অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷১ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷২ এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷
ইতিহাস
ভোগেশ্বৰ বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ পিছত অ'এনজিচিত চালক হিচাপে কৰ্মৰত হৈ আছিল। এই কথাটো 'অভিৰুচি' আলোচনীৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ দৃষ্টিগোচৰ হৈছিল। বৰুৱাক (যিহেতু তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল) চালকৰ পদ দিয়াৰ বাবে চক্ৰৱৰ্তীয়ে অ'এনজিচিক গৰিহণা দি এক প্ৰবন্ধ প্ৰকাশ কৰিছিল আৰু ইয়াক ৰাজ্যখনৰ বাবে অতি লজ্জাজনক বুলি অভিহিত কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু সাংসদ দীনেশ চন্দ্ৰ গোস্বামীলৈ এখন আৱেদন পত্ৰ প্ৰেৰণ কৰিছিল। এই বিতৰ্কৰ পিছত, ১৯৮৩ চনত অ'এনজিচিয়ে ক্ৰীড়া বিষয়াৰ পদটো দেৰাডুনৰ পৰা শিৱসাগৰলৈ স্থানান্তৰ কৰে আৰু বৰুৱাক সেই পদত নিযুক্তি দিয়ে।
পিছলৈ চক্ৰৱৰ্তী আৰু 'অভিৰুচি' আলোচনীয়ে বৰুৱাক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁৰ জন্মদিনটো "অভিৰুচি ক্ৰীড়া দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিয়নো চক্ৰৱৰ্তীয়ে অনুভৱ কৰিছিল যে বেছিভাগ অসমীয়া লোক বৰুৱাৰ সাফল্যৰ বিষয়ে অৱগত নাছিল। বৰুৱাই তেওঁৰ আত্মীয়সকলৰ সৈতে নিজৰ জন্ম তাৰিখৰ বিষয়ে আলোচনা কৰাৰ পিছত ইংৰাজী বৰ্ষপঞ্জীৰ ৩ ছেপ্টেম্বৰ তাৰিখটো এই দিৱসৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৮৪ চনৰ ৩ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত হৈছিল। পিছলৈ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে এই দিৱসৰ আয়োজক সমিতিৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ হিচাপে দায়িত্ব লৈছিল।৩৪
প্ৰভাৱ
তাৎপৰ্য
কমলেশ মেহতা অভিৰুচি ক্ৰীড়া দিৱসক এক "অনন্য পদক্ষেপ" বুলি অভিহিত কৰিছিল। কাৰণ এই দিৱসৰ দ্বাৰা বৰুৱাক তেওঁৰ জীৱিত কালতে সন্মান জনোৱা হৈছিল। ২০০৭ চনত চক্ৰৱৰ্তীয়ে উল্লেখ কৰিছিল যে ক্ৰীড়া দিৱসটোৱে বৰুৱাক "ৰাজ্যখনৰ প্ৰায় প্ৰতিঘৰ মানুহৰে এক চিনাকি মুখ" কৰি তোলাত যথেষ্ট অৰিহণা যোগাইছে।৫
চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে এজন ছাত্ৰ হিচাপে এই অনুষ্ঠানৰ প্ৰথম উদযাপনত অংশগ্ৰহণ কৰিছিল আৰু ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ আয়োজক দলটোৰ হৈ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। তেওঁ ২০২২ চনত উল্লেখ কৰিছিল, ভাৰতৰ আন ক'তো এজন খেলুৱৈৰ জন্মদিন ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় বুলি তেওঁ নাভাবে (অসমত অভিৰুচিৰ পদক্ষেপৰ ২৮ বছৰৰ পিছতহে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰম্ভ হৈছিল)।৬
বানপানী আৰু ক'ভিড-১৯ মহামাৰীকে ধৰি বিভিন্ন পাৰিপাৰ্শ্বিক বা ৰাজনৈতিক সমস্যাৰ মাজতো অনুষ্ঠানটোৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হৈছিল। ৰাজ্যখনত ক্ৰীড়াৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰি থকা বিভিন্ন ক্ৰীড়া সংস্থাসমূহক অধিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে ৰাজনৈতিকভাৱে ক্ৰীড়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবেও এই অনুষ্ঠানটো আয়োজন কৰা হৈছে।
সাংস্কৃতিক ভূমিকা
২০০৭ চনৰ অভিৰুচি ক্ৰীড়া দিৱসত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিদ্যালয় পৰ্যায়ৰ ক্ৰীড়াত বিশেষ গুৰুত্ব প্ৰদানৰ আহ্বান জনাইছিল। সেই দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৫০০০ দৌৰবিদৰ ভিতৰত বহুসংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছিল।৭
খেলুৱৈৰ স্বীকৃতি
মূল প্ৰবন্ধ: ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা
২০২৫ চনত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা আৰম্ভ কৰা হৈছিল। অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা ৰাষ্ট্ৰীয় আৰু অসম দুয়োটা পৰ্যায়তে শ্ৰেষ্ঠ খেলুৱৈ, উদীয়মান খেলুৱৈ আৰু জীৱনজোৰা সাধনাৰ শিতানত প্ৰদান কৰা হৈছিল। ক্ৰীড়া বঁটাৰ এই উদ্বোধনী অনুষ্ঠানত লাভলিনা বৰগোহাঁই, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট অসমীয়া খেলুৱৈ আৰু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।৮৯
অৰ্থনৈতিক প্ৰভাৱ
২০১৬ চনত অভিৰুচি ক্ৰীড়া দিৱসৰ সময়ত "ৰান ৰেইজ ৰেছপণ্ড" নামৰ এটা হাফ মাৰাথন অনুষ্ঠিত কৰা হৈছিল, যাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ স্থানীয় উদ্যোগীসকলক প্ৰত্যক্ষভাৱে সহায় কৰিবলৈ আৰু বান সাহায্য কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ ধন সংগ্ৰহ কৰা হৈছিল।১০
অধিক পঢ়ক
তথ্যসূত্ৰ
- ↑ (১ আগষ্ট ২০২২). Abhiruchi Sports Day to be celebrated on September 3 in Guwahati. ছেণ্টিনেল আছাম
- ↑ অভিৰুচি ক্ৰীড়া দিৱস. শব্দ (অভিধান)
- ↑ (2022-09-03). What is Abhiruchi Sports Day? Why is it celebrated in Assam on September 3?. thenewsmill.com
- ↑ (5 September 2007). Athletics academy on anvil - Abhiruchi to tap talent. The Telegraph India
- ↑ (2007-09-05). Athletics academy on anvil - Abhiruchi to tap talent. The Telegraph India
- ↑ (2022-09-03). What is Abhiruchi Sports Day? Why is it celebrated in Assam on September 3?. The News Mill
- ↑ {{Cite web|title=5000 joggers run for Barua - 24th abhiruchi day observed across state|url=https://www.telegraphindia.com/north-east/5000-joggers-run-for-barua-24th-abhiruchi-day-observed-across-state/cid/1600777|access-date=2025-11-04|website= ২০২৩ চনত লাইশ্ৰাম চৰিতা দেৱীয়ে উল্লেখ কৰিছিল যে অভিৰুচি ক্ৰীড়া দিৱসত বৰুৱাক জনোৱা সন্মানে "নতুন প্ৰজন্মক ক্ৰীড়াক্ষেত্ৰলৈ আহিবলৈ অনুপ্ৰাণিত কৰাত" সহায় কৰিব। অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৪ চনৰ অভিৰুচি ক্ৰীড়া দিৱসত যুৱ খেলুৱৈসকলক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ উৎসাহ যোগাইছিল।<ref>Abhiruchi Sports Day celebrated in Guwahati city. The Sentinel
- ↑ (2025-07-06). Sports award announced in honour of Bhogeshwar Baruah. The Times of India
- ↑ (2025-07-07). AOA to introduce National Sports Award in honour of Bhogeswar Baruah. The Sentinel
- ↑ Rudreswar Deka emerges winner of 'Run Raise Respond' North East - Guwahati Half-Marathon on Abhiruchi Sports Day. www.business-standard.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিৰুচি ক্ৰীড়া দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৩৯ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।