দেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়।১ পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়। পৃথিৱীৰ বেছিভাগ দেশতে দেওবাৰটো বন্ধৰ দিন।২ দেওবাৰক ৰবিবাৰ বুলিও কোৱা হয়। ৰবি হৈছে সূৰ্য্য দেৱতাৰ আন এটা নাম।
জ্যোতিৰ্বিদ্যাত
জ্যোতিৰ্বিদ্যাত দেওবাৰটো ৰবী অৰ্থাৎ সূৰ্য্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াক ☉ চিহ্নৰে প্ৰকাশ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Sunday · Rest, Worship, Reflection · Britannica. www.britannica.com
- ↑ National, The. (2021-12-07). Which countries have a Friday-Saturday weekend?. The National
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৩৯৪ (৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।