ডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ। এই মাহটো ৩১ দিনীয়া। ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে। ইয়াৰ অৰ্থ দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল। সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ। পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয়। মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায়। এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে।
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'ল: বিশ্ব এইড্ছ দিৱস (১ ডিচেম্বৰ), ভূপালৰ গেছ দুৰ্ঘটনা (২ ডিচেম্বৰ, ১৯৮৪), মানৱ অধিকাৰ দিৱস (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), বৰদিন (২৫ ডিচেম্বৰ) আদি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ২৬১৫৩৯ (৫ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।