৰ কবৰত ফুল অৰ্পণ কৰা হৈছিল।২
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট আৰু হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছৰ এছ.জে. আৰ.ই.এছ. #৩৬৬, ৰাষ্ট্ৰপতি বুশে ৩০ অক্টোবৰ, ১৯৯০ তাৰিখে স্বাক্ষৰ কৰি গৃহীত কৰিছিল (ৰাজহুৱা আইন ১০১-৪৭৩), আৰু ৩০ মাৰ্চ তাৰিখটো চিকিৎসক দিৱস হিচাপে উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় বন্ধ হিচাপে মনোনীত কৰিছিল।৩৪
বিশ্বৰ প্ৰেক্ষাপট
অষ্ট্ৰেলিয়াত, ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ দিন ভিন্ন। তেওঁলোকৰ মাজত সাধাৰণতে ৩০ মাৰ্চ তাৰিখেটো বহুল ভাৱে প্ৰচলিত।৫৬৭ কুৱেইটত, ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ৩ মাৰ্চত উদযাপন কৰা হয়। ৮ ব্ৰাজিলত, এই দিৱস উদযাপিত হয় ১৮ অক্টোবৰত। এই দিনটো বন্ধৰ দিন হিচাপেও পালন কৰা হয়, ইয়াৰোপৰি উক্ত দিনটোত কেথলিক গীৰ্জাই ছেইণ্ট লুকৰ জন্মদিন উদযাপন কৰে।৯ কানাডাত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ১ মে'ত উদযাপন কৰা হয়। কানাডাত চিকিৎসা সেৱা আৰম্ভ কৰা প্ৰথম মহিলা চিকিৎসক এমিলি ষ্ট'ৱেৰ স্বীকৃতিস্বৰূপে কানাডিয়ান মেডিকেল এছ'চিয়েশ্যনে এই তাৰিখটো বাছনি কৰিছিল।১০ কিউবাত, কাৰ্লোছ জুয়ান ফিনলেৰ জন্মদিন উদযাপন ৰ বাবে ৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে কিউবা বাসীয়ে বন্ধ হিচাপে এই দিনটো উদযাপন কৰে।১১ প্ৰতি বছৰে ২৪ অক্টোবৰত ইণ্ডোনেছিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয়।১২ দিনটো ইণ্ডোনেচিয়ান ডাক্তৰ্ছ এছ'চিয়েচন (আইডিআই)ৰ জন্মদিন উদযাপনৰ সৈতেও চিহ্নিত কৰা হৈছিল।১৩ ইৰানত, আভিচেন্নাৰ জন্মদিন(ইৰানী মাহ: চহৰীভাৰ ১ম=২৩ আগষ্ট)টো চিকিৎসকসকলৰ বাবে ৰাষ্ট্ৰীয় দিৱস হিচাপে স্মৰণ কৰা হয়।১৪১৫ মালয়েছিয়াত, প্ৰতি বছৰে ১০ অক্টোবৰত চিকিৎসক দিৱস পালন কৰা হয়। এই দিনটো প্ৰথমবাৰৰ বাবে ফেডাৰেচন অফ প্ৰাইভেট মেডিকেল প্ৰেক্টিচনাৰ এছ'চিয়েচন, মালয়েছিয়াৰ দ্বাৰা ২০১৪ চনত উদযাপন কৰা হৈছিল।১৬ তুৰস্কত, ১৯১৯ চনৰ পৰা প্ৰতি বছৰে ১৪ মাৰ্চত ঔষধ দিৱস হিচাপে পালন কৰা হয়।১৭ ভিয়েটনামে ১৯৫৫ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰথম চিকিৎসক দিৱস পালন কৰিছিল। পৰৱৰ্তী সময়ত এই দিৱস ২৭ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় বা কেতিয়াবা এই তাৰিখৰ আটাইতকৈ ওচৰৰ তাৰিখ নিৰ্বাচন কৰা হয়।১৮ নেপালে নেপালী তাৰিখ ২০ ফালগুন(৪ মাৰ্চ)ত নেপালী ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰে। নেপাল মেডিকেল এছ'চিয়েচন স্থাপনৰ পিছৰে পৰা নেপালে প্ৰতি বছৰে এই দিনটো চিকিৎসক দিৱস হিচাপে আয়োজন কৰি আহিছে।১৯
তথ্যসূত্ৰ
- ↑ (1 July 2016). National Doctors' Day: Here's what you should know about Dr BC Roy. Firstpost
- ↑ History of Doctors' Day. Hallmark Ideas & Inspiration
- ↑ DoctorsDay.org retrieved 1 July 2014
- ↑ (1990-10-30). S.J.Res.366 – A joint resolution to designate March 30, 1991, as "National Doctors Day"
- ↑ Metro South Hospital and Health Service, The State of Queensland. (2018-03-14). Doctors' Day honours valuable contributions. metrosouth.health.qld.gov.au
- ↑ Happy Doctors Day. Healthcare Australia
- ↑ Doctors' Day. Days Of The Year
- ↑ (2020-07-01). National Doctor's Day 2020: Health workers combating stress, sleep disorders and COVID-19 together, says casualty ward doctor - Health News, Firstpost. Firstpost
- ↑ (2020-06-30). National Doctors' Day 2020: Why India Celebrates Doctors on July 1 and the Theme for This Year. News18
- ↑ Recognizing the work of the medical profession: CMA to celebrate National Physicians' Day on May 1. Canadian Medical Association
- ↑ The United States Army Yellow Fever Commission Headed by Walter Reed – U.S. Army Yellow Fever Commission. U.S. Army Yellow Fever Commission
- ↑ Anies Baswedan on National Doctor's Day: Thanks for Sincere Dedication of Doctors in Indonesia. Netral News
- ↑ Anies Baswedan on National Doctor's Day: Thanks for Sincere Dedication of Doctors in Indonesia. Netral News
- ↑ (23 August 2014). Iran commemorates Natˈl Doctors Day on Avicenna's birth anniv.. Islamic Republic News Agency – IRNA
- ↑ (23 August 2014). Iran marks National Doctors Day to commemorate Avicenna. Mehr News Agency (MNA)
- ↑ (2020-03-30). March 30, 2020 - NATIONAL DOCTORS DAY – NATIONAL VIRTUAL VACATION DAY – NATIONAL PENCIL DAY – NATIONAL I AM IN CONTROL DAY – NATIONAL TAKE A WALK IN THE PARK DAY – NATIONAL TURKEY NECK SOUP DAY. National Day Calendar
- ↑ (2020-03-30). March 30, 2020 - NATIONAL DOCTORS DAY – NATIONAL VIRTUAL VACATION DAY – NATIONAL PENCIL DAY – NATIONAL I AM IN CONTROL DAY – NATIONAL TAKE A WALK IN THE PARK DAY – NATIONAL TURKEY NECK SOUP DAY. National Day Calendar
- ↑ news.duytan.edu.vn/NewsDetail.aspx?id=2041&p DTU Celebrates the 57th Anniversary of Vietnam Doctors’ Day
- ↑ National Doctors' Day - Southern Medical Association
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় চিকিৎসক দিৱস” প্ৰবন্ধৰ সংশোধন ৬১৯২৩০ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।