অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ৰীমতী মহিমাময়ী

শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা। ছবিখন ভাল ব্যৱসায় কৰিছিল। প্ৰযোজক গগৈৰ সকলো খৰচ ঘূৰি অহাৰ উপৰিও পূৰ্বৰ খোজ (অসমীয়া চলচ্চিত্ৰ) ছবিত হোৱা লোকচান কিছু পৰিমাণে ওভতাই পাইছিল।১২

শ্ৰীমতী মহিমাময়ী ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ। নিম্ন মধ্যবিত্ত পৰিয়ালৰ এগৰাকী কৃপণ মহিলা; যাৰ কাৰ্য-কলাপে দৰ্শকৰ মনত হাঁহিৰ উদ্ৰেক কৰে। আন এক প্ৰধান নাৰী চৰিত্ৰ কৰবী। পিতৃ পৰিচয় নাইকিয়া, কোমল আৰু আবেগিকভাবে দুৰ্বল। মাকৰ সৈতে বাস কৰে। পিতৃ পৰিচয়হীনতাৰ বাবে তাইৰ কোনো দোষ নাই। কিন্তু সমাজে তাইকে দোষাৰোপ কৰে। তাৰ বিপৰীতে কৰবীৰ মাক জীৱন সম্পৰ্কীয় সমস্যাবোৰৰ গভীৰতাৰ উমান পোৱা এগৰাকী শক্তিশালী মনৰ মহিলা। নবীন ছবিখনৰ মূল পুৰুষ চৰিত্ৰ; মহিমাময়ী তেওঁৰ মামীয়েক। এজন আধুনিক আৰু বুজনশীল ডেকাল'ৰা, যিয়ে কৰবীৰ বিৰুদ্ধে হোৱা সামাজিক অন্যায়ৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।৩

অভিনয় শিল্পী

সংগীত

সঙ্গীত পৰিচালক কুল বৰুৱা আৰু অতুল মেধি। দুয়োৰে যুটী কুল-অতুল নামেৰে জনাজাত।৪

তথ্যসূত্ৰ

  1. ↑ অতনু ভট্টাচাৰ্য. (২০১৮). মোৰ ইচ্ছামৃত্যু হ'ব যেন লাগে. সাতসৰী
  2. ↑ চন্দন কুমাৰ. পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ. muktosinta.org/
  3. ↑ Interview with Pulak Gogoi
  4. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 321

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীমতী মহিমাময়ী” প্ৰবন্ধৰ সংশোধন ৬২৩৮৮৯ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।