অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দূৰদৰ্শন এটি যন্ত্ৰ

দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৪ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন সমগ্ৰ অসমতে সফল ৰূপে বিবেচিত হৈছে।১

কাহিনীৰ সাৰাংশ

’দূৰদৰ্শন এটি যন্ত্ৰ’ ছবিখনৰ কাহিনীৰ পটভূমি ১৯৮৫-১৯৯০ চনৰ। শান্তিপুৰ নামৰ এখন গাঁও; যিখন গাঁও চহৰৰ পৰা বহু দূৰত অৱস্থিত, গাঁওখনলৈ যাবলৈ নাই এখনো দলং, নাৱেৰে নৈ এখন পাৰ হৈ অহা-যোৱা কৰিব লাগে। সেইখন গাঁৱৰ মানুহে কেতিয়াও টি.ভি দেখা পোৱা নাই। গাঁওখনৰ কৈলাস নামৰ এজন লোকে সেইখন গাৱলৈ টি.ভি এটা লৈ আহে প্ৰথমে বাছৰ ওপৰত, তাৰপিছত নাও আৰু তাৰপিছত থেলাগাড়ীত। এনেদৰে টি.ভিৰ অনুষ্ঠান চাবলৈ প্ৰথম প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ বহুতো লোক কৈলাসহঁতৰ ঘৰলৈ আহে। ছবিখনৰ কাহিনীভাগ ফ্লেচবেকত দেখুওৱা হৈছে।২

অভিনয়ত

সংগীত

বোলছবিখনৰ সংগীত পৰিচালনা তথা গীত ৰচনা কৰিছিল মৌচম গগৈয়ে।

তথ্যসূত্ৰ

  1. ↑ (10 July 2016). Doordarshan Eti Jantra is Releasing on September 2
  2. ↑ (18 September 2016). দূৰদৰ্শন: এটি যন্ত্ৰ“ চালোঁ। (নয়নমণি হালৈ). Xahitya.org

সম্পৰ্কিত শ্ৰেণী

২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দূৰদৰ্শন এটি যন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪২৯৭৮০ (২৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।