বৰবৰুৱা বা ফুকেলু'ঙ (Borbarua, টাই-আহোম ভাষা: 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও চুচেংফাই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলীক প্ৰথম এই পদবী দিছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞিয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন্ত্ৰণ কৰিছিল।
বৰবৰুৱা সকলৰ তালিকা
- মোমাই তামুলী
- তাঙাচু বৰবৰুৱা
- চেঙধৰা বৰবৰুৱা
- বেঙখোৱা বৰবৰুৱা
- পেলন বৰবৰুৱা (ঘৰা কোৱৰ ভিতাৰুল ফুকন)
- লেচাই দেবেৰা বৰবৰুৱা
- লানছিঙ শাইকান কিৰকিৰিয়া বৰবৰুৱা
- মেছা বৰবৰুৱা
- চক্ৰপানী বৰবৰুৱা
- মৰঙ্গী বৰবৰুৱা
- দিহিঙীয়া আলুন বৰবৰুৱা
- টেমা বৰবৰুৱা (লাহন)
- বকতিয়াল ৰূপচন্দ্ৰ বৰবৰুৱা
- কীৰ্তিচন্দ্ৰ (গেন্ধেলা) বৰবৰুৱা
- ভদ্ৰসেন বৰবৰুৱা (বকতিয়াল পৰিয়াল)
- ভদ্ৰসেন (এদাবৰীয়া সন্দিকৈ) বৰবৰুৱা
- নামতিয়াল বগতী সন্দিকৈ বৰবৰুৱা
- বকতিয়াল জয়ন্ত বৰবৰুৱা
- বাচকতীয়া লাহন বৰবৰুৱা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰবৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১২৭২০ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।