অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লুইতক ভেটিব কোনে

লুইতক ভেটিব কোনে (Luitok Bhetibo Kune) ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। 'বিস্তীৰ্ণ ফিল্মছ'ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

লুইতক ভেটিব কোনে (Luitok Bhetibo Kune) ২০১৩ বৰ্ষৰ দ্বিতীয়খন অসমৰ চলচ্চিত্ৰ। ২০১৩ চনৰ ১ মাৰ্চ তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।১ 'বিস্তীৰ্ণ ফিল্মছ'ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰে প্ৰবীণ বৰাই। সংগীত পৰিচালনা কৰে বাঁহীবাদক দীপক শৰ্মাই।

কাহিনী

সময়ৰ পৰিৱৰ্তনৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ গ্ৰাসত অসমৰ থলুৱা সংস্কৃতি লুপ্ত হ’ব ধৰাৰ পৰিঘটনাৰ আধাৰতে এইখন ছবিখন নিৰ্মাণ কৰা হৈছে। পশ্চিমীয়া সংস্কৃতিয়ে সমাজৰ সকলো দিশতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে। সাম্প্ৰতিক সমাজখনে পশ্চিমীয়া জীৱনধাৰাক আঁকোৱালি লোৱাৰ কাৰণে ই অসমৰ থলুৱা সংস্কৃতি আৰু বিশ্বাসসমূহলৈ একপ্ৰকাৰৰ ভাবুকি কঢ়িয়াই আনিছে। কিন্তু যিয়েই নহওক কিয় চহকী আৰু ব্যতিক্ৰমী অসমীয়া থলুৱা সংস্কৃতি প্ৰতিজন অসমীয়াৰ হৃদয়, মন আৰু আত্মাত বৰ্তি আছে আৰু বেলেগে স্থায়ীভাৱে ইয়াৰ স্থান ল'ব নোৱাৰে, ব্ৰহ্মপুত্ৰ নদৰ দৰে চিৰদিন ই বৈ থাকিব। প্ৰতিজন অসমীয়াই নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰা উচিত আৰু বাহিৰা সংস্কৃতিৰ হাতৰ পৰা ইয়াক ৰক্ষা কৰাটো প্ৰতিজন অসমীয়াৰে কৰ্তব্য, আৰু যুৱ সমাজে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। অসমৰ যুৱ সমাজে যে পৰম্পৰাক পাহৰি যাবলৈ অক্ষম আৰু আৰু পৰিপক্ক হোৱাৰ লগে লগে আপোন সংস্কৃতিক আকোঁৱালি ল'ব সেই কথাও বোলছবিখনৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।২

অভিনয়ত

  • দীনেশ দাস
  • বিপ্লৱ বৰা
  • প্ৰবীণ বৰা
  • ড০ গুণীন বসুমতাৰী
  • পদুম গগৈ
  • অভিজিত মজুমদাৰ
  • বিমান বৰুৱা
  • অপৰাজিতা দত্ত
  • ৰীতা বৰা
  • পদুম নাথ
  • ৰক্তিম দত্ত
  • দেবেন শৰ্মা
  • আল্পনা তালুকদাৰ শৰ্মা
  • পিংকী ভট্টাচাৰ্য
  • ৰঞ্জন বৰা (দাদু)
  • মিলন কাকতী
  • শৈলেন হাজৰিকা
  • ভূপেন ভূঞা
  • মনোৰঞ্জন দেৱ শৰ্মা
  • নিশান্ত শৰ্মা
  • ৰমেন তালুকদাৰ
  • নিবেদিতা বৰুৱা শইকীয়া
  • বিবেক লেখাৰু
  • বৃষ্টি নেইনা দাস
  • সঞ্জীৱ বৰঠাকুৰ
  • অলিম্পিক শইকীয়া
  • দিব্যশ্ৰী (শিশু শিল্পী)
  • সৃজন (শিশু শিল্পী)

সংগীত

বোলছবিখনৰ সংগীত পৰিচালনা কৰে দীপক শৰ্মাই। আৱহ সংগীত অৱনী ৰঞ্জন পাঠকৰ। গীতৰ কথা প্ৰবীণ বৰা আৰু বিকাশ বৰুৱাৰ। কণ্ঠশিল্পীসকল হ'ল পৰিণীতা, সম্ৰাট বৰা, দিব্যজ্যোতি বৰুৱা, ড০ গুণীন বসুমতাৰী, দিল মহম্মদ আদি। বৰগীত, জিকিৰ আৰু বিহু গীতো বোলছবিখনত আছে।২

অন্যান্য

প্ৰবীণ বৰা পৰিচালিত এইখন চতুৰ্থ অসমীয়া চলচ্চিত্ৰ। বিষ্ণুপ্ৰসাদ ৰাভাই অসম সাহিত্য সভাৰ মিৰ্জা অধিবেশনত প্ৰদান কৰা এটি বক্তৃতা আৰু ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন বোলছবিৰ কাৰণে ড০ ভূপেন হাজৰিকাই লিখা, সুৰ আৰু কণ্ঠ দিয়া এটি গীতৰ নামেৰে পৰিচালক বৰাই তেওঁৰ বোলছবিখনৰ নামকৰণ কৰে।২ বোলছবিখনত ইংৰাজী ছাবটাইটল ব্যৱহাৰ কৰা হয়।৩ চলচ্চিত্ৰখনৰ বহুকেইটা দৃশ্যত ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য, বিহু নৃত্য, জিকিৰ ইত্যাদি ব্যৱহাৰ কৰাৰ লগতে পশ্চিমীয়া নৃত্যও ব্যৱহাৰ কৰা হৈছে। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু কেলিগোপাল ভাওনাৰ কেইটামান দৃশ্য বোলছবিখনত দেখুওৱা হয়। বোলছবিখনত তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ বহুকেইজন অপেছাদাৰী শিল্পীয়ে অভিনয় কৰে। ২০১২ চনৰ ১৫ জুনত বোলছবিখন চেন্সৰ কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Prantik Deka. (January 20, 2013). Assamese Films in 2012. The Sentinel
  2. ↑ Prantik Deka. (July 12, 2012). Prabin bora’s much anticipated Luitok Bhetibo Kune censored. The Sentinel
  3. ↑ Assamese Film & Theatre. (২২ জানুৱাৰী, ২০১৩). Luitok Bhetibo Kune is releasing on February 8. News Live TV

সম্পৰ্কিত শ্ৰেণী

২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইতক ভেটিব কোনে” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৩২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।