ফিল্ডছ মেডেল (FieldsMedal) হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ (চাৰি) বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা। আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই (IMU) প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত (ICM) এই বঁটা প্ৰদান কৰা হয়। ফিল্ডছ মেডেল১২৩ আৰু আবেল বঁটাক৪৫৬ গণিতৰ সৰ্বোচ্চ সন্মানীয় বঁটাৰূপে বিবেচনা কৰা হয়। কানাডাৰ গণিতজ্ঞ জন চাৰ্লছ ফিল্ডছৰ নিৰ্দেশ মৰ্মে এই বঁটা প্ৰণয়ন কৰা হয়।১ এই বঁটা সৰ্বপ্ৰথম প্ৰদান কৰা হয় ১৯৩৬ চনত আৰু বিশ্বযুদ্ধৰ কাৰণে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ১৯৫০ চনৰ পৰা ইয়াক নিয়মীয়াকৈ প্ৰদান কৰা হয়। বিশিষ্ট বৰঙনি আগবঢ়োৱা গণিতৰ তৰুণ গৱেষকসকলক উৎসাহ, সহযোগ আৰু পৃষ্ঠপোষকতা প্ৰদানৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা বিজয়ীক প্ৰদান কৰা ধনৰ পৰিমাণ ২০০৬ চনত আছিল C$১৫,০০০ (বা US$১৩,৪০০ বা €১০,৫৫০)।৭).৮৯
বঁটা প্ৰাপ্তিৰ চৰ্তাৱলী
ফিল্ডছ মেডেলক বুলি কোৱা হয়১০ যদিও ইয়াক প্ৰকৃততে প্ৰতি চাৰি বছৰৰ মূৰে মূৰেহে প্ৰদান কৰা হয় আৰু বঁটা প্ৰদান কৰা বছৰৰ ১ জানুৱাৰীত চল্লিশ বছৰৰ অনুৰ্ধৰ হোৱা গণিতজ্ঞকহে প্ৰদান কৰা হয়। ফলত, জীৱনৰ শেষৰ বছৰ বিলাকৰ পিনেহে মহৎ বৰঙনি আগবঢ়োৱা বহুতো গণিতজ্ঞই এই বঁটাৰ পৰা বঞ্চিত হয়। এই ৪০ বছৰ সংক্ৰান্তিয় নিয়মটো জন চাৰ্লছ ফিল্ডছৰ ইচ্ছা অনুসৰি পালন কৰা হয়—
…while it was in recognition of work already done, it was at the same time intended to be an encouragement for further achievement on the part of the recipients and a stimulus to renewed effort on the part of others.
আনহাতে, ফিল্ডছ মেডেলৰ অৰ্থমূল্যও ন’বেল বঁটাতকৈ কম।
ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞসকল
| বৰ্ষ | ৰ স্থান | বিজয়ীসকল১১ | প্ৰতিষ্ঠান | ৰাষ্ট্ৰ |
|---|---|---|---|---|
| ১৯৩৬ | Oslo | লৰ্চ এলফোৰ্ছ(Lars Ahlfors) জেচে ডগলাছ(Jesse Douglas) | University of Helsinki Massachusetts Institute of Technology | |
| ১৯৫০ | কেম্ব্ৰিজ | লৰু স্কোৱাৰ্জ(Laurent Schwartz) আটলে চেলবাৰ্গ(Atle Selberg) | University of Nancy Institute for Advanced Study | |
| ১৯৫৪ | আমষ্টাৰডাম | কুনিহিকো কোদাইৰা(Kunihiko Kodaira) জ্যা-পিয়েৰ চেৰ(Jean-Pierre Serre) | Institute for Advanced Study Centre National de la Recherche Scientifique | |
| ১৯৫৮ | এডিনবাৰ্গ | ক্লাউচ্ ৰথ(Klaus Roth) ৰেণে থম(René Thom) | University College London University of Strasbourg | |
| ১৯৬২ | ষ্ট’কহম | লাৰ্চ হোৰ্মাল্ডাৰ(Lars Hörmander) জন মিলনৰ(John Milnor) | University of Stockholm Princeton University | |
| ১৯৬৬ | মস্কো | মাইকেল আটিয়াহ(Michael Atiyah) পল জোচেফ কোহেন(Paul Joseph Cohen) আলেকজেণ্ডাৰ গ্ৰোথেণ্ডিয়েক(Alexander Grothendieck) ষ্টিফেন স্মেইল(Stephen Smale) | অক্সফ'ৰ্ড বিশ্ববিদ্যালয় Stanford University Institut des Hautes Études Scientifiques University of California, Berkeley | অজ্ঞাত |
| ১৯৭০ | Nice | এলেন বেকাৰ(Alan Baker) হেইচুক হিৰোনাকা(Heisuke Hironaka) চেৰ্গেই নোভিক’ভ(Sergei Novikov) জন গ্ৰিগচ্ থমছন(John G. Thompson) | কেমব্ৰিজ বিশ্ববিদ্যালয় Harvard University Moscow State University কেমব্ৰিজ বিশ্ববিদ্যালয় | |
| ১৯৭৪ | Vancouver | এনৰিকো বমবিয়েৰী(Enrico Bombieri) ডেভিদ মামফ’ৰ্ড(David Mumford) | University of Pisa Harvard University | |
| ১৯৭৮ | Helsinki | পীয়েৰ ডেলিনয়ি(Pierre Deligne) চাৰ্লছ ফেফাৰমেন(Charles Fefferman) গ্ৰিগৰি মাৰ্গুলিছ(Grigory Margulis) ডেনিয়েল কুইলিন(Daniel Quillen) | Institut des Hautes Études Scientifiques Princeton University Moscow State University Massachusetts Institute of Technology | |
| ১৯৮২ | Warsaw | আলো ক’ন(Alain Connes) উইলিয়াম থাৰ্ষ্টন(William Thurston) শ্বিং-টুং ইয়াউ(Shing-Tung Yau) | Institut des Hautes Études Scientifiques Princeton University Institute for Advanced Study | |
| ১৯৮৬ | Berkeley | চিমন ডোনাল্ডছন(Simon Donaldson) গেৰ্ড ফল্টিংছ(Gerd Faltings) মাইকেল ফ্ৰিডমেন(Michael Freedman) | অক্সফ'ৰ্ড বিশ্ববিদ্যালয় Princeton University University of California, San Diego | |
| ১৯৯০ | কিয়ট’ | ভ্লাডিমিৰ ড্ৰিনফেল্ড(Vladimir Drinfeld) ভন ফ্ৰেডৰিখ জোন্স(Vaughan F. R. Jones) চিগেফুমি ম’ৰি(Shigefumi Mori) এডৱাৰ্ড উইটেন(Edward Witten) | Kharkiv Institute for Low Temperature Physics University of California, Berkeley Kyoto University Institute for Advanced Study | |
| ১৯৯৪ | জুৰিখ | জ্যা বুৰগ্যঁ(Jean Bourgain) পীয়েৰ-লুই-লিয়ো(Pierre-Louis Lions) জ্যা-ক্ৰিস্তফ য়োক্কোজ(Jean-Christophe Yoccoz) এফিম জেলমান’ভ(Efim Zelmanov) | Institute for Advanced Study Paris Dauphine University Paris-Sud 11 University University of California, San Diego | |
| ১৯৯৮ | বাৰ্লিন | ৰিচাৰ্ড বৰ্ছাৰ্ডচ্(Richard Borcherds) টিমোথি গওয়াৰ্চে(Timothy Gowers) মেক্সিম কণ্টচেভিছ(Maxim Kontsevich) কাৰ্টিচ টি. মেকমুলিন(Curtis T. McMullen) | University of California, Berkeley and কেমব্ৰিজ বিশ্ববিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় Institut des Hautes Études Scientifiques and Rutgers University Harvard University | |
| ২০০২ | বেইজিং | লৰো লাফোৰ্গ(Laurent Lafforgue) ভ্লাডিমিৰ ভোয়েভোদস্কি(Vladimir Voevodsky) | Institut des Hautes Études Scientifiques Institute for Advanced Study | |
| ২০০৬ | মাদ্ৰিড | এন্দ্ৰেই ওকোউনকোভ(Andrei Okounkov) গ্ৰেগৰি পেৰেলমেন(Grigori Perelman)(প্ৰত্যাখ্যান) টেৰেন্স টাও(Terence Tao) ওয়েল্ডেলিন ওয়েৰ্নাৰ(Wendelin Werner) | Princeton University None (Saint Petersburg) University of California, Los Angeles Paris-Sud 11 University | |
| ২০১০ | হাইদৰাবাদ | ইলন লিণ্ডাৰষ্ট্ৰছ্(Elon Lindenstrauss) ন’ বও চাও(Ngô Bảo Châu) ষ্টানিস্লাফ স্মিৰ্নোভ(Stanislav Smirnov) ছেড্ৰিক ভিলানী(Cédric Villani) | Hebrew University of Jerusalem and Princeton University Paris-Sud 11 University and Institute for Advanced Study University of Geneva École Normale Supérieure de Lyon and Institut Henri Poincaré | - |
| ২০১৪ | ছৌল, দক্ষিণ কোৰিয়া | আৰ্থাৰ আভিলা | University of Paris VII, ফ্ৰান্স CNRS, France Instituto Nacional de Matemática Pura e Aplicada, Brazil | |
| মঞ্জুল ভাৰ্গৱ | প্ৰিন্সটন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
| মাৰ্টিন হেইৰাৰ | ৱাৰৱিক বিশ্ববিদ্যালয়, সংযুক্ত যুক্তৰাজ্য | |||
| মাৰিয়াম মিৰ্জাখানী | ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
| ২০১৮ | ৰিঅ' ডি জেনেইৰ', ব্ৰাজিল | কাচ্ছাৰ বিৰ্কাৰ | কেমব্ৰিজ বিশ্ববিদ্যালয়, সংযুক্ত যুক্তৰাজ্য | |
| এলেছিঅ' ফিগালি | ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ্ টেকন'ল'জি, জুৰিখ, ছুইজাৰলেণ্ড | |||
| পিটাৰ ছ'লজে | বন বিশ্ববিদ্যালয়, জাৰ্মানী | |||
| অক্সয় ভেংকটেশ | ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
| ২০২২ | আভাসিক অনুষ্ঠান | হিউগ' ডুমিনিল-ক'পিন | জেনেভা বিশ্ববিদ্যালয়, ছুইজাৰলেণ্ড | |
| জুন হাহ্ | প্ৰিন্সটন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
| জেমছ্ মেইনাৰ্ড | অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, ইংলেণ্ড | |||
| মেৰিনা ভিয়াজভস্কা | ইকল টেকনিক ফেডাৰেল ডে' ল'জান, ছুইজাৰলেণ্ড |
লক্ষণীয় ঘটনাসমূহ

১৯৫৪ ত ফিল্ডছ মেডেল লাভ কৰা জ্যা-পিয়েৰ চেৰ বৰ্তমানলৈকে আটাইতকৈ কম বয়সত এই বঁটা লাভ কৰা ব্যক্তি। তেওঁ ২৭ বছৰ বয়সত এই বঁটা লাভ কৰিছিল।
পূব ইউৰোপত ছোভিয়েট সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত ১৯৬৬ চনত আলেকজেণ্ডাৰ গ্ৰোথেণ্ডিয়েকে মস্কোত অনুষ্ঠিত ICM বৰ্জন কৰে।১২
১৯৭০ চনত চেৰ্গেই নোভিক’ভে তেওঁৰ ওপৰত ছোভিয়েট চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ফ্ৰান্স (Nice)ত আয়োজিত ICM লৈ বঁটা গ্ৰহণৰ বাবে যাব নোৱাৰিলে।
১৯৭৮ চনত গ্ৰিগৰি মাৰ্গুলিছে তেওঁৰ ওপৰত ছোভিয়েট চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ফিনলেণ্ডত আয়োজিত ICM লৈ বঁটা গ্ৰহণৰ বাবে যাব নোৱাৰিলে। তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে জেকুইচ্ টিটে আৰু বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তেওঁ কয়— "I cannot but express my deep disappointment — no doubt shared by many people here — in the absence of Margulis from this ceremony. In view of the symbolic meaning of this city of Helsinki, I had indeed grounds to hope that I would have a chance at last to meet a mathematician whom I know only through his work and for whom I have the greatest respect and admiration."১৩
১৯৮২ চনত অধিবেশনখন ৱাৰ্ছত হোৱাৰ কথা আছিল, কিন্তু পোলেণ্ডত ১৩ ডিচেম্বৰ ১৯৮১ত গৃহীত হোৱা মাৰ্ছিয়ান আইনৰ বাবে ইয়াক পিছুৱাই দিয়া হয়। ১৯৮২ চনৰ আৰম্ভণিতে IMUৰ নৱম অধিবেশনত ঘোষণা কৰা বঁটাসমূহ ১৯৮৩ চনৰ ৱাৰ্ছৰ অধিবেশনত প্ৰদান কৰা হয়।
১৯৯০ চনত ফিল্ডছ মেডেল লাভ কৰা এডৱাৰ্ড উইটেন হ’ল এই বঁটা লাভ কৰা প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ পদাৰ্থবিদ।
১৯৯৮ চনৰ ICMত ফাৰ্মিৰ অন্তিম সূত্ৰ প্ৰমাণ কৰাৰ স্বীকৃতিস্বৰূপে ফিল্ডছ মেডেল কমিটিৰ অধ্যক্ষ য়ুৰি আই. মেনিনে এণ্ড্ৰিউ ৱাইলছক প্ৰথম IMU ৰূপালী ফলক প্ৰদান কৰে। ডন জেগিয়াৰে এই ফলকখনক "quantized Fields Medal" বুলি অভিহিত কৰিছিল। বঁটা প্ৰদানৰ সময়ত ৱাইলছৰ বয়স জোখতকৈ বেছি আছিল বুলি বাতৰি ওলাইছিল।১৪ ১৯৯৪ চনত ৱাইলছৰ বয়স জোখতকৈ সামান্য বেছি হ'লেও বঁটাৰ বাবে তেওঁৰে সম্ভাৱনা বেছি আছিল। কিন্তু ফাৰ্মিৰ অন্তিম সূত্ৰৰ প্ৰমাণৰ এভাগ (ৰিচাৰ্ড টেইলৰ আৰু ৱাইলছৰ দ্বাৰা) ১৯৯৩ চনতে পোৱা গৈছিল।১৫১৬
২০০৬ চনত পইনকেয়াৰ অনুমান প্ৰমাণ কৰা গ্ৰেগৰি পেৰেলমেনে এই বঁটা প্ৰত্যখ্যান কৰে।৮ and did not attend the congress.১৭
২০১০ চনত ফিল্ডছ মেডেল লাভ কৰা ন’ বও চাও হ’ল উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি।১৮
পদক
এই মেডেলটিৰ ৰূপ কানাডাৰ ভাস্কৰ্য্য শিল্পী আৰ. টেইট মেকেনজিয়ে তৈয়াৰ কৰিছিল১৯
- ইয়াৰ ওপৰফালে আৰ্কিমিডিছৰ ছবি আৰু লেটিন ভাষাত লিখা মাৰ্কাচ মেলিনাচৰ এটি উক্তি আছে, উক্তিটো হ'ল- "Transire suum pectus mundoque potiri" Rise above oneself and grasp the world ( নিজতকৈ ওপৰলৈ উঠা আৰু বিশ্বক সাৱটি লোৱা)। তাৰিখটো ৰোমান সংখ্যাৰে লিখা হয় আৰু তাত এটা ইচ্ছাকৃত ভুল থাকে।২০
- বিপৰীত ফালে লেটিন ভাষাত এই কথাখিনি খোদিত কৰা থাকে:
CONGREGATI EX TOTO ORBE MATHEMATICI OB SCRIPTA INSIGNIA TRIBUERE অনুবাদ: "Mathematicians gathered from the entire world have awarded [understood "this prize"] for outstanding writings."
পিছফালে আৰ্কিমিডিছৰ সমাধিৰ ছবি এখনৰ লগতে গোলক আৰু চিলিণ্ডাৰৰ ওপৰত তেওঁৰ সূত্ৰ বুজোৱা থাকে।
কাষটোত বঁটাবিজয়ীৰ নাম লিখা থাকে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ About Us: The Fields Medal. The Fields Institute, University of Toronto
- ↑ (2006). 2006 Fields Medals awarded. Notices of the American Mathematical Society. American Mathematical Society. পৃ. 1037–1044
- ↑ (22 August 2006). Reclusive Russian turns down math world's highest honour. Canadian Broadcasting Corporation
- ↑ (30 September 2010). Global activists honoured with 'Alternative Nobel' prize. The Local
- ↑ Mark Peplow. (26 March 2004). Maths 'Nobel' awarded. Nature
- ↑ (26 March 2004). Mathematicians share Abel Prize. BBC News
- ↑ On 2012-07-24 at 17:00 UTC, the OANDA currency converter gives $14,757 U.S
- ↑ (22 August 2006). Maths genius turns down top prize. BBC
- ↑ Israeli wins 'Nobel' of Mathematics, JPost.com
- ↑ Chang, Kenneth. (12 March 2007). Journeys to the Distant Fields of Prime. The New York Times
- ↑ (8 May 2008). List of Fields Medallists. International Mathematical Union (IMU)
- ↑ Jackson, Allyn. (2004). As If Summoned from the Void: The Life of Alexandre Grothendieck. Notices of the American Mathematical Society. পৃ. 1198
- ↑ Margulis biography, School of Mathematics and Statistics, University of St Andrews, Scotland. Retrieved 27 August 2006
- ↑ Wiles, Andrew John, Encyclopædia Britannica. Retrieved 27 August 2006
- ↑ Fields Medal Prize Winners (1998), 2002 International Congress of Mathematicians. Retrieved 27 August 2006
- ↑ Notices of the AMS, November 1998. Vol. 45, No. 10, p. 1359
- ↑ Nasar, Sylvia. (21 August 2006). Manifold Destiny: A legendary problem and the battle over who solved it.. The New Yorker
- ↑ Vietnamnet: GS Griffiths:"Trong giới Toán học, anh Châu vẫn là người Việt"
- ↑ (9 August 1932). Fields Institute - The Fields Medal. Fields.utoronto.ca
- ↑ EBERHARD KNOBLOCH Generality and Infinitely Small Quantities in Leibniz's Mathematics - The Case of his Arithmetical Quadrature of Conic Sections and Related Curves. In Infinitesimal Differences: Controversies between Leibniz and his Contemporaries. Edited by Ursula Goldenbaum and Douglas Jesseph. Walter de Gruyter, 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিল্ডছ মেডেল” প্ৰবন্ধৰ সংশোধন ৫৪৮৪৩৩ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।