বিশ্ব পৰিৱেশ দিৱস (World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে। ১ এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়।
বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু
প্ৰতি বছৰৰ বিশ্ব পৰিৱেশ দিৱস কিছুমান বিষয়ৰ সৈতে উদযাপন কৰা হয়, আৰু এই বিষয়টো বিশেষকৈ পৰিৱেশৰ এটা উদ্বেগজনক বিষয়ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে নিৰ্বাচন কৰা হয়। ২০১৯ ৰ বিষয়বস্তু আছিল ‘বায়ু প্ৰদূষণ’। কাৰখানাত ব্যৱহৃত যন্ত্ৰৰ ধোঁৱা, ৰেলৰ ধোঁৱা আদিৰ দৰে বিভিন্ন কাৰণত বায়ু দূষিত হোৱা প্ৰতিহত কৰিবলৈ সেই বছৰৰ বিষয়বস্তু বাছনি কৰা হৈছিল।
এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে “প্লাষ্টিক প্ৰদূষণ দূৰ কৰা”। এই বছৰৰ বিষয়বস্তুত চৰকাৰ, উদ্যোগ, সম্প্ৰদায় আৰু ব্যক্তিসকলক একত্ৰিত হ’বলৈ আৰু প্লাষ্টিকৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ভাল বিকল্প অন্বেষণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ স্বাস্থ্যৰ বিপদৰ পৰা মুক্ত নহয়, আৰু মুখ্যতঃ সাগৰক প্ৰদূষিত কৰে, যি পানীত বাস কৰা জীৱবোৰৰ বাবে ক্ষতিকাৰক। এই বছৰৰ বিষয়বস্তু অনাৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা হোৱা প্ৰদূষণ হ্ৰাস কৰা।
বুৰঞ্জী
১৯৭২ চনত ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনত ( ৫–১৬ জুন ১৯৭২) বিশ্ব পৰিৱেশ দিৱস প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছিল, যিটো মানৱ পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু পৰিৱেশৰ সংহতিৰ ওপৰত আলোচনাৰ ফলত হৈছিল। এবছৰৰ পিছত ১৯৭৩ চনত "কেৱল এখন পৃথিৱী" শীৰ্ষক বিষয়বস্তুৰে প্ৰথম বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হয়।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ Hill, Gladwin. (1973-06-04). Environment Day to Mark First Year of World Effort. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পৰিৱেশ দিৱস” প্ৰবন্ধৰ সংশোধন ৫১৪৯০৯ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।