একুশে গ্ৰন্থমেলা, অমৰ একুশে গ্ৰন্থ মেলা (অমৰ একুশে গ্ৰন্থ মেলা) বা একুশে বই মেলা (একুশে বই মেলা) হ'ল বাংলাদেশৰ জাতীয় গ্ৰন্থমেলা যি প্ৰতি বছৰে ফেব্ৰুৱাৰীত আয়োজিত কৰা হয়। গোটেই ফেব্ৰুৱাৰী মাহত আয়োজিত এই গ্ৰন্থমেলা বাংলা একাডেমীয়ে আয়োজন কৰে। ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত বাংলা ভাষাক পূব পাকিস্তানৰ এটি স্বীকৃত ভাষা ঘোষণা কৰাৰ দাবীত প্ৰাণ দিয়া শ্বহীদৰ স্মৃতিত ই আয়োজিত।
ইতিহাস
১৯৭২ চনৰ ২১ ফেব্ৰুৱাৰী (যাক শ্বহীদ দিৱস আৰু পাছলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে জনা যায়) তাৰিখে মুক্তধাৰা প্ৰকাশন গোষ্ঠীয়ে এটি সৰু বিক্ৰী আৰম্ভ কৰিলে বাংলা একাডেমীৰ সমুখত।১ মুক্তধাৰাৰ চিত্তৰঞ্জন সাহাই আগভাগ লৈছিল এই বিক্ৰীত।২ আন আন বিক্ৰেতায়ো অনানুষ্ঠানিকভাৱে পাছলৈ যোগদান কৰিলে। লাহে লাহে, ই হৈ পৰিল বাংলাদেশৰ আটাইতকৈ জনপ্ৰিয় আৰু আনুষ্ঠানিক গ্ৰন্থমেলা।
১৮৭৮ চনত বাংলা একাডেমীয়ে আয়োজনৰ ভাৰ গ্ৰহণ কৰিলে। ১৯৮৪ চনত ইয়াৰ নাম ৰখা হ'ল 'অমৰ একুশে গ্ৰন্থমেলা'। উল্লেখনীয় যে, ১৯৯০ৰ দশকত আন এক জাতীয় গ্ৰন্থমেলা আৰম্ভ হ'ল, যাৰ নাম ঢাকা আন্তৰ্জাতিক গ্ৰন্থমেলা। এই গ্ৰন্থমেলা প্ৰতি ডিচেম্বৰত চৰকাৰে অনুষ্ঠিত কৰে।
আয়োজন
'বই মেলা'খন এখন গ্ৰন্থমেলা হিচাপে আৰম্ভ হৈছিল, কিন্তু সময়ৰ সৈতে, ই বাঙালী জাতিৰ সাংস্কৃতিক চেতনাক প্ৰতিফলিত কৰা এক জাতীয় সাংস্কৃতিক উৎসৱ হৈ উঠিল।৩ কিতাপ বিক্ৰীৰ উপৰি, বাংলা একাডেমীয়ে আন আন সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয় একুশে গ্ৰন্থমেলাত। কেইবাহাজাৰ লোকে কিতাপ কিনিবলৈ আৰু কিতাপ তথা লেখকৰ সান্নিধ্য লভিবলৈ গ্ৰন্থমেলাৰ মৈদানলৈ প্ৰতি বছৰে যায়। প্ৰৱেশত কোনো মাচুল লোৱা নহয়। বাংলাদেশৰ গ্ৰন্থ প্ৰকাশকসকলে গোটেই বছৰ তৈয়াৰী কৰে এই গ্ৰন্থমেলাৰ বাবে।
২০০৮ চনত ৩৬২ বিপণী তৈয়াৰ কৰা হৈছিল বিভিন্ন প্ৰকাশক আৰু বিক্ৰেতাৰদ্বাৰা, যাৰে ভিতৰত আছিল বাংলা একাডেমী আৰু নজৰুল ইনষ্টিটিউট।৪ মেলাৰ ভিতৰে বাহিৰে বিভিন্ন বেনাৰ, ফেষ্টুন আৰু প্লেকাৰ্ড লগোৱা হয়, একুশে ফেব্ৰুৱাৰীৰ স্মৃতিত। সাধাৰণতে চৰকাৰৰ মুৰব্বীয়ে এই গ্ৰন্থমেলাৰ উদ্বোধন কৰে। দূৰদৰ্শনত উদ্বোধনী সভা পোণপটীয়াকৈ প্ৰচাৰ কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ Bangla Academy
- ↑ www.thefinancialexpress-bd.com/search_index.php? Ekushey Book Fair begins today
- ↑ Bangla Academy
- ↑ The Jaijaidin - Internet:.. Edition
- ↑ www.thefinancialexpress-bd.com/search_index.php? Ekushey Book Fair begins today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰ একুশে গ্ৰন্থমেলা” প্ৰবন্ধৰ সংশোধন ৫৪৯২৭০ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।