জয়মতী কুঁৱৰী (Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে।১ ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল।
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: লক্ষ্মীনাথ বেজবৰুৱা'লক্ষ্মীনাথ বেজবৰুৱা' (Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।
সমালোচনা
বেজবৰুৱাৰ আটাইকেইখন বুৰঞ্জীমূলক নাটকতে শ্বেইক্সপীয়েৰৰ নাটকৰ প্ৰভাৱ অসীম। শ্বেইক্সপীয়েৰৰ নাটকৰ আৰ্হিতে বেজবৰুৱাই নাটকবোৰত উপ-কাহিনীৰ সংযোগ কৰিছে। এই নাটকখনত সেউতী আৰু দিলিহিয়াল ফুকন সংক্ৰান্ত এটা উপ-কাহিনী সংযোগ কৰি বিষয়বস্তুৰ সৰ্বজনীনতা বৃদ্ধি কৰিবলৈ যত্ন কৰিছিল।১ শ্বেইক্সপীয়েৰৰ দৰে বেজবৰুৱায়ো এই নাটক খনত সহধৰ্মিতা আৰু বৈপৰীত্যৰ ভিত্তিত চিত্ৰাংকন কৰিছে। বৰগোহাঁই আৰু বুঢ়াগোহাঁই চৰিত্ৰ দুটা বৈপৰীত্যৰ ভিত্তিত অংকন কৰাৰ বিপৰীতে ৰাজমাও আৰু বৰগোহাঁই চৰিত্ৰ দুটা সহধৰ্মিতাৰ ভিত্তিত বেজবৰুৱাই অংকন কৰিছে।১
চৰিত্ৰ
- ডালিমী: জয়মতী কুঁৱৰী নাটকখনৰ এটা উল্লেখযোগ্য নাৰী চৰিত্ৰ হৈছে ডালিমী। এই চৰিত্ৰটোত শ্বেইক্সপীয়েৰৰ ‘The Tempest’ নামৰ নাকখনৰ মিৰেণ্ডা নামৰ চৰিত্ৰটোৰ প্ৰভাৱ আছে।২ মিৰেণ্ডাই যিদৰে বাস কৰা নিৰ্জন দ্বীপটোত ফাৰ্ডিনাণ্ডক লগ পায় আৰু প্ৰথম দৰ্শনতে ভাল পাই পেলায়, ঠিক সেয়া নগা পাহাৰৰ হাবিৰ মাজত ডাঙৰ হোৱা ডালিমীও গদাপাণিৰ প্ৰতি আকৃষ্ট হয়। ড॰ পোনা মহন্তই ডালিমী চৰিত্ৰটোৰ বিষয়ে কৈছে, “মিৰেণ্ডা-ডালিমীৰ সাদৃশ্যক বেছি দূৰ আগুৱাই নিব নোৱাৰি। মিৰেণ্ডা আৰু ফাৰ্ডিনাণ্ডৰ প্ৰেম ডেকা-গাভৰুৰ সাধাৰণ প্ৰেম – যি প্ৰেম শেষত বিয়াত পৰিণত হৈছেগৈ; কিন্তু গদাপাণি-ডালিমীৰ প্ৰেম ডেকা-গাভৰুৰ যৌন প্ৰেমৰ পৰা বহু ওপৰত। ডালিমী যেন তেজ-মঙহৰ ছোৱালী নহয়, তাই যেন এটি কবিতা, এটা সপোন। ”২
- খুহুতীয়া পণ্ডিত: এই নাটকৰ খুহুতীয়া পণ্ডিতৰ চৰিত্ৰটো বেজবৰুৱাদেৱে শ্বেইক্সপীয়েৰৰ ‘কিং লীয়েৰৰ’ ফুল চৰিত্ৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে। ফুলৰ কথাবোৰে লীয়েৰৰ মনত খোৰাক যোগোৱাৰ দৰেই খুহুতীয়া পণ্ডিতৰ কথাবোৰেও বুঢ়াগোহাঁইৰ মনৰ খোৰাক যোগাইছে।১
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়মতী কুঁৱৰী (নাটক)” প্ৰবন্ধৰ সংশোধন ২৩৪৯৫৮ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।