বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মুগা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: মুগা (ৰেছম) মুগা (পলু) মুগা (বৰণ)
-
কৰ্ণ
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। কৰ্ণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। কৰ্ণ (অংগ) কৰ্ণ (মহাভাৰত)
-
জুলাই
জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।
-
ৰামধেনু
ৰামধেনু (Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়।
-
ডিচেম্বৰ
ডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ। এই মাহটো ৩১ দিনীয়া। ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে। ইয়াৰ অৰ্থ দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল। সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ।
-
পাটলিপুত্ৰ
পাটলিপুত্ৰ আছিল প্ৰাচীন ভাৰতৰ এখন চহৰ। এয়া বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনা চহৰৰ ওচৰত অৱস্থিত আছিল ৷ খ্ৰীষ্টপূৰ্ব ৪৯০ চনত মগধৰ ৰজা অজাতশত্ৰুৱে গংগা নদীৰ পাৰত এটা সৰু দুৰ্গ আকৃতিত পতলিগ্ৰাম বা পাটলিপুত্ৰ চহৰখন স্থাপন কৰিছিল।
-
শৰৎ ঋতু
শৰৎ ঋতু (Autumn বা Fall) ছয় ঋতুৰ তৃতীয় ঋতু। ভাদ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। ইংৰাজীত এই ঋতুক Autumn বা Fall বোলে।
-
ছেপ্টেম্বৰ
ছেপ্টেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ নৱম মাহ। এই মাহত মুঠ ৩০ দিন।
-
আগষ্ট
আগষ্ট গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ অষ্টম মাহ। এই মাহত মুঠ ৩১ দিন।
-
নৱেম্বৰ
নৱেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।
-
বৰবৰুৱা
বৰবৰুৱা বা ফুকেলু'ঙ (Borbarua, আহোম ভাষা: 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও প্ৰতাপসিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলীক প্ৰথম এই পদবী দিছিল।
-
অমাৱস্যা
অমাৱস্যা (अमावस्या) হৈছে কৃষ্ণ পক্ষ অনুসৰি ন জোনৰ দিন। হিন্দু কেলেণ্ডাৰৰ দুই পক্ষ ক্ৰমে শুক্ল আৰু কৃষ্ণ পক্ষৰ মুঠ ৩০টা দিনৰ ভিতৰত কৃষ্ণ পক্ষৰ অন্তিমটো দিন। সেই দিনা আকাশত চন্দ্ৰ দৃশ্যমান নহয়। আমাৱস্যাৰ সময়ত চন্দ্ৰটো চন্দ্ৰ আৰু সূৰ্যৰ মাজত ১২° কোণৰ দৈঘ্যত অৱস্থান কৰে।
-
নৰসিংহ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
নৰসিংহই তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:
-
ফটোগ্ৰাফী
ফটোগ্ৰাফী (Photography) হৈছে পোহৰ ৰেকৰ্ড কৰি দীৰ্ঘম্যাদী ছবি সৃষ্টি কৰাৰ কলা, প্ৰয়োগ, আৰু অনুশীলন। ছবিসমূহ হয়তো ইমেজ চেন্সৰৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে নাইবা ফটোগ্ৰাফিক ফিল্মৰ দৰে পাতল-সংবেদনশীল সামগ্ৰীৰ জৰিয়তে ৰাসায়নিকভাৱে সৃষ্টি কৰা হয়।
-
লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
লাও বা লাউ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়। লাও (পাচলি) হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি। লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা। লাও জনগোষ্ঠী দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী।
-
বুধবাৰ
বুধবাৰ হৈছে সপ্তাহৰ এটা দিন, যিটো মঙ্গলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন। বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ বুলি ধৰা হয়।
-
অহিংসা
অহিংসা (Nonviolence) হৈছে কোনো পৰিস্থিতিতে আনৰ অনিষ্ট সাধন নকৰাৰ এক ব্যক্তিগত অনুশীলন। এই অনুশীলনৰ উৎপত্তি হৈছে এই বিশ্বাসৰ আধাৰত যে, সফলতা লভিবৰ বাবে মানুহ, জন্তু বা পৰিৱেশৰ অনিষ্ট সাধন কৰাৰ প্ৰয়োজন নাই। ই হিংসাৰ পৰা আঁতৰি থকাৰ এক সাধাৰণ দৰ্শন।
-
দেওবাৰ
দেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়। পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়।
-
নিউটন
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। নিউটন শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। * আইজাক নিউটন নিউটন (একক)
-
বুঢ়াগোহাঞি
বুঢ়াগোহাঞি বা চাও ফ্ৰং মূ'ঙ (আহোম ভাষা:𑜋𑜧𑜨 𑜇𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫) হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চুকাফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল।
-
মিছ ইউনিভাৰ্ছ
মিছ ইউনিভাৰ্ছ (in English: Miss Universe) বা ব্ৰহ্মাণ্ড সুন্দৰী হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছ ইউনিভাৰ্ছ সংগঠনে পৰিচালনা কৰে। ১৯০ তকৈও অধিক অঞ্চলত ৫০০ মিলিয়নতকৈও অধিক আনুমানিক দৰ্শকৰ সৈতে ই বিশ্বৰ আটাইতকৈ বেছিকে উপভোগ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা।
-
মৰাণ
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মৰাণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। * মৰাণ জনগোষ্ঠী, অসমৰ এক জনগোষ্ঠী মৰাণ ভাষা মৰাণ (নগৰ), ডিব্ৰুগড় জিলাৰ এখন নগৰ মৰাণহাট, শিৱসাগৰ জিলাৰ এখন নগৰ
-
সপ্তাহ
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়। উক্ত সাতদিন হ'ল: দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বা শুকুৰবাৰ শনিবাৰ
-
জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। জোনাকী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: জোনাক বা জোনাকী: জোনৰ পোহৰ জোনাকী পৰুৱা: পোহৰ সৃষ্টি কৰিব পৰা এক প্ৰকাৰৰ নিশাচৰ পতংগ জোনাকী (আলোচনী): ১৮৮৯ চনত প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনী জোনাকী যুগ: অসমীয়া সাহিত্যৰ ৰোমাণ্টিকতাবাদৰ যুগ জোনাকী ছবিঘৰ:…
-
বৰ্গক্ষেত্ৰ
বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।
-
মৌ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
মৌ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: মৌ-মাখি: এবিধ পতংগ মৌ-জোল: মৌ-মাখিয়ে সংগ্ৰহ কৰা ফুলৰ ৰেণুৰ ৰস মৌ (আলোচনী): ১৮৮৬ চনত প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনী
-
সোমবাৰ
সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ।
-
ৰবৰ
ৰবৰ একপ্ৰকাৰৰ স্থিতিস্থাপক কঠিন দ্ৰব্য। ৰবৰ দুই প্ৰকাৰৰ- * প্ৰাকৃতিক বা স্বাভাৱিক ৰবৰ, কৃত্ৰিম বা সংশ্লেষিত ৰবৰ
-
কুলম্ব
কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।
-
ঘনত্ব
ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব:⟨\rho = \frac{m}{V},⟩ য'ত m ভৰ আৰু V আয়তন।