অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাতিঙ্গা ইত্যাদি

জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি।

হালনাগাদ: ২৭ জুন ২০২৩ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি। এই ছবিখন ২০০৭ বৰ্ষৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাত "ভাৰতীয় পেনোৰামা" শিতানত প্ৰদৰ্শন কৰা হয়। ছবিখনে অসমৰ বৰ্তমান কালৰ উগ্ৰপন্থী সমস্যাৰ ওপৰত দৃষ্টিপাত কৰে১।

কাহিনীৰ সাৰাংশ

নিজৰ ককাকৰ কবৰস্থানৰ সন্ধানত এহাল ইংৰাজ দম্পতী অসমলৈ আহে। আন্তঃৰাষ্টীয় পৰ্য্যায়ত দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে এটি উগ্ৰপন্থী সংগঠনে তেওঁলোকক অপহৰণ কৰে। কিন্তু ভাষাৰ প্ৰাচীৰৰ বাবে তেওঁলোকৰ লগত আদান-প্ৰদান কৰিব নোৱাৰাত সংগঠনটোৱে এজন শিক্ষিত কিন্তু নিবনুৱা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) যুবক মানবক নিৰ্বাচন কৰে। তথাকথিত "আন্দোলন"টোৰ লগত জড়িত হবলৈ অতি আগ্ৰহী মানবে একো নভবাকৈয়ে সন্মত হয়। কিন্তু তেওঁ পাছত উপলব্ধি কৰে যে সংগঠনটোৰ "স্বাধীনতাৰ বাবে সংগ্ৰাম"ৰ ধাৰণাতো একেবাৰে ভুল। সেয়ে তেওঁ দম্পতীহালক পলাই যোৱাত সহায় কৰিবলে সিদ্ধান্ত লয়। ঘটনাক্ৰমে এক গুলিয়াগুলিত মানব তথা উগ্ৰপন্থী গোটটোৰ সদস্যসকল নিহত হয়।

অভিনয় শিল্পী

+ "জাতিঙ্গা ইত্যাদি"ত অভিনয় কৰা শিল্পীসকল
অভিনয়তচৰিত্ৰটোকা
বিষ্ণু খাৰঘৰীয়াৰত্নকান্ত
বীণা পটংগীয়াৰত্নকান্তৰ পত্নী
সৌৰভ হাজৰিকামানব
মল্লিকা শৰ্মাৰিতা
অনুপ হাজৰিকাধন
লক্ষী বৰঠাকুৰৰিতাৰ দেউতাক
টনি ৰিচমণ্ডমি. টনি
জেমছ পেৰীজেক
ছাৰা বাগডেনপৌলিন
কুণ্টল গোস্বামী৪৭
গৰিমা পাটোৱাৰীপাহি
বাহাৰুল ইছলামপাড্ৰী
বিনয় ডেকাডেকা
অমিতাভ ৰাজখোৱাবাবু
অৰুণ হাজৰিকাদোকানী

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰে দীপক শৰ্মাই।

বোলছবি খনৰ কেইটামান স্ক্ৰীনশ্বট

"জাতিঙ্গা ইত্যাদি"ৰ কেইটামান দৃশ্য-

তথ্যসূত্ৰ

  1. ↑ Film on ULFA script going haywire makes it to Indian Panorama - Guwahati: Indianexpress

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতিঙ্গা ইত্যাদি” প্ৰবন্ধৰ সংশোধন ৩৭০১০৯ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।