অসম আৰ্হিৰ স্থাপত্য ভাৰতৰ অসমত উত্তৰ-আধুনিক কালত উদ্ভৱ হোৱা স্থাপত্যশৈলী। এই স্থাপত্যশৈলীৰ স্থাপত্য ঘাইকৈ অসম আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলত দেখা যায়। এই শৈলীত নিৰ্মিত ঘৰক অসম আৰ্হিৰ ঘৰ বুলি জনা যায়। সাধাৰণতে এনে আৰ্হিৰ ঘৰসমূহ এমহলীয়া বা বহুমহলীয়া হোৱা দেখা যায়।১ অসম আৰ্হিৰ স্থাপত্যশৈলীৰ বিশেষত্ব হ'ল এই শৈলীত নিৰ্মিত ঘৰ ভূমিকম্প প্ৰতিৰোধী।২ এই শৈলীত ঘাইকৈ স্থানীয় ভাবে উপলব্ধ কাঠ-বাঁহকে আদি কৰি তীখা আৰু কংক্ৰীট নিৰ্মাণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়।৩৪
ইতিহাস
ব্ৰিটিছ সকল অসমত অহাৰ আগতে অসমৰ আঢ্যৱন্ত লোকসকলে দীঘলীয়া পদূলি মুখত আলহীক আদৰিবলৈ বাটচৰা, বাটচৰা পাৰ হৈ পৰ্য্যায় ক্ৰমে গোঁসাইঘৰ, চৰাঘৰ, বৰঘৰ, মাৰলঘৰ, সৰুঘৰ, শোৱনীঘৰ, ৰান্ধনি ঘৰ, ঢেঁকীঘৰ, তাঁতশাল, গোঁহালী, পুখুৰী আৰু ভড়াল, বাটচৰাৰ পাছতে আগচোঁতাল, পিছফালে এখন ভিতৰ চোতাল, সন্মুখত ফুলনি, পাছফালৰ শাকনি বাৰী আদিৰে ঘৰত বসবাস কৰিছিল। দুখীয়ালোকসকলে খেৰৰ জুপুৰি বা পোৰা মাটিৰ টালিৰ ঘৰত বাস কৰিছিল। মজিয়া কেঁচা আৰু বেৰ মাটিৰে লিপা হৈছিল। এইবোৰৰ নিৰ্মাণকাৰ্যত কাঠ, বাঁহ, আদি স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। ৰজা সকলে পোৰা মাটিৰ ইটা ব্যৱহাৰ কৰিছিল। ব্ৰিটিছ সকল অসমলৈ অহাৰ লগে লগে অসমত বৈজ্ঞানিক পদ্ধতিৰ আগমন ঘটিল। ব্ৰিটিছ অভিযন্তা সকলে বৈজ্ঞানিক জ্ঞানৰ সহায়ত প্ৰাকৃতিক পৰিৱেশৰ সামগ্ৰীৰে এক নতুন পদ্ধতিৰ উদ্ভাৱন কৰিলে। তেওঁলোকে নতুন শৈলীৰে নিৰ্মাণ কৰা ঘৰ সমূহক বৰ্তমান অসম আৰ্হিৰ ঘৰ বুলি জনা যায়। ঔপনিবেশিক কালৰ পৰা এই স্থাপত্যশৈলীৰ উন্নীতকৰণৰ ফলত বৰ্তমান অৱস্থা লাভ কৰিছে।৪
অসম আৰ্হিৰ স্থাপত্যৰ উপাদান
গঠন
অসম আৰ্হিৰ স্থাপত্যশৈলীৰ ঘৰ সমূহ সমতল বা পাহাৰৰ হেলনীয়া তল দুয়োটাতে নিৰ্মাণ কৰা হয়। সমতল অঞ্চলত গৃহসমূহৰ ভূমি সাধাৰণতে আয়তাকাৰ বা ইংৰাজী বৰ্ণ "L" বা "C"ৰ আৰ্হিৰ। পাহাৰীয়া অঞ্চলত ঘাইকৈ আয়তাকাৰ আকাৰৰ ভূমি নিৰ্মাণ কৰা হয়। ঘৰৰ মুধচ প্ৰচুৰ বৃষ্টিপাতৰ পৰা বাচিবলৈ যথেষ্ট ওখকৈ সজা হয়। ঘৰৰ বেৰ সাধাৰণতে কাঠৰ ফ্ৰেম ব্যৱহাৰ কৰি চিমেণ্টেৰে প্লাষ্টাৰ কৰা হয়।৫ কোঠা সমূহত ওখকৈ চিলিং থাকে আৰু বতাহ চলাচলৰ সু ব্যৱস্থা থাকে।৬ মজিয়াখন সাধাৰণতে কাঠৰ বা কংক্ৰীটৰ থাকে। কংক্ৰীটৰ মজিয়াত টাইল আৰু মাৰ্বলো ব্যৱহাৰ কৰা হয়। কিছুমান অঞ্চলত চাং ঘৰৰ আৰ্হিত তলৰ মহলা এৰি ওপৰত ওখকৈ সজা হয়।৭
বিন্যাস
অসম আৰ্হিৰ ঘৰৰ বিন্যাসত সাধাৰণতে বহা কোঠা, বাৰাণ্ডা, পাকঘৰ, শুৱনি কোঠা আৰু গা-ধোৱা ঘৰ থাকে।৮ কিছুমানত প্ৰয়োজন সাপেক্ষে দীঘলীয়া হ'ল, কৰিড'ৰ আদি থাকে। এনে কৰিড'ৰ ঘাইকৈ বিদ্যালয়-মহাবিদ্যালয় আৰু কাৰ্যালয় আদিত দেখা পোৱা যায়।
উল্লেখযোগ্য উদাহৰণ
- চন্দ্ৰকান্ত সন্দিকৈ ভৱন
- কটন বিশ্ববিদ্যালয়
- অসম চিকিৎসা মহাবিদ্যালয়
- ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
তথ্যসূত্ৰ
- ↑ Tea planter’s punch. www.telegraphindia.com
- ↑ Assam debates safe house structures. www.telegraphindia.com
- ↑ Kaushik, Hemant; Ravindra Babu, K. S. (2009-02-20). Housing Report: Assam-type House. World Housing Encyclopedia. Earthquake Engineering Research Institute (EERI) and International Association for Earthquake Engineering (IAEE). পৃ. 2
- ↑ (2016-04-15). Amazing Facts About Traditional Assam Type House- RoofandFloor. RoofandFloor
- ↑ Golaghat gets a place of pride - Planter converts ancestral bungalow into modern club. www.telegraphindia.com
- ↑ Back then, at the burra bungalows of tea estates. www.telegraphindia.com
- ↑ (2017-09-21). What to learn from traditional Assamese Houses. Happho
- ↑ Panorama, Eastern. IN THE LAP OF GREEN TEA PLANTS. Eastern Panorama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম আৰ্হিৰ স্থাপত্য” প্ৰবন্ধৰ সংশোধন ৫৪৪৪৩৬ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।