অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাটৰ নাট

বাটৰ নাট (Street theatre) নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাস্তাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা হয়, য’ত বহু মানুহ গোট খায়।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৪৬৭ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ৰ বস্তি অঞ্চল ধাৰাভিত অনুষ্ঠিত 'নুক্কৰ নাটক']]

বাটৰ নাট (Street theatre) নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাস্তাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা হয়, য’ত বহু মানুহ গোট খায়। নাটকত জড়িত অভিনেতাসকল পথৰ শিল্পীৰ পৰা সংগঠিত থিয়েটাৰ কোম্পানী বা দলৰ যিকোনো মানুহ হ’ব পাৰে; যিয়ে প্ৰদৰ্শনৰ স্থান সম্পৰ্কে পৰীক্ষা-নিৰিক্ষা বা তেওঁলোকৰ মূলসূঁতিৰ কৰ্মৰ প্ৰচাৰ-প্ৰসাৰ কৰিব বিচাৰে। যেতিয়া দূৰদৰ্শন বা ৰেডিঅ’ নাছিল, তেতিয়া ৰাইজৰ মাজলৈ বিভিন্ন খবৰ বা তথ্য সৰবৰাহৰ ই এক উৎস আছিল। বৰ্তমান বাটৰ নাটৰ যোগেদি নাটক চাবলৈ গোট খোৱা দৰ্শকসকলক কিছু বাৰ্তা দিব বিচৰা হয়।১

বাটৰ নাটৰ বাবে সাধাৰণ পোচাক বা সা-সৰঞ্জামে যথেষ্ট। কেতিয়াবা অভিনেতাৰ শাৰীৰিক সক্ষমতা বা কণ্ঠস্বৰৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণ চাউণ্ড এম্পিফাইং যন্ত্ৰৰ ব্যৱহাৰ হয় বা কেতিয়াবা তাৰ প্ৰয়োজন নহবও পাৰে। শব্দৰ এই সমস্যাটোৰ বাবে নৃত্য, মূকাভিনয় আৰু স্লেপষ্টিককে (slapsticks) ধৰি শৰীৰি থিয়েটাৰ (physical theatre) মুক্তাঙ্গন পৰিবেশৰ বাবে এক জনপ্ৰিয় ধাৰা। দৰ্শকক আকৃষ্ট কৰিবলৈ প্ৰদৰ্শনবোৰ প্ৰকটভাবে দৃশ্যমান, উচ্চস্বৰৰ আৰু সাধাৰণ শৈলীৰ হ’ব লাগে। অন্য আনুষ্ঠানিক মুক্তাঙ্গণৰ নাট্য পৰিবেশন, যেনে পাৰ্ক বা বাগিছাৰ প্ৰদৰ্শন, য’ত ৰচী আদিৰে ঘেৰা এক সুনিৰ্দিষ্ট ঠাইত টিকট লৈ প্ৰদৰ্শন কৰা হয়, সেইবোৰৰ পৰা বাটৰ নাট অৱশ্যেই পৃথক। বহু সময়ত বাটৰ নাট অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয়২

বাটৰ নাট মঞ্চ প্ৰদৰ্শনীৰ আদিৰূপ বুলি বিবেচনা কৰা হয়। ধৰ্মীয় নাট বা অন্য সাধাৰণ বিনোদনৰ মাধ্যমৰ সূত্ৰপাত হয় বাটৰ নাটৰ পৰা। প্ৰখ্যাত অভিনেতা ৰবীন ৱিলিয়ামছ, ডেভিদ বোয়ি, জুৱেল আৰু হেৰী এণ্ডাৰচন সহ বহুতৰে কৰ্মজীৱনৰ সূত্ৰপাত হৈছিল বাটৰ নাটৰ পৰা। এই নাট্যধাৰাটোৱে এনে ব্যক্তিকো অভিনয় কৰাৰ সুযোগ দিয়ে, যি কেতিয়াও পৰম্পৰাগত থিয়েটাৰত অভিনয় কৰাৰ সুবিধা বা সামৰ্থ অৰ্জন কৰা নাই। যিকোনো ব্যক্তিয়ে মন কৰিলে বিনামূল্য এই প্ৰদৰ্শনী উপভোগ কৰিব পাৰে।৩

পৰিবেশ্য কলাৰ শিল্পীসকলে সামাজিক উদ্দীপনা লাভৰ বাবে জনতাৰ সৈতে পোনপটীয়াকৈ মুখামুখি হবলৈ তেওঁৰ সাংস্কৃতিক কৰ্ম বাটত প্ৰদৰ্শন কৰিব বিচাৰে। উদাৰহণ স্বৰূপে ইম্পেৰিয়েল অৰ্গী নামেৰে জনাজাত মাল্টিমেডিয়া আৰ্টিষ্ট চিজাৰ পিংক আৰু তেওঁৰ দলে 'আৱাৰ ডেইলী ব্ৰেড' শিৰোনামৰে নিউয়ৰ্ক মহানগৰৰ বাটত এটা প্ৰদৰ্শনী কৰিছিল। তেওঁলোকে প্ৰদৰ্শনীৰ সময়ত “চয়তানে ভৌতিক সম্পদৰ বিনিময়ত মানুহৰ আত্মাক ক্ৰয় কৰে” বুলি এটা বিজ্ঞাপন থকা 'ৱাইল্ডাৰ ব্ৰেড' নামৰ পাওৰুটি এবিধ আনুষ্ঠানিকতাৰে পদপথত পাৰি দিছিল। এই প্ৰদৰ্শনীয়ে এটা হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল, যেতিয়া পাওৰুটিবোৰত বিস্ফোৰক আছে নেকি, পৰীক্ষা কৰিবলৈ পুলিচে প্ৰশিক্ষিত কুকুৰ লৈ আহিছিল।৪

অসমত বাটৰ নাট

অসমত বাটৰ নাটৰ জন্মদাতা আছিল ৰত্ন ওজা৷৫ গুৱাহাটীত হোৱা প্ৰথম বাটৰ নাট প্ৰদৰ্শনৰ দিনটো আছিল ১৯৭১ চনৰ ১৭ জানুৱাৰী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন৷৬ ৰত্ন ওজাৰ অনুৰোধমৰ্মে নাট্যকাৰ অৰুণ শৰ্মাই “ককাইদেউ’’ নামৰ নাট লিখি ৰত্ন ওজাৰ পৰিচালনাত গহ্বৰ নাট্যগোষ্ঠীয়ে এই নাট প্ৰদৰ্শন কৰিছিল৷৭ দৈনন্দিন জীৱন-বাটত ঘটি থকা কাহিনীৰে নাটৰ কাহিনী হোৱা বাবে “বাটৰ নাট’’ নামটো দিছিল সাহিত্যিক, চিত্ৰ-পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াই৷৬

বাটৰ নাট সৃষ্টিত ৰবীন্দ্ৰ ভৱন

১৯৭১ চনত অসমৰ নাট্যকৰ্মীসকলে ৰবীন্দ্ৰ ভৱনটোৰ দায়িত্ব জাতীয় নট্যানুষ্ঠান সমিতিৰ হাতত অৰ্পণ কৰাৰ দাবীৰ বিপৰীতৰ চৰকাৰে ভৱনটোত তলা লগাই থয়৷ চৰকাৰৰ উদ্দেশ্য আছিল, ৰবীন্দ্ৰ ভৱন চৰকাৰী কৰ্তৃত্বত ৰখা আৰু তাত সাংস্কৃতিক সঞ্চালকায়ৰ দপ্তৰ পতা৷ তাৰেই প্ৰতিবাদস্বৰূপে ১৯৭১ চনৰ ১৭ জানুৱাৰীত বাটৰ নাট প্ৰদৰ্শন কৰা হৈছিল৷৭

তথ্যসূত্ৰ

  1. ↑ www.youthkiawaaz.com/2011/08/street-plays-a-mean
  2. ↑ International list of performers
  3. ↑ Robin Williams began his career on the streets of San Francisco as a street performer: movies.yahoo.com/movie/contributor/1800013042/bi
  4. ↑ Archive Video
  5. ↑ বাটৰ নাটৰ বাটকটীয়া..
  6. ↑ ডেকা, ব্ৰজেন্দ্ৰ নাথ; জালান, গোপাল (সংকলক). (২০১০). ৰত্ন ওজাৰ কৃষ্টি সুৰভি. ব্ৰজেন্দ্ৰ নাথ ডেকা, বিশাল প্ৰকাশন. পৃ. ১৮০
  7. ↑ শৰ্মা, অৰুণ. (২০১২). নাট্য প্ৰসংগ আৰু অন্যান্য ৰচনা. অসম প্ৰকাশন পৰিষদ. পৃ. ২০৬

সম্পৰ্কিত শ্ৰেণী

নাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাটৰ নাট” প্ৰবন্ধৰ সংশোধন ৪২৯৫৫৫ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।