অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ৰী ৰঘুপতি

শ্ৰী ৰঘুপতি (Sri Raghupati) ২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে।

হালনাগাদ: ১১ জুলাই ২০২৫ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্ৰী ৰঘুপতি (Sri Raghupati) ২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমৰ চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে। লগতে অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা), ৰীণা বৰা, অৰুণ নাথ, অৰুণ হাজৰিকা, প্ৰীতিকংকনা, মনজিৎ শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰিছে।১ নাৰী সৰবৰাহৰ বিষয়ক লৈ নিৰ্মিত ক্ৰাইম থ্ৰিলাৰ ছবিখনে ২০২৩ চনৰ ৫ জুন তাৰিখে অসমৰ লগতে অসমৰ বাহিৰৰ কিছু চহৰত মুক্তি লাভ কৰে।২১ ছবিখনৰ সংলাপ আৰু কাহিনী ৰবি শৰ্মাৰ আৰু সংগীত প্ৰণয় দত্তৰ। ছবিখন ছবিগৃহত প্ৰায় দহ সপ্তাহজুৰি চলে আৰু ১৩.৮১ কোটিৰ ব্যৱসায় কৰি অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচে ৷ ৩ ৪

সংক্ষিপ্ত কাহিনী

এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল ৰঘুপতিৰ পৰিয়াল, ভগ্নী আৰু প্ৰেয়সীক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। আন্তৰিকতা আৰু অধ্যৱসায়ৰ বাবে পৰিচিত এ চি এছ বিষয়া ৰঘুপতি ৰায় বৰুৱাক কেন্দ্ৰ কৰি ছবিখন আবদ্ধ। নিৰুদ্দেশ হোৱা নাৰী উদ্ধাৰৰ বাবে ৰঘুপতিয়ে এক তীব্ৰ যাত্ৰাত নামি পৰে। তদন্তৰ গভীৰতালৈ নামি যোৱাৰ লগে লগে তেওঁ অঞ্চলটোত চলি থকা নাৰী সৰবৰাহৰ এটা ৰেকেট উন্মোচন কৰে। কাহিনীয়ে সময়ে সময়ে বিভিন্ন মোৰ লয়। প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত দুয়ো ধৰণৰ ঘটনাৰ মেৰপাকত ছবিখন আগবাঢ়ে।৫

চৰিত্ৰসমূহ

  • ৰবি শৰ্মা ৰঘুপতি ৰায় বৰুৱাৰ চৰিত্ৰত
  • বিধায়ক হিচাপে অৰুণ হাজৰিকা
  • ডিটেক্টিভ অধিকাৰী/ছলমান খানৰ চৰিত্ৰত অৰুণ নাথ
  • পৰিমিতা ৰায় বৰুৱাৰ চৰিত্ৰত প্ৰিয়ম পল্লৱী
  • মনিষাৰ চৰিত্ৰত প্ৰীতি কংকনা
  • কল্যাণ চন্দ্ৰ দত্তৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মা
  • ৰিনা বৰা
  • লুনা দেৱী
  • বৰ্ণালী পূজাৰী৬৭

সংগীত

এই ছবিখনৰ সকলো গীত দিগন্ত ভাৰতী আৰু প্ৰণয় দত্তই ৰচনা কৰিছে। ২০২৩ চনৰ ৯ জুনত মুক্তি পোৱা এই সংগীত এলবামটোত পাঁচটা গীত আছে।

তথ্যসূত্ৰ

  1. ↑ Sri RaghupatiUA
  2. ↑ (2023-06-05). Assam: Ravi Sharma starrer 'Sri Raghupati' to be released today. India Today NE
  3. ↑ (11 Aug 2023). অসমীয়া চিনেমাৰ সৰ্বকালৰ অভিলেখ ভংগ ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ৰ
  4. ↑ (১১ আগষ্ট, ২০২৩). অসমীয়া ছবিজগতৰ বাবে ইতিহাস ৰচিলে শ্ৰীৰঘুপতিয়ে. ETV
  5. ↑ Desk, Sentinel Digital. (2023-06-01). Assam: Court Puts Stay Order on Ravi Sharma’s ‘Raghupati’ Film Release - Sentinelassam. www.sentinelassam.com
  6. ↑ (June 4, 2023). Sri Raghupati Box Office Collection: Day Wise Total Earning Report
  7. ↑ Bureau, Pratidin. (June 5, 2023). Ravi Sarma’s ‘Sri Raghupati’ All Set to Hit Theatres Today. Pratidin Time

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী ৰঘুপতি” প্ৰবন্ধৰ সংশোধন ৫২৩৫০৬ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।