অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সূৰ্যাস্ত (চলচ্চিত্ৰ)

সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৭ মে' ২০১৩ তাৰিখে মুক্তি পোৱা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব। পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৭ মে' ২০১৩ তাৰিখে মুক্তি পোৱা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব।১ পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।২

কাহিনী

নমিতা চলিহা (আঙুৰলতা ডেকা) এগৰাকী জনপ্ৰিয় লেখিকা। অসংখ্য গুণমুগ্ধ আছে তেওঁৰ। প্ৰচুৰ নাম-যশ থকা লেখিকাগৰাকীক এতিয়া লাগে এক ডাঙৰ বঁটা। তেওঁৰে স্বামী হৈছে কেৱল প্ৰমোচনৰ আশাত থকা এ ছি এছ বিষয়া অনুপ চলিহা (মৃদুল চুতীয়া)। তেওঁলোকৰ সন্তান হৈছে আঠ বছৰীয়া নিয়াৰকণা (ৰ'দালি)। মাতৃ জনপ্ৰিয় লেখিকা হোৱাৰ সুবাদতে মাতৃৰ চেনেহৰ পৰা সন্তানক বঞ্চিত কৰি সাহিত্য সভাৰ সভাপতি, জনপ্ৰিয় দৈনিক কাকতৰ সাহিত্য পৃষ্ঠাৰ সম্পাদকৰ সৈতে ঘনিষ্ঠতা বজায় ৰাখে বঁটা আদি পাবৰ বাবে। ইফালে, পিতৃয়ে মন্ত্ৰীৰ সৈতে ভাল সম্পৰ্ক থকা এটি স্বেচ্ছাসেৱী সন্থাৰ মুৰব্বী জুৰি বৰুৱাৰ প্ৰেমত বলিয়া হোৱাৰ উপৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। কেৱল এটাই স্বাৰ্থ তেওঁৰ, চাকৰিত পদোন্নতি লাগে। মাতৃয়েও সাহিত্য পৃষ্ঠাৰ সম্পাদকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে নিজৰ গ্ৰন্থৰ উৎকৃষ্ট সমালোচনা প্ৰকাশ কৰিবৰ বাবে। নিজ সন্তানৰ বাবে তেওঁলোকৰ অলপো সময় নাই। সন্তান ডাঙৰ হৈছে ঘৰৰ বন কৰা ছোৱালীৰ হাতত। নিজৰ নাম, যশ, প্ৰতিপত্তি বঢ়োৱাৰ স্বাৰ্থতে পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।২৩৪

নিৰ্মাণ কাহিনী

পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই ২০১১ চনৰ ৩১ ডিচেম্বৰ তাৰিখে শিশুৰ মনস্তত্ত্বক লৈ এখন ছবি নিৰ্মান কৰাৰ কথা গুৱাহাটীত ঘোষনা কৰে আৰু চিত্ৰগ্ৰহণৰ কাম ২০১২ বৰ্ষৰ এপ্ৰিলৰ পৰা হ'ব বুলি জানিবলৈ দিয়ে।১৫ ডেকা পৰিচালিত এইখন তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। আগৰ দুখন হৈছে: ধুনীয়া তিৰোতাবোৰ (২০০৯) আৰু সমীৰণ বৰুৱা আহি আছে (২০১২)। ছবিখনৰ চিত্ৰগ্ৰহণ সময় মতেই আৰাম্ভ হয়। চিত্ৰগ্ৰহণ কৰা হয় গুৱাহাটী,৩ সোণাপুৰ২ আদি লোকেচনত। চিত্ৰগ্ৰহণ কৰা হৈছে কেনন ফাইভ ডি কেমেৰাৰে।২

সূৰ্যাস্তৰ সম্পাদনা আৰু ডাবিঙৰ কাম জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত কৰা হ'ব।৪ ছবিখনৰ নিৰ্ধাৰিত দৈৰ্ঘ্য ১ ঘণ্টা ৩০ মিনিট।১

অভিনয় শিল্পী

তথ্যসূত্ৰ

  1. ↑ (January 01, 2012). Prodyut Deka to make film on child psychology. Times of India. TNN
  2. ↑ দাস, অৰুণলোচন. (২৫ মে', ২০১২). সূৰ্যাস্ত: সোণাপুৰৰ লোকেচনত. দৈনিক অসম
  3. ↑ মেনা, উৎপল. (১৬ মে', ২০১২). সূৰ্যাস্তৰ ফ্ল'ৰত. আজিৰ দৈনিক বাতৰি
  4. ↑ (১ জুন, ২০১২). জনপ্ৰিয় লেখিকা-প্ৰশাসনীয় বিষয়াৰ সন্তানৰ কৰুণগাথাৰে সূৰ্যাস্ত. অসমীয়া খবৰ
  5. ↑ (January 01, 2012). New Assamese film announced. The Sentinel

সম্পৰ্কিত শ্ৰেণী

২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্যাস্ত (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৮০২১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।