অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

যুগান্তৰৰ তেজাল পুৱা

যুগান্তৰৰ তেজাল পুৱা (Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

যুগান্তৰৰ তেজাল পুৱা (Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ।১ স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জন্‌ছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জন্‌ছ মহলীয়াই। সংগীত দেৱজিত চৌধুৰীৰ।২ ছবিৰ কাহিনীত তৎকালীন অসমৰ উগ্ৰপন্থী সমস্যাৰ সামান্য প্ৰভাৱ দেখা যায়।

জন্‌ছ মহলীয়াই পূৰ্বে পৰিচালনা কৰা দূৰণীৰ ৰঙ আৰু বহাগৰ দুপৰীয়াই বক্স অফিচত সফলতা লাভ কৰাৰ বিপৰীতে 'যুগান্তৰৰ তেজাল পুৱা'ই বক্স অফিচত মুখ থেকেচা খায়।৩

কাহিনীৰ সাৰাংশ

যুব সাংবাদিক অজয়ৰ হত্যাৰে ছবিৰ আৰম্ভণি হয়। অজয়ৰ হাতত এটা গোপন ফাইল আছিল, য’ত খলনায়ক ধৰণী চৌধুৰীৰ কুকীৰ্তিৰ প্ৰমাণ সঞ্চিত হৈ আছিল। চৌধুৰী যথেষ্ঠ প্ৰভাৱশালী ব্যক্তি। পুলিচ তথা ৰাজনৈতিক নেতাৰ তেওঁৰ সৈতে সু-সম্পৰ্ক। এই ফাইলটোৰ বাবেই তেওঁ অজয়ক হত্যা কৰিলে যদিও ফাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। চৌধুৰীৰ ধাৰণা ফাইলটো ক’ত আছে, অজয়ৰ বন্ধু গৌৰৱে জানে।

ফাইলটো উদ্ধাৰ কৰিবলৈ চৌধুৰীয়ে বিভিন্ন কূটকৌশল আৰম্ভ কৰিলে। তেওঁৰ বিৰুদ্ধে নিৰন্তৰ বাতৰি-কাকতত লিখি থকাত কাকতৰ সম্পাদক প্ৰকাশ দত্তক হত্যা কৰা হ’ল। গৌৰবকো হত্যা কৰাৰ পৰিকল্পনা কৰিলে। ধৰণী চৌধুৰীৰ অপকৰ্মৰ বিৰুদ্ধে গৌৰৱ আৰু কিছু বিদ্ৰোহী যুৱকে মাৰ বান্ধি থিয় দিলে। আনকি চৌধুৰীৰ জীয়ৰী ময়ুৰী, যিয়ে গৌৰবক ভাল পায়, তেৱোঁ বাপেকৰ বিৰুদ্ধে অৱস্থান ল’লে। পৰিস্থিতি এনেকুৱা হ’ল যে নিজ পত্নীয়ে অৱশেষত চৌধুৰীক গুলীয়াই মাৰিলে।২

অভিনয় শিল্পী

  • নিপন গোস্বামী (গুণসিন্ধু বৰুৱা)
  • উপকুল বৰদলৈ (ধৰণী চৌধুৰী)
  • পূৰ্ণিমা পাঠক শইকীয়া (ময়ুৰীৰ মাক)
  • অৰুণ নাথ (প্ৰকাশ দত্ত)
  • শেখৰ গৌতম (গৌৰৱ)
  • টিনা বাৰ্লা (ময়ুৰী)
  • মুকুল শইকীয়া
  • ভাস্কৰ বৰা
  • বিক্ৰম হাজৰিকা
  • চবিন ৰাজখোৱা
  • দেৱজিত মজুমদাৰ
  • মুকুল দাস
  • পবন দত্ত
  • ক্ষীৰোদ শৰ্মা
  • অমূল্য কাকতি
  • কৃষ্ণা দাস নাথ
  • সাগৰিকা গোস্বামী
  • নীলাক্ষী দেৱী২

সংগীত

সংগীত পৰিচালনা কৰিছে দেৱজিত চৌধুৰীয়ে। গীত ৰচনা অপূৰ্বজ্যোতি ভূঞাৰ। কণ্ঠদান কৰিছে শান্তা উজীৰ. দিলীপ চৌধুৰী, দেৱজিত চৌধুৰী, অৰ্পণা চৌধুৰী, ঋতু বিকাশ, চেমিমা বেগম, পুলক বেনাৰ্জী আদিয়ে।২

তথ্যসূত্ৰ

  1. ↑ Released Assamese Feature Films. www.enajori.com/
  2. ↑ Watch Jugantarar Tejal Puwa. www.mxplayer.in
  3. ↑ Jones Mahalia: Life and Work. kothasobi.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুগান্তৰৰ তেজাল পুৱা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৭৩ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।