অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অমাৱস্যা

অমাৱস্যা (अमावस्या) হৈছে কৃষ্ণ পক্ষ অনুসৰি ন জোনৰ দিন। হিন্দু কেলেণ্ডাৰৰ দুই পক্ষ ক্ৰমে শুক্ল আৰু কৃষ্ণ পক্ষৰ মুঠ ৩০টা দিনৰ ভিতৰত কৃষ্ণ পক্ষৰ অন্তিমটো দিন। সেই দিনা আকাশত চন্দ্ৰ দৃশ্যমান নহয়। আমাৱস্যাৰ সময়ত চন্দ্ৰটো চন্দ্ৰ আৰু সূৰ্যৰ মাজত ১২° কোণৰ দৈঘ্যত অৱস্থান কৰে।

হালনাগাদ: ১৫ এপ্ৰিল ২০২১ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অমাৱস্যা (अमावस्या) হৈছে কৃষ্ণ পক্ষ অনুসৰি ন জোনৰ দিন। হিন্দু কেলেণ্ডাৰৰ দুই পক্ষ ক্ৰমে শুক্ল আৰু কৃষ্ণ পক্ষৰ মুঠ ৩০টা দিনৰ ভিতৰত কৃষ্ণ পক্ষৰ অন্তিমটো দিন। সেই দিনা আকাশত চন্দ্ৰ দৃশ্যমান নহয়।১২ আমাৱস্যাৰ সময়ত চন্দ্ৰটো চন্দ্ৰ আৰু সূৰ্যৰ মাজত ১২° কোণৰ দৈঘ্যত অৱস্থান কৰে।৩ আমাৱস্যাৰ পিছতেই প্ৰতিপদ আৰম্ভ হয়।

ধৰ্মীয় বিশ্বাস

পিতৃপক্ষ

মূল প্ৰবন্ধ: পিতৃপক্ষ

হিন্দু বিশ্বাস অনুযায়ী, পিতৃপক্ষত প্ৰেতকৰ্ম (শ্ৰাদ্ধ), তৰ্পণ ইত্যাদি মৃত্যু-সংক্ৰান্ত আচাৰ-অনুষ্ঠান পালিত হোৱা হেতুকে এই পক্ষ শুভকাৰ্যৰ বাবে প্ৰশস্ত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিমাহৰ অমাৱস্যা তিথি পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আয়োজনৰ বাবে উপযুক্ত দিন। দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰৱৰ্তী পূৰ্ণিমা (ভাদৰ পূৰ্ণিমা) তিথিত এই পক্ষ আৰম্ভ হৈ সৰ্বপিতৃ অমাৱস্যা, মহালয়া অমাৱস্যা বা মহালয়াৰ দিনা সমাপ্ত হয়। উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবৰ্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বোলে।

তথ্যসূত্ৰ

  1. ↑ Most, Glenn W. Hesiod Volume 1: Theogony. Works and Days. Testimonia. Loeb Classical Library 57, Harvard University Press, Cambridge, Massachusetts, 2006
  2. ↑ Kolev, Rumen. The Babylonian Astrolabe. State Archives of Assyria Studies, Volume XXII, 2013
  3. ↑ Cole, Freedom. Amāvásya and Pratipad. Jyotish Digest, Vol XI, Issue II, April-Sep 2014

সম্পৰ্কিত শ্ৰেণী

তিথি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমাৱস্যা” প্ৰবন্ধৰ সংশোধন ২৭১১৫৯ (১৫ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।