অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সিংহ নৃত্য

সিংহ নৃত্য চীনা সংস্কৃতি আৰু অন্যান্য এছিয়ান দেশত পৰিবেশিত পৰম্পৰাগত নৃত্যৰ এটা প্ৰকাৰ য'ত পৰিবেশকসকলে সৌভাগ্য কঢ়িয়াই আনিবলৈ সিংহৰ সাজ পিন্ধি সিংহৰ গতিবিধি অনুকৰণ কৰে। সাধাৰণতে চীনা নৱবৰ্ষ আৰু অন্যান্য পৰম্পৰাগত, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱৰ সময়ত এই সিংহ নৃত্য পৰিবেশন কৰা হয়।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ৮৩৪ শব্দ · ৫ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সিংহ নৃত্য চীনা সংস্কৃতি আৰু অন্যান্য এছিয়ান দেশত পৰিবেশিত পৰম্পৰাগত নৃত্যৰ এটা প্ৰকাৰ য'ত পৰিবেশকসকলে সৌভাগ্য কঢ়িয়াই আনিবলৈ সিংহৰ সাজ পিন্ধি সিংহৰ গতিবিধি অনুকৰণ কৰে। সাধাৰণতে চীনা নৱবৰ্ষ আৰু অন্যান্য পৰম্পৰাগত, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱৰ সময়ত এই সিংহ নৃত্য পৰিবেশন কৰা হয়। ব্যৱসায় উদ্বোধনী অনুষ্ঠান, বিশেষ উদযাপন বা বিবাহ অনুষ্ঠান আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানতো ইয়াক পৰিবেশন কৰিব পাৰি। চীনা সম্প্ৰদায়ে বিশেষ অতিথিক সন্মান জনাবলৈও এই নৃত্য পৰিবেশন কৰে।

চীনা সিংহ নৃত্য সাধাৰণতে দুগৰাকী নৃত্যশিল্পীয়ে পৰিচালনা কৰে, ইয়াৰে এগৰাকীয়ে সিংহৰ মস্তক হস্তচালনা কৰে আৰু আনগৰাকীয়ে সিংহৰ পিছফালৰ মূৰটো গঠন কৰে। এই নৃত্যৰ মৌলিক গতিবিধি চীনৰ যুদ্ধ কলাত পোৱা যায়, আৰু ইয়াক সাধাৰণতে জোৰদাৰ ঢোলৰ স্পন্দনত পৰিবেশন কৰা হয়।

চীনা সিংহ নৃত্যৰ মূল ৰূপ দুটা— উত্তৰা সিংহ আৰু দক্ষিণা সিংহ। দুয়োটা ৰূপ সাধাৰণতে চীন আৰু সমগ্ৰ বিশ্বতে বিশেষকৈ দক্ষিণ-পূব এছিয়াত পোৱা যায়। চীনা সিংহৰ সৈতে জড়িত সিংহ নৃত্যৰ সংস্কৰণ জাপান, দক্ষিণ কোৰিয়া, টাইৱান আৰু ভিয়েটনামতো পোৱা যায়। চীন ভিত্তিক সিংহ নৃত্যৰ উপৰিও ভাৰত, ইণ্ডোনেছিয়া, পূব আফ্ৰিকাত সিংহ নৃত্যৰ অন্যান্য ৰূপও আছে।

ইতিহাস

চীনত নৃত্যশিল্পীসকলে প্ৰাচীন কালৰ পৰাই জীৱ-জন্তু বা পৌৰাণিক জন্তুৰ সৈতে মিল থকাকৈ মুখা পিন্ধাৰ এক পুৰণি পৰম্পৰা আছে। শ্বুজিঙৰ দৰে প্ৰাচীন গ্ৰন্থত বৰ্ণিত বন্য জীৱ-জন্তু আৰু ফিনিক্সে পৰিবেশন কৰা নৃত্যসমূহ সম্ভৱতঃ মুখা পিন্ধা নৃত্য‌ই আছিল।১২ কিন বংশৰ উৎসত ভূত-প্ৰেত নিৰ্বাসনৰ অনুষ্ঠান কৰা নৃত্যশিল্পীসকলক ভালুকৰ চামৰাৰ মুখা পিন্ধা বুলি বৰ্ণনা কৰা হৈছে, আৰু হান বংশৰ গ্ৰন্থত মাইম মানুহে মাছ, ড্ৰেগন আৰু ফিনিক্স হিচাপে এই নৃত্য পৰিবেশন কৰা বুলিও উল্লেখ কৰা হৈছে।৩৪ অৱশ্যে সিংহ চীনৰ স্থানীয় নহয়।৫ সেয়েহে সিংহ নৃত্যৰ উৎপত্তি চীনৰ বাহিৰত ভাৰত বা পাৰস্যৰ দৰে দেশৰ পৰা হোৱা বুলি ধাৰণা কৰা হৈছে।৬৭ আনহাতে মধ্য এছিয়াৰ জৰিয়তে এই নৃত্য প্ৰৱৰ্তিত হৈছে বুলি ধাৰণা কৰা হৈছে।৮ নৃতাত্ত্বিক সংগীতবিদ লৰেন্স পিকেনৰ মতে, চীনৰ সিংহ শব্দটোৱেই হয়তো পাৰ্চী শব্দ šer ৰ পৰা উদ্ভৱ হৈছে।৯ শ্বিজি অৰ্থাৎ সিংহ শব্দটোৰ প্ৰাচীন ব্যৱহাৰ প্ৰথমে হান বংশৰ গ্ৰন্থত দেখা গৈছিল আৰু ইয়াৰ মধ্য এছিয়াৰ সৈতে শক্তিশালী সম্পৰ্ক আছিল। মধ্য এছিয়া আৰু পাৰ্থিয়ান সাম্ৰাজ্যৰ পৰা অহা দূতসমূহে সিংহক হান দৰবাৰত উপস্থাপন কৰিছিল। ১০ সিংহ নৃত্যৰ বিশদ বৰ্ণনা টাং বংশৰ সময়ত প্ৰকাশ পাইছিল আৰু ইয়াক তেতিয়াৰ লেখক আৰু কবিসকলে ইতিমধ্যে বিদেশী নৃত্য হিচাপে স্বীকৃতি দিছিল। অৱশ্যে খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আশে-পাশে চীনত এই সিংহ নৃত্য দেখা গৈছিল। হান্সু নামৰ এখন কিতাপত মেং কাং নামৰ এজন পণ্ডিতে "সিংহ অভিনয়"ৰ কথা উল্লেখ কৰিছে।১১১২১৩ প্ৰাৰম্ভিক সময়ছোৱাত ইয়াৰ বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্ক আছিল। উত্তৰ ৱেই যুগৰ "লুওয়াঙৰ বৌদ্ধ মন্দিৰৰ বৰ্ণনা" শীৰ্ষক গ্ৰন্থ অনুসৰি এটা পৰম্পৰা আছিল যে দুষ্ট আত্মাৰ পৰা ৰক্ষা পাবলৈ সিংহই বুদ্ধৰ মূৰ্তি কঢ়িয়াই এখন পেৰেডৰ নেতৃত্ব দিছিল।১২১৪১৫ সেয়েহে এটা বিকল্প ধাৰণা হ'ল যে এই নৃত্যটো হয়তো স্থানীয় চীনা পৰম্পৰাৰ পৰাই গঢ় লৈ উঠিছে যিয়ে সিংহৰ বৌদ্ধ ধৰ্মীয় প্ৰতীকবাদক নিজৰ কৰি লৈছিল।৫

টাং বংশত এই নৃত্যৰ বিভিন্ন সংস্কৰণ আছিল। টাং দৰবাৰত সিংহ নৃত্যক মহান শান্তি সংগীত (Taiping yue) অথবা পঞ্চ দিশৰ সিংহ নৃত্য বুলি কোৱা হৈছিল য'ত বিভিন্ন ৰঙৰ আৰু বিভিন্ন আৱেগ প্ৰকাশ কৰা পাঁচটা ডাঙৰ সিংহৰ প্ৰত্যেককে নেতৃত্ব দিয়া হৈছিল আৰু দুজন ব্যক্তিৰ দ্বাৰা চালিত কৰা হৈছিল, আৰু লগতে ১৪০ গৰাকী গায়কে সংগ দিছিল।১২১৬ সিংহ নৃত্যৰ আন এটা সংস্কৰণ টাং কবি বাই জুইয়ে তেওঁৰ কবিতা "পশ্চিমীয়া লিয়াং কলা"ত বৰ্ণনা কৰিছিল, য'ত এই নৃত্যটো দুগৰাকী হু (অৰ্থাৎ মধ্য এছিয়াৰ অহান লোক) নৃত্যশিল্পীয়ে পৰিৱেশন কৰিছিল যিয়ে কাঠৰ মূৰ, ৰেচমৰ ঠেং আৰু নোমাল শৰীৰেৰে নিৰ্মিত সিংহৰ সাজ-পোছাক পিন্ধিছিল, চকু দুটা সোণেৰে সজ্জিত আৰু ৰূপৰ প্ৰলেপ লগোৱা দাঁতৰ লগতে কাণবোৰ লৰচৰ কৰিছিল, যিটো ৰূপ আজিৰ সিংহ নৃত্যৰ সৈতে মিল আছে।১২১৭১৮ অষ্টম শতিকালৈকে এই সিংহ নৃত্য জাপান পাইছিলগৈ। ছুন বংশৰ সময়ছোৱাত সিংহ নৃত্য সাধাৰণতে উৎসৱত পৰিবেশন কৰা হৈছিল আৰু দক্ষিণা ছুনৰ সময়ছোৱাত ইয়াক উত্তৰা সিংহ বুলি জনা গৈছিল।

দক্ষিণা সিংহ হৈছে গুৱাংডং প্ৰদেশৰ পৰা উৎপত্তি হোৱা চীনৰ দক্ষিণ অংশত বিকশিত এক প্ৰকাৰৰ সিংহ নৃত্য। দক্ষিণা সিংহৰ উৎপত্তিৰ লগত কেইবাটাও লোকবিশ্বাস জড়িত হৈ আছে। এটা কাহিনীত কোৱা হৈছে যে এই নৃত্যৰ উৎপত্তি এখন গাঁৱত উদযাপন হিচাপে হৈছিল, য'ত নিয়ান নামৰ পৌৰাণিক দানৱ এটাক সফলতাৰে খেদি পঠিওৱা হৈছিল।৮১৯ আন এটা কাহিনীত কোৱা হৈছে যে কিয়ানলং সম্ৰাটে দক্ষিণ চীন ভ্ৰমণৰ সময়ত এটা শুভ প্ৰাণীৰ সপোন দেখিছিল, আৰু উৎসৱৰ সময়ত প্ৰাণীটোৰ প্ৰতিচ্ছবি পুনৰ সৃষ্টি কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। গুৱাংঝুৰ দক্ষিণা সিংহ হয়তো স্থানীয় লোকবিশ্বাস আৰু বৈশিষ্ট্যৰ লগত খাপ খুৱাই সলনি কৰা উত্তৰা সিংহৰ এটা সংস্কৰণ।২০২১

সংগীত আৰু বাদ্যযন্ত্ৰ

চীনা সিংহ নৃত্যত টাংগু (ঢোল) (চিংগাপুৰত ডাটাংগু), চিম্বল, আৰু গং বজাই সংগীতৰে সৈতে পৰিবেশন কৰা হয়। বাদ্যযন্ত্ৰবোৰে সিংহ নৃত্যৰ গতি আৰু ক্ৰিয়াৰ লগত সমন্বয় কৰে। ফুট ছান, হক ছান, ফুট হক, চৌ গাৰ আদি সকলোৱে নিজৰ নিজৰ বীট্ বেলেগ বেলেগ ধৰণে বজায়। প্ৰতিটো শৈলীয়ে এটা অনন্য বীট্ বজায়। ইলেক্ট্ৰনিক সঁজুলিৰ বিকাশৰ ফলত ফোন/টেবলেট/কম্পিউটাৰ/এমপি৩ প্লেয়াৰৰ জৰিয়তেও সংগীত বজাব পৰা হৈছে।

সচৰাচৰ প্ৰচলিত শৈলীটো হৈছে ছাৰ পিং সিংহৰ নৃত্যৰ বীট্। ইয়াত ২২টাতকৈও অধিক বিভিন্ন পৰীক্ষা আছে যিবোৰ আপুনি সিংহৰ গতি দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে, আনহাতে ফুট ছানৰ মাত্ৰ ৭টাহে আছে।

সাজপাৰ

সিংহ নৃত্যৰ অভিনয়ত ব্যৱহাৰ কৰা সাজ-পোছাক এছিয়াৰ গ্ৰাম্য অঞ্চলৰ বিশেষ শিল্পকলাৰ দোকানতহে নিজৰ ইচ্ছানুযায়ী নিৰ্মাণ কৰিব পাৰি। এছিয়াৰ বাহিৰৰ বেছিভাগ দেশৰ বাবে এই সাজ-পোছাক যথেষ্ট খৰচ কৰি আমদানি কৰিবলগীয়া হয়। যথেষ্ট চীনা জনসংখ্যা থকা মালয়েছিয়াৰ দৰে দেশসমূহত এই সাজ-পোছাক চীনৰ পৰা আমদানি নকৰাকৈয়ো হয়। আধুনিক দক্ষিণা সিংহ নৃত্যৰ বেছিভাগ সাজ-পোছাকৰ সৈতে মেট্চিং পেণ্টৰ চেট আহে, অৱশ্যে কিছুমান অনুশীলনকাৰীয়ে অধিক পৰম্পৰাগত দেখাবলৈ ক'লা কুংফু পেণ্ট ব্যৱহাৰ কৰে। আধুনিক সিংহ নৃত্যৰ সাজ-পোছাক অতি দীৰ্ঘস্থায়ী আৰু কিছুমান জলৰোধী।

ৱুছু/কুং ফুৰ সৈতে সম্বন্ধ

চীনৰ সিংহ নৃত্যৰ কুং ফু বা ৱুছুৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু নৃত্যশিল্পীসকল সাধাৰণতে স্থানীয় কুং ফু সংঘ অথবা বিদ্যালয়ৰ যুদ্ধ কলাৰ সদস্য। তেওঁলোকে নিজৰ সংঘত অনুশীলন কৰে আৰু কিছুমানে যুদ্ধ কলাৰ অন্যতম শাখা হিচাপে দক্ষতা আয়ত্ত কৰিবলৈ কঠোৰ প্ৰশিক্ষণ লয়। সাধাৰণতে দেখা যায় যে বিদ্যালয় এখনত যদি বহুতো ‘সিংহ’ থকা সক্ষম দল থাকে তেন্তে ই বিদ্যালয়খনৰ সফলতা প্ৰদৰ্শন কৰে। সাধাৰণতে কোনো কোনো অঞ্চলত ড্ৰেগন নৃত্যৰ সৈতে একেলগে ইয়াৰ অনুশীলনো কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Fan Pen Li Che. (2007). Chinese Shadow Theatre: History, Popular Religion, and Women Warriors. McGill-Queen's University Press. পৃ. 64. ISBN 978-0773531970
  2. ↑ Shang Shu - Yu Shu - Yi and Ji. Chinese Text Project
  3. ↑ Wang Kefen. (1985). The History of Chinese Dance. China Books & Periodicals. পৃ. 25–27. ISBN 978-0835111867
  4. ↑ Faye Chunfang Fei. (2002). Chinese Theories of Theater and Performance from Confucius to the Present. University of Michigan Press. পৃ. 24–25. ISBN 978-0472089239
  5. ↑ (2004). Hinc sunt leones — two ancient Eurasian migratory terms in Chinese revisited. International Journal of Central Asian Studies
  6. ↑ Berthold Laufer. (1976). Kleinere Schriften: Publikationen aus der Zeit von 1911 bis 1925. 2 v. পৃ. 1444. ISBN 978-3515026512
  7. ↑ Mona Schrempf. (2002). Amdo Tibetans in Transition: Society and Culture in the Post-Mao Era. Brill. পৃ. 164. ISBN 9004125965
  8. ↑ Marianne Hulsbosch. (2010). Asian Material Culture. Amsterdam University Press. পৃ. 112–118. ISBN 9789089640901
  9. ↑ Laurence E. R. Picken. (1984). Music for a Lion Dance of the Song Dynasty. Musica Asiatica: volume 4. Cambridge University Press. পৃ. 201. ISBN 978-0521278379
  10. ↑ Wolfgang Behr. (2004). Hinc sunt leones — two ancient Eurasian migratory terms in Chinese revisited. International Journal of Central Asian Studies
  11. ↑ Wilt L. Idema. (1985). The Dramatic Oeuvre of Chu Yu-Tun: 1379 - 1439. Brill. পৃ. 52. ISBN 9789004072916
  12. ↑ Wang Kefen. (1985). The History of Chinese Dance. China Books & Periodicals. পৃ. 53. ISBN 978-0835111867
  13. ↑ 漢書 卷二十二 ‧ 禮樂志第二
  14. ↑ 伎乐盛境. 佛教文化
  15. ↑ 洛陽伽藍記/卷一
  16. ↑ 通典/卷146. Tongdian Original text: 太平樂,亦謂之五方師子舞。師子摯獸,出於西南夷天竺、師子等國。綴毛為衣,象其俛仰馴狎之容。二人持繩拂,為習弄之狀。五師子各依其方色,百四十人歌太平樂,舞抃以從之,服飾皆作崑崙象。
  17. ↑ 《西凉伎》
  18. ↑ 陳正平. (2000). 唐詩趣談. Taiwan study published Ltd. পৃ. 140 –145. ISBN 978-9866318580
  19. ↑ Dorothy Perkins. (1998). Encyclopedia of China: History and Culture. Facts On File Inc. পৃ. 354. ISBN 978-0816026937
  20. ↑ Lion Dance. China Daily
  21. ↑ (13 February 2009). South Lion: the Guangzhou Lion Dance. Life of Guangzhou

সম্পৰ্কিত শ্ৰেণী

চীনা নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহ নৃত্য” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৮৪ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।