অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাধাষ্টমী

ৰাধাষ্টমী ( Radhashtami) কৃষ্ণ দেৱতাৰ প্ৰধান সংগী ৰাধা দেৱীৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু ধৰ্মীয় দিৱস। ভাদ মাহৰ (আগষ্ট - ছেপ্টেম্বৰ) শুক্লপক্ষৰ অষ্টম দিনত (অষ্টমী তিথিত) তেওঁৰ জন্মস্থান বৰসনা আৰু সমগ্ৰ ব্ৰজ অঞ্চলত পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পিছত ৰাধাষ্টমী পৰে।

হালনাগাদ: ১৪ জুলাই ২০২৪ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাধাষ্টমী ( Radhashtami) কৃষ্ণ দেৱতাৰ প্ৰধান সংগী ৰাধা দেৱীৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু ধৰ্মীয় দিৱস।১২ ভাদ মাহৰ (আগষ্ট - ছেপ্টেম্বৰ) শুক্লপক্ষৰ অষ্টম দিনত (অষ্টমী তিথিত) তেওঁৰ জন্মস্থান বৰসনা আৰু সমগ্ৰ ব্ৰজ অঞ্চলত পালন কৰা হয়।১৩৪ কৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পিছত ৰাধাষ্টমী পৰে।২

একশৰণ নাম ধৰ্মত ৰাধাক কৃষ্ণৰ চিৰন্তন সংগী হিচাপে শ্ৰদ্ধা কৰা হয় আৰু তেওঁৰ প্ৰতি থকা নিশ্চৰ্ত প্ৰেম আৰু অটল ভক্তিৰ বাবে পূজা কৰা হয়।৫৬ ৰাধা অষ্টমী উৎসৱ উদযাপনৰ পৰা অনুমান কৰিব পাৰি যে, দেৱী ৰাধা মানুহৰ সামাজিক জীৱনত পৰিচালিত হোৱা সাংস্কৃতিক-ধৰ্মীয় বিশ্বাস ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ৷৭

ইতিহাস

ৰাৱালৰ লাডলীলাল মন্দিৰত শিশু ৰাধা
ৰাৱালৰ লাডলীলাল মন্দিৰত শিশু ৰাধাছবি: Kridha20 · CC BY-SA 4.0

সংস্কৃত শাস্ত্ৰ পদ্ম পুৰাণৰ ৭ নং অধ্যায়ত ৰাধা-অষ্টমী উৎসৱৰ লগত জড়িত বিশদ তথ্য আৰু ৰীতি-নীতিৰ বিষয়ে উল্লেখ কৰা আছে৷৮ স্কন্দ পুৰাণৰ বিষ্ণু খণ্ডত ঈশ্বৰ কৃষ্ণৰ ১৬,০০০ গোপী আছিল বুলি উল্লেখ আছে যাৰ ভিতৰত দেৱী ৰাধা আছিল সকলোতকৈ মুখ্য৷৯ ৰজা বৃষভানু আৰু তেওঁৰ পত্নী কীৰ্তিদাই দেৱী ৰাধাক পুখুৰীৰ সোণৰ পদুম ফুলৰ মাজত পাইছিল। লোককথা অনুসৰি, ৰাধাই জন্মিয়ে জগতখন চাবলৈ চকু মেলিব পৰা নাছিল, যেতিয়ালৈকে কৃষ্ণ নিজেই তেওঁৰ সম্মুখত আবিৰ্ভাৱ হোৱা নাছিল। ১০

উদযাপন

ৰাধা-অষ্টমীত ৰাধা-কৃষ্ণৰ সুসজ্জিত মূৰ্তি
ৰাধা-অষ্টমীত ৰাধা-কৃষ্ণৰ সুসজ্জিত মূৰ্তিছবি: Suvajit Dey · CC BY-SA 4.0

ৰাধা বল্লভ সম্প্ৰদায়, গৌড়ীয় বৈষ্ণৱ ধৰ্ম, নিম্বৰক সম্প্ৰদায়, পূষ্ঠিমাৰ্গ আৰু হৰিদাসী সম্প্ৰদায়ৰ পৰম্পৰাৰ লগত জড়িত বিভিন্ন মন্দিৰত ৰাধা-অষ্টমী পালন কৰা হয়৷ ৰাধা বল্লভ মন্দিৰ, বৃন্দাবন আৰু সেৱা কুঞ্জত এই উৎসৱৰ ন দিনলৈকে উদযাপন চলি থাকে। অনুষ্ঠানত ৰাধা আৰু কৃষ্ণৰ শোভাযাত্ৰাৰ আয়োজন, খাদ্য আৰু কাপোৰ বিতৰণ, সংগীত আৰু নৃত্য আদিৰ ব্যৱস্থা কৰা হয়৷৬

পৰম্পৰাগতভাৱে গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ (ইস্কন ভক্তসকলো অন্তৰ্ভুক্ত) অনুগামী আৰু দেৱী ৰাধাৰ ভক্তসকলে ৰাধা অষ্টমী ব্ৰত পালন কৰে। ভক্তসকলে সাধাৰণতে এই দিনটোত দিনৰ সময়ত উপবাসে থাকে। কিন্তু, কিছুমান ভক্তই একাদশী তিথি পালনৰ দৰে সম্পূৰ্ণ দিন আৰু কিছুমানে পানী নোখোৱাকৈও এই ব্ৰত পালন কৰে। ইস্কন মন্দিৰত এই দিনটোত ৰাধাৰাণীৰ মহাভিষেক (এটা স্নান অনুষ্ঠান) আয়োজন কৰা হয়।১১১২১৩

ব্ৰজ ধামত ৰাধাঅষ্টমী আনুষ্ঠানিকভাৱে পালন কৰা হয়। ৰাধাষ্টমীৰ দিনা ৰাধা কৃষ্ণৰ মূৰ্তিক পৰম্পৰাগতভাৱে সম্পূৰ্ণ ফুল আৰু অলংকৃত সাজ-পোছাক পৰিধান কৰোৱা হয়। ইয়াৰ উপৰিও ৰাধাঅষ্টমী একমাত্ৰ দিন, যিদিনা ভক্তসকলে ৰাধাৰ ভৰিৰ দৰ্শন (দৃষ্টি) লাভ কৰিব পাৰে। বাকী সকলো দিনতে ৰাধাৰ পদযুগল ঢাকি থোৱা থাকে৷১৪ ৰাধাঅষ্টমীৰ আৰম্ভণি হয় পৰম্পৰাগত স্নানেৰে। ঘৰত আৰু মন্দিৰত দেৱী ৰাধাৰ মূৰ্তিক স্নান কৰাই পঞ্চামৃত যচা হয় - গাখীৰ, ঘিউ, মৌ, চেনি আৰু দৈৰ পাঁচটা ভিন্ন খাদ্যমিশ্ৰণৰ সংমিশ্ৰণ আৰু তাৰ পিছত তেওঁক নতুন সাজ-পোছাক পৰিধান কৰা হয়। তাৰ পিছত তেওঁক ভোগ' (খাদ্য) আগবঢ়োৱা হয়। এই দিনটোত ভক্তসকলে ভক্তিমূলক গীত গাই দম্পতী ৰাধা কৃষ্ণ আৰু তেওঁলোকৰ গুণ লীলাৰ প্ৰশংসা কৰে। শেষত, এই দিনটো উদযাপনৰ বাবে প্ৰসাদ'' হিচাপে খাদ্য পৰিবেশন কৰা হয়।১৫

ৰাধাঅষ্টমী বিশেষভাৱে হিমাচল প্ৰদেশৰ চৰকাৰী পৃষ্ঠপোষকতাত হোৱা মণিমহেশ হ্ৰদৰ পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ, যাক মণিমহেশ যাত্ৰা বোলা হয়৷ এই যাত্ৰাত "পৱিত্ৰ ছৰি"(তীৰ্থযাত্ৰীসকলে কান্ধত কঢ়িয়াই নিয়া পৱিত্ৰ লাঠি) খালী ভৰিৰে ঈশ্বৰ শিৱৰ গীত গাই আৰু নাচি তীৰ্থযাত্ৰীসকলে হাডছৰৰ নিকটতম পথৰ পৰা মণিমাহেশ হ্ৰদলৈকে ১৪ কিলোমিটাৰ (৮.৭ মাইল) দূৰত্বৰ এই যাত্ৰা আৰম্ভ কৰে। কৃষ্ণ জন্মাষ্টমীৰ পৰা আৰম্ভ হোৱা মণিমহেশ যাত্ৰা, পোন্ধৰ দিনৰ পিছত ৰাধাঅষ্টমীত শেষ হয়৷১৬

তথ্যসূত্ৰ

  1. ↑ Lochtefeld, James G. (2002). The Illustrated Encyclopedia of Hinduism: N-Z. Rosen. পৃ. 544. ISBN 978-0-8239-3180-4
  2. ↑ Ph.D, Lavanya Vemsani. (2016-06-13). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃ. 223–224. ISBN 978-1-61069-211-3
  3. ↑ Bhadrapada Festivals
  4. ↑ (6 September 2019). Radhastami celebrations at ISKCON temple today
  5. ↑ Lochtefeld, James G. (2002). The Illustrated Encyclopedia of Hinduism: N-Z. Rosen. পৃ. 544. ISBN 978-0-8239-3180-4
  6. ↑ Ph.D, Lavanya Vemsani. (2016-06-13). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃ. 223–224. ISBN 978-1-61069-211-3
  7. ↑ Mohanty, Prafulla Kumar. (2003). Mask and Creative Symbolisation in Contemporary Oriya Literature: Krishna, Radha and Ahalya. Indian Literature. পৃ. 181–189
  8. ↑ Vyasa, Veda. Padma Purana in English Translation PDF. পৃ. 1583–1584
  9. ↑ Radha Ashtami festival
  10. ↑ (30 August 2017). Radha Ashtami 2017: Significance, Mahurat Timings, Prasad and Pooja Rituals
  11. ↑ (6 September 2019). Radhastami celebrations at ISKCON temple today
  12. ↑ (27 August 2009). An ashtami that marks Radha's birthday
  13. ↑ (30 August 2017). Radha Ashtami 2017: Significance, Mahurat Timings, Prasad and Pooja Rituals
  14. ↑ (27 August 2009). An ashtami that marks Radha's birthday
  15. ↑ Melton, J. Gordon. (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations (2 volumes): An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 732–733. ISBN 978-1-59884-205-0
  16. ↑ Radhashtami is fifteen days after Krishna Janmashtami

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধাষ্টমী” প্ৰবন্ধৰ সংশোধন ৪২৫৮৯২ (১৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।