অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছৌ নৃত্য

ছৌ নৃত্য (Chhau dance) এক অৰ্দ্ধ-শাস্ত্ৰীয়, ভাৰতীয় যুদ্ধনৃত্য। উৎপত্তি আৰু বিকাশৰ আধাৰত ছৌ নৃত্যৰ তিনিটা শৈলী দেখা যায়- পুৰুলিয়া ছৌ (পশ্চিম বংগ), ছেৰাইকেল্লা ছৌ (ঝাৰখণ্ড) আৰু ময়ুৰভঞ্জ ছৌ (উৰিষ্যা)। এই তিনিটা শৈলীৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ।

হালনাগাদ: ২০ অক্টোবৰ ২০২৪ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
বৈষ্ণৱীয় বিষয়ৰ আধাৰত উৰিষ্যাৰ ভুৱনেশ্বৰত পৰিবেশিত ময়ুৰভঞ্জ ছৌ নৃত্য
বৈষ্ণৱীয় বিষয়ৰ আধাৰত উৰিষ্যাৰ ভুৱনেশ্বৰত পৰিবেশিত ময়ুৰভঞ্জ ছৌ নৃত্যছবি: Subhashish Panigrahi · CC BY-SA 4.0

ছৌ নৃত্য (Chhau dance) এক অৰ্দ্ধ-শাস্ত্ৰীয়, ভাৰতীয় যুদ্ধনৃত্য।১ উৎপত্তি আৰু বিকাশৰ আধাৰত ছৌ নৃত্যৰ তিনিটা শৈলী দেখা যায়- পুৰুলিয়া ছৌ (পশ্চিম বংগ), ছেৰাইকেল্লা ছৌ (ঝাৰখণ্ড) আৰু ময়ুৰভঞ্জ ছৌ (উৰিষ্যা)। এই তিনিটা শৈলীৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ। ছেৰাইকেল্লা আৰু পুৰুলিয়াত ছৌত মুখাৰ ব্যৱহাৰ হোৱাৰ বিপৰীতে ময়ুৰভঞ্জ ছৌত মুখাৰ ব্যৱহাৰ নহয়।২

নামকৰণ বিতৰ্ক

ছৌ নৃত্যৰ নামাকৰণ সম্বন্ধে বিভিন্নজনৰ বিভিন্ন মত দেখা যায়। ডঃ পশুপতি প্ৰসাদ মাহাতো আৰু ডঃ সুধীৰ কৰণৰ মতে এই নাচৰ নাম ‘ছো’। আকৌ বিভূতিভূষণ দাসগুপ্ত আৰু ডঃ বংকিম মাহাতোৰ মতে ‘ছ’। কলিকতা বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক ডঃ আশুতোষ ভট্টাচাৰ্যই সৰ্বপ্ৰথমে এই নৃত্যক ছৌ নামেৰে অভিহিত কৰে আৰু বিদেশত এই নৃত্যৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ পাছত ছৌ নৃত্য নামেৰে জনপ্ৰিয় হৈ পৰে।

উৎপত্তি

ৰাজেশ্বৰ মিত্ৰৰ মতে তিব্বতী সংস্কৃতিৰ ‘ছাম নাচ’ৰ পৰা ছৌ নৃত্যৰ উদ্ভৱ হৈছে। সুকুমাৰ সেনৰ মতে ‘শৌভিক’ (অৰ্থাৎ মুখা) পৰা ছৌ নামটো আহিছে। বহুতৰ মতে কুড়মালী ভাষাৰ ‘ছুৱা’ বা ‘ছেলে’ৰ পৰা ছৌ শব্দটো আহিছে; এই নাচ মূলতঃ ‘ছেলে’ অৰ্থাৎ ল’ৰাবোৰৰ নাচ। কোনো কোনো গৱেষকে ভাবে যে ই সংস্কৃত শব্দ ‘ছায়া’ৰ পৰা আহিছে। কিন্তু সীতাকান্ত মহাপাত্ৰৰ মতে 'ছাউনি' শব্দৰ পৰা ছৌ শব্দটো আহিছে।৩৪

ছৌ নাচৰ বৈশিষ্ট্য

সিংহৰ সৈতে দুৰ্গাদেৱী, পুৰুলীয়া শৈলী
সিংহৰ সৈতে দুৰ্গাদেৱী, পুৰুলীয়া শৈলীছবি: Biswarup Ganguly · CC BY 3.0

ছৌ নাচ ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাত মূলতঃ উৎসৱৰ সময়ত, বিশেষকৈ বসন্তোৎসৱ চৈত্ৰ পৰ্বৰ সময়ত পৰিবেশন কৰা হয়। পুৰুলিয়া ছৌ সৌৰোৎসৱৰ সময়ত নচা হয়।৫

মুখা পুৰুলিয়া আৰু ছেৰাইকেল্লা শৈলীৰ ছৌ নাচৰ এক অবিচ্ছেদ্য অংগ।২ নাচ, সংগীত আৰু মুখা নিৰ্মাণৰ জ্ঞান মৌখিকভাৱে এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ বিয়পি যায়।৬ উত্তৰ উৰিষ্যাৰ ছৌত নচাৰ সময়ত মুখাৰ ব্যৱহাৰ নহয়; কিন্তু আৰম্ভণিতে মঞ্চত প্ৰবেশ কৰি নৃত্য সম্পৰ্কে দৰ্শকক পৰিচিতি প্ৰদান কৰোঁতে শিল্পীসকলে মুখা পৰিধান কৰে।৭ মুখা ব্যৱহাৰ কৰা ছৌ- সমৰ-কলা আৰু নৃত্যৰ সমন্বিত ৰূপ। ছৌত যুদ্ধৰ আখৰা (যাক খেল বুলি কোৱা হয়), চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ চাল-চলন (যাক চালি আৰু টপকা বুলি কোৱা হয়) আৰু গাঁৱলীয়া তিৰোতাৰ গতিবিধি কলাত্মক ৰূপত পৰিবেশিত হয়।৫ মোহন খোকাৰৰ মতে ছৌ নৃত্যৰ এই ৰূপটোৰ কোনো আনুষ্ঠানিক অৰ্থ নাই; ই এক প্ৰকাৰৰ সামূহিক উদযাপন আৰু মনোৰঞ্জন।৮

এই নৃত্য পুৰুষ নৃত্যশিল্পীয়ে ৰাতি মুকলি ঠাইত পৰিবেশন কৰে। পৰিবেশন কৰা ঠাইখিনি আখাড়া বা আসৰ বোলা হয়। এই নাচ ছন্দময় আৰু পৰম্পৰাগত লোকসংগীতৰ সৈতে সম্পৰ্কীত। নলেৰে তৈয়াৰ কৰা এবিধ পেঁপা মহুৰি আৰু চেহনাই বজোৱা হয়। লগতে সংগত কৰা হয় নলাকাৰ ঢোল, ধূমছা (দবা সদৃশ ঢোল) আৰু খাৰকা বা চাদ-চাদি আদি বিভিন্ন ঢোলবাদ্য। এই নাচৰ বিষয়-বস্তু ভিতৰত থাকে- স্থানীয় কিংবদন্তি, লোককথা, ৰামায়ণ আৰু মহাভাৰতৰ আখ্যান আৰু অন্যান্য বিমূৰ্ত বিষয়বস্তু।২

শৈলী

কলিংগৰ গজপতি শাসনৰ সময়ত ছেৰাইকেল্লা, পুৰুলিয়া (পশ্চিম বংগ) আৰু ময়ুৰভঞ্জ (উৰিষ্যা) ছৌৰ বিকাশ ঘটিছিল। ছেৰাইকেল্লা বৰ্তমানৰ ঝাৰখণ্ডৰ ছেৰাইকেল্লা খাৰসাৱন জিলা প্ৰশাসনিক সদৰ।৯ এই তিনিটা শৈলীৰ মাজৰ আটাইতকৈ বিশিষ্ট পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ।

স্বীকৃতি

২০১০ চনত ছৌ নাচে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত স্থান পায়।১০ উৰিষ্যা চৰকাৰে ১৯৬০ চনত ছেৰাইকেল্লাত চৰকাৰী নৃত্য কেন্দ্ৰ আৰু ১৯৬২ চনত বৰিপাড়াত ময়ুৰভঞ্জ ছৌ নৃত্য প্ৰতিষ্ঠান স্থাপন কৰে। এই প্ৰতিষ্ঠানসমূহে স্থানীয় গুৰু, শিল্পী, পৃষ্ঠপোষক আৰু ছৌ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলক জড়িত কৰি প্ৰশিক্ষণ প্ৰদান কৰে আৰু চৰকাৰী পৃষ্ঠপোষকতাত ছৌ নৃত্য পৰিবেশনৰ ব্যৱস্থা কৰে। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা ছৌ নৃত্যৰ বাবে তাৎপৰ্যপূৰ্ণ চৈত্ৰ পৰ্ব উৎসৱতো অনুষ্ঠিত হয়। সংগীত নাটক একাডেমীয়ে উৰিষ্যাৰ বৰিপাড়াত ৰাষ্ট্ৰীয় ছৌ নৃত্য কেন্দ্ৰ স্থাপন কৰিছে।১১১২

তথ্যসূত্ৰ

  1. ↑ Mohan Khokar. (1984). Traditions of Indian classical dance. Clarion Books. পৃ. 184–186. ISBN 9780391032750
  2. ↑ Claus, p. 109
  3. ↑ Kishore, Vikrant. From real to reel: folk dances of India in Bollywood cinema. ISBN 978-0-9925259-5-8
  4. ↑ Movement and Mimesis: The Idea of Dance in the Sanskritic Tradition. Dordrecht, The Netherlands: Kluwer Academic Publishers, 1991
  5. ↑ CHHAU DANCE OF MAYURBHANJ
  6. ↑ Claus, p. 110
  7. ↑ Famous Folk Dance: "Chau". Purulia district official website
  8. ↑ Chhau dance UNESCO, Representative List of the Intangible Cultural Heritage of Humanity
  9. ↑ www.unesco.org/culture/ich/index.php?pg=00011 |title=Intangible Heritage Lists
  10. ↑ (30 July 2015). Chhau Dance: West Bengal's Performing Art Treasure. Utsavpedia
  11. ↑ The Official Website of Purulia District. purulia.gov.in
  12. ↑ Daricha Foundation::::::. www.daricha.org

সম্পৰ্কিত শ্ৰেণী

পৰিবেশ্য কলানৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছৌ নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৩৯৫৮২ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।