অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)

শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৫০৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে। নাম ভূমিকাত অৰিন্দম বৰা, আদিত্য শংকৰ হাজৰিকা আৰু দিলীপ কুমাৰ বৰুৱাই ভিন ভিন বয়সৰ চৰিত্ৰত অভিনয় কৰে। ২০১০ চনৰ ১০ মাৰ্চত এই ছবিখনে মুক্তি লাভ কৰে।১

কাহিনীৰ সাৰাংশ

বোলছবিখনৰ আৰম্ভণি হয় বৰ্তমানৰ নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত কটোৱা শঙ্কৰদেৱৰ শৈশৱ কালৰ দৃশ্যৰ পৰা। সৰুতেই মাক সত্যসন্ধা আৰু দেউতাক কুসুম্বৰ ভূঞাক হেৰোৱা শঙ্কৰে আইতাক খেৰসূতীৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়। শঙ্কৰে কেৱল ধেমালি-ধুমুলা কৰি সময় কটোৱা বাবে আইতাক চিন্তাত পৰে। যথেষ্ট পলমকৈ বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগোৱাৰ পিছত শঙ্কৰে সোনকালেই বেদ, উপনিষদ আদি পঢ়ি সম্পূৰ্ণ কৰে। টোলত পঢ়া কালতে তেখেতে "শঙ্কৰদেৱ" নাম পায়। একৈশ বছৰ বয়সত শিক্ষা সাং কৰি শঙ্কৰদেৱে "ভাগৱত" পুথিৰ মৰ্ম সহজ-সৰল ভাষাত গাঁৱৰ ৰাইজক বুজোৱা আৰম্ভ কৰে।

আইতাকৰ কথামতে শঙ্কৰদেৱে সূৰ্যৱতীক বিয়া কৰায়। কিন্তু এটি কন্যা সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু হয়। তেতিয়া শঙ্কৰদেৱে সোতৰজন সঙ্গীৰ সৈতে তীৰ্থ-ভ্ৰমণলৈ ওলাই যায়। ১২ বছৰ ধৰি তেওঁলোকে ভাৰতৰ গয়া, পুৰী, বৃন্দাবন, মথুৰা, দ্বাৰকা, কাশী, প্ৰয়াগ আদি স্থান দৰ্শন কৰে আৰু বৈষ্ণৱ ধৰ্মৰ জ্ঞান অৰ্জন কৰে। তীৰ্থৰ পৰা ঘূৰি আহি শঙ্কৰদেৱে নিজাকৈ "একশৰণ নাম ধৰ্ম"ৰ প্ৰচলন কৰে। ভক্তিক মূল বিষয় কৰা এই ধৰ্মত বৈদিক নীতি নিয়মৰ সলনিৰ নাম-প্ৰসংগৰ দ্বাৰা কেৱল কৃষ্ণক স্তুতি কৰা হয়। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শঙ্কৰদেৱে নানা দিশৰ পৰা বাধা লাভ কৰে। সেইবাবে তেখেতে অসমৰ নানা ঠাই ঘূৰি ফুৰি ধৰ্ম প্ৰচাৰ কৰিবলগীয়া হয়। মাধৱদেৱো তেতিয়া তেখেতৰ লগ লাগে।

বোলছবিখনত শিল্পী, সাহিত্যিক আৰু সমাজ সংস্কাৰক হিচাপে শঙ্কৰদেৱৰ প্ৰতিভাৰ ওপৰতো আলোকপাত কৰা হৈছে। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেখেতে কীৰ্তন-ঘোষা, গুণমালা, অংকীয়া নাট, বৰগীত আদি ৰচনা কৰিছিল। বৃন্দাবন আৰু বৈকুণ্ঠৰ দৃশ্যৰে তেখেতে শিপিনীসকলৰ সহায়ত 'বৃন্দাবনী বস্ত্ৰ' নিৰ্মাণ কৰি উলিয়াইছিল। নাম-কীৰ্তনৰ বাবে তেখেতে 'নামঘৰ' আৰু বৈষ্ণৱ সংস্কৃতিৰ শিক্ষাৰ বাবে 'সত্ৰ' স্থাপন কৰিছিল। ভেদ-ভাৱে আৱৰি ধৰা অসমীয়া সমাজখনক শঙ্কৰদেৱে একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হোৱা কাহিনী বোলছবিখনত বৰ্ণনা কৰা হৈছে।

কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত শঙ্কৰদেৱে নিজৰ প্ৰজ্ঞাৰে আন আন পণ্ডিতসকলক তৰ্ক যুদ্ধত পৰাস্ত কৰাত ৰজা অভিভূত হৈ তেখেতক ৰাজসভাত স্থান দিয়ে। ৰজাই নামধৰ্মত দিক্ষা লোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত শিষ্যসকলৰ সন্মুখত গুৰুজনাই দেহত্যাগ কৰা দৃশ্যৰে বোলছবিখনৰ সমাপ্তি হৈছে।২

মুক্তি আৰু দৰ্শকৰ সঁহাৰি

২০১০ চনৰ ১০ মাৰ্চত গুৱাহাটীৰ অনুৰাধা ছবিঘৰত বোলছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত থাকে।৩ ২ এপ্ৰিল তাৰিখে অসমৰ ২৫টা ছবিঘৰত বোলছবিখন ব্যৱসায়িকভাৱে মুক্তি দিয়া হয়। প্ৰথমে ছবিখনে দৰ্শকক আকৃষ্ট কৰিব পৰা আছিল যদিও পিছলৈ ছবিঘৰত দৰ্শকৰ কিছু সমাগম হয়।৪

অভিনেতা/অভিনেত্ৰী

কলা-কুশলী

(তথ্য পেৰাত উল্লেখ নথকা)

  • চিত্ৰনাট্য পৰীক্ষা: সঞ্জীৱ কুমাৰ বৰকাকতি
  • গীতৰ কথা: শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
  • মুখ্য সহকাৰী পৰিচালক: দিবাকৰ গগৈ
  • প্ৰযোজনা ব্যৱস্থাপক: চন্দ্ৰ ভূঞা, ৰবীন ভূঞা
  • সাজ-সজ্জা আৰু ৰূপসজ্জা: অসীম বোথ্ৰা
  • কলা নিৰ্দেশনা: গোলোক সাহা
  • শব্দগ্ৰহণ: দীপক দত্ত, বিজয় নাথ, মনোৰঞ্জন দাস (বাবুল)
  • স্থিৰচিত্ৰ: প্ৰহ্লাদ চন্দ্ৰ ডেকা

তথ্যসূত্ৰ

  1. ↑ News and Events. S.H.EDUCATIONAL TRUST
  2. ↑ About The Film. S.H.EDUCATIONAL TRUST
  3. ↑ (১০ মাৰ্চ, ২০১০). 'শ্ৰীমন্ত শংকৰদেৱ'ৰ দৰ্শনী উদ্বোধন
  4. ↑ May 29, 2010. Srimanta Sankardeva drawing huge crowds. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৯০৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।