বিশ্ব ধঁপাতবিৰোধী দিৱস গোটেই পৃথিৱীতে প্ৰতিবছৰে মে মাহৰ ৩১ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়।১ বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে। বিগত দুই দশক ধৰি নানান চৰকাৰ, স্বাস্থ্য সংস্থা, ধুম্ৰপাণকাৰী, ধঁপাত উদ্যোগ আদিৰ পৰা নানা ধৰণৰ ধনাত্মক আৰু ঋণাত্মক সঁহাৰিৰে ইয়াক উৎযাপন কৰি অহা হৈছে।
উদ্দেশ্য
বিশ্ব ধঁপাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰচেষ্টা আৰু প্ৰতি বছৰে ৩১ মে'ত পালন কৰা হয়। এই অভিযানৰ উদ্দেশ্য হৈছে ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা। ইয়াৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। ২০২১ চনৰ বাবে বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে "ত্যাগ কৰিবলৈ প্ৰতিশ্ৰুতি বদ্ধ" (“Commit to Quit”)।
বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁপাত সংকট আৰু মহামাৰীৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনত বিশ্ব ধঁপাত বিৰোধী দিৱস সৃষ্টি কৰিছিল। বিশ্ব স্বাস্থ্য সভাই (World Health Assembly) ১৯৮৭ চনত ডব্লিউএইচএ৪০.৩৮ প্ৰস্তাৱ (Resolution WHA40.38) গৃহীত কৰিছিল, আৰু ৭ এপ্ৰিলক "বিশ্ব ধূমপান বিৰোধী দিৱস" (“World No-Smoking Day”) পালন কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত, ১৯৮৮ চনত বিশ্ব ধঁপাত বিৰোধী দিৱসৰ বাৰ্ষিক পালন (Annual Observance of World No Tobacco Day) হিচাপে ৩১ মে' জাৰী কৰি প্ৰস্তাৱ ডব্লিউএইচএ৪২.১৯ (Resolution WHA42.19) গৃহীত কৰা হৈছিল।
ধঁপাতৰ প্ৰভাৱ
বিশ্ব স্বাস্থ্য সংস্থাই ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে ৮ নিযুত লোকৰ মৃত্যু হোৱাৰ প্ৰতিবেদন দিছে। বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ হিচাপে, চীন হৈছে চিগাৰেট উদ্যোগৰ শীৰ্ষস্থানত। বিশ্বৰ মুঠ চিগাৰেটৰ ৩০% ৰো অধিক ২০১৪ চনত চীনত উৎপাদন আৰু সেৱন কৰা হৈছিল।
ধঁপাতৰ ফলত হোৱা প্ৰায় ৮০% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত হয়। অৰ্থাৎ, আটাইতকৈ দৰিদ্ৰ লোকসকল আটাইতকৈ নেতিবাচকভাৱে প্ৰভাৱিত হয়। আসক্তিৰ বাবে, শিক্ষা, খাদ্য বা স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰিব পৰা ধন ধঁপাতলৈ যায়।
পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকলৰ প্ৰায় ২৮% শিশু। বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব ধঁপাত বিৰোধী দিৱস
বিশ্ব ধঁপাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বাস্থ্যৰ প্ৰতি জনগণক সজাগ কৰিবলৈ কৰা আঠটা প্ৰচাৰ অভিযানৰ অন্যতম। বাকী কেইটা হ'ল বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ৰক্তদাতা দিৱস,বিশ্ব টীকাকৰণ সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব হেপাটাইটিছ দিৱস আৰু বিশ্ব এইড্চ দিৱস।২
তথ্যসূত্ৰ
- ↑ World Health Organization. Tobacco. Fact Sheet N°339, Updated May 2017. Geneva. Accessed 6 January 2015
- ↑ World Health Organization, WHO campaigns.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ধঁপাতবিৰোধী দিৱস” প্ৰবন্ধৰ সংশোধন ২৮০১১৬ (২ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।