ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film and Television Institute) পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান।১ প্ৰথম অৱস্থাত এই প্ৰতিষ্ঠানটো গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ এক অংশ আছিল। জ্যোতি চিত্ৰবন ষ্টুডিঅ'ৰ নামকৰণ কৰা হৈছিল প্ৰথম অসমৰ চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত। ১৯৬৮ চনত এই ষ্টুডিঅ' মুকলি কৰা হৈছিল। ১৯৯৯ চনত জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে 'জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান' বুলি অভিহিত কৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সংশ্লিষ্ট বিষয়ৰ শিক্ষা প্ৰদানৰ এক অনুষ্ঠানৰ গঢ় দিয়া হয়। ২০১১ চনত ই জ্যোতি চিত্ৰবনৰ পৰা পৃথক হৈ সুকীয়া অনুষ্ঠান ৰূপে স্বীকৃতি পায়। অসম আৰু উত্তৰ-পূব ভাৰতত এইখন চলচ্চিত্ৰ আৰু দূৰদৰ্শন বিষয়ক প্ৰশিক্ষণৰ একমাত্ৰ শিক্ষানুষ্ঠান। আন্তৰ্জাতিক খ্যাতি সম্পন্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত তেওঁৰ নামেৰে এই প্ৰতিষ্ঠানৰ নতুনকৈ নামকৰণ কৰা হয়।২ বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয় কামৰূপ জিলাৰ চাংচাৰিত অৱস্থিত।৩
ইতিহাস
অসমৰ সাংস্কৃতিক জগতৰ কেইগৰাকীমান পুৰোধা ব্যক্তি যেনে- বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকা, ক্ষীৰদাকান্ত বিষয়া, বিজনী ৰাজ্যৰ ৰাণী সবিতা দেৱী আদি তথা অসমৰ জনসাধাৰণৰ দাবীত অসম চৰকাৰে গুৱাহাটী কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰৰ নামনি অংশত ১০ একৰ মাটিত ১৯৬১ চনত জ্যোতি চিত্ৰবন নামেৰে চলচ্চিত্ৰ ষ্টুডিঅ' প্ৰতিষ্ঠা কৰা হয়। এখন ফ্ল’ৰেৰে ১৯৬৮ চনত ষ্টুডিঅ’টো কাৰ্যক্ষম হৈ উঠে। ১৯৭৩ চনত ষ্টুডিঅ’টো জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ’) ছ’চাইটি নামেৰে এখন চৰকাৰ নিয়ন্ত্ৰিত পঞ্জীভূক্ত সমিতিৰ অধীনলৈ অনা হয়।৪
কুৰি শতিকাৰ শেষৰ ফালে আঞ্চলিক চলচ্চিত্ৰ উদ্যোগত কাৰিকৰী জ্ঞানসম্পন্ন লোকৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ’) ছোচাইটিৰ গভৰ্ণিং ব়ডীয়ে চলচ্চিত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটা গঢ়িবলৈ সিদ্ধান্ত লয়। সেই মৰ্মেই প্ৰয়োজনীয় চৰকাৰী অনুমতি পোৱাৰ পিছত ১৯৯৯ চনৰ শিল্পী দিৱসৰ দিনা অৰ্থাৎ ১৭ জানুৱাৰীত জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (JCFTI) নামেৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ আৰম্ভণি কৰা হয়।৩
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ মাতৃ-সংগঠন হোৱা হেতুকে প্ৰশিক্ষণ প্ৰতিষ্ঠানটো চলাই ৰাখিবলৈ ষ্টুডিঅ’টোৰ সা-সঁজুলি, যন্ত্ৰপাতি, বা অন্যান্য সুবিধাসমূহ প্ৰদান কৰা হৈছিল। ২০১১ চনত ইয়াক জ্যোতি চিত্ৰবন ষ্টুডিঅ’ৰ পৰা পৃথক কৰি জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (RGFTI) নামেৰে এক সুকীয়া চৰকাৰী অনুষ্ঠানৰুপে স্বীকৃতি দিয়া হয়। ২০১৬ চনত ইয়াক ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান নামেৰে পুনৰ নামকৰন কৰা হয়।৩
সৰ্বমুঠ ৫০ জনৰ আসন প্ৰাপ্ত এই অনুষ্ঠানৰ বাবে অসম আৰু ছিক্কিমকে ধৰি উত্তৰ-পূব ভাৰতৰ ছাত্ৰৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।১
পাঠ্যক্ৰম
বৰ্তমানে ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে নিম্নোক্ত চাৰিটা পাঠ্যক্ৰম আগবঢ়াইছেঃ
- অডিঅ'গ্ৰাফি আৰু শব্দ ইঞ্জিনিয়াৰিং (ASE)- ৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
- চলচ্চিত্ৰ ফটোগ্ৰাফী- ৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
- চলচ্চিত্ৰ আৰু ভিডিঅ' সম্পাদনা- ৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
- প্ৰায়োগিক অভিনয় (চলচ্চিত্ৰ আৰু টি.ভি.) (এবছৰীয়া চাৰ্টিফিকেট কোৰ্চ)৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Jyoti Chitraban Film and Television Institute. minglebox.com
- ↑ Arup Kumar Dutta. (2002). Bhupen Hazarika: The Roving Minstrel. Rupa & Company
- ↑ DR. BHUPEN HAZARIKA REGIONAL GOVERNMENT FILM & TELEVISION INSTITUTE. DEPARTMENT OF CULTURAL AFFAIRS, GOVERNMENT OF ASSAM
- ↑ JYOTI CHITRABAN (FILM STUDIO) SOCIETY. DEPARTMENT OF CULTURAL AFFAIRS, ASSAM
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৫২১০৪৫ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।