অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বুঢ়াগোহাঞি

বুঢ়াগোহাঞি বা চাও ফ্ৰং মূ'ঙ (আহোম ভাষা:𑜋𑜧𑜨 𑜇𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫) হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁ‌ইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চুকাফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৪ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

বুঢ়াগোহাঞি বা চাও ফ্ৰং মূ'ঙ (টাই-আহোম ভাষা:𑜋𑜧𑜨 𑜇𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫) হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁ‌ইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চ্যু-কা-ফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল। নাবালক বা অকৰ্মণ্য ৰজা বা শাসকবিহীন অৱস্থাত বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞিকে ধৰি অন্যান্য বিষয়াসকলেৰে মিলি বুঢ়াগোহাঁ‌য়েই প্ৰকৃতাৰ্থত শাসনভাৰ চলাইছিল। সাধাৰণ অৱস্থান ডাঙৰীয়াজনে দিখৌ নৈৰ উত্তৰপাৰৰ পৰা শদিয়া পৰ্যন্ত শাসন কৰিছিল।

বুঢ়াগোহাঞিৰ তালিকা

  • থাও মঙ ক্লিন মান ৰাই
  • থাও ৰু-ৰু
  • থাও ফ্ৰঙ ডাম
  • খেন-পঙ
  • ফুন-লং-খাম-পেঙ
  • থাও-মঙ-চাং-ৰাই
  • থাও-মঙ-নাং-ধু-পু-ৰা
  • লজান-চাও-ফ্ৰঙ-ডাম
  • লপেট চাও-ফ্ৰন-ডাম
  • আইখেক বুঢ়াগোহাঁই
  • চাওপেত বুঢ়াগোহাঁ‌ই
  • থকবক বুঢ়াগোহাঁ‌ই
  • শুকুলাসুদা বুঢ়াগোহাঁ‌ই
  • সৰিয়হ বুঢ়াগোহাঁ‌ই
  • হাতীপোৱালি বুঢ়াগোহাঁ‌ই
  • লছাম বুঢ়াগোহাঁ‌ই
  • আতন বুঢ়াগোহাঁ‌ই
  • দিলিহীয়াল লাঙি বুঢ়াগোহাঁ‌ই
  • কুৱৈগঞা মাও বুঢ়াগোহাঁ‌ই
  • লংকাকিয়া খামপেঙ বুঢ়াগোহাঁ‌ই
  • কুৱৈগঞা লাইচেং বুঢ়াগোহাঁ‌ই
  • দিলিহীয়াল আফৌ খামপেত বুঢ়াগোহাঁ‌ই
  • বাইলুঙ বায়ন বুঢ়াগোহাঁ‌ই
  • ডমাই বুঢ়াগোহাঁ‌ই
  • চেংমুন বুঢ়াগোহাঁ‌ই
  • বাইলুঙীয়া সোণাই বুঢ়াগোহাঁ‌ই
  • লাংমাই কলীয়া বুঢ়াগোহাঁ‌ই
  • কুৱৈগঞা ভাগী বুঢ়াগোহাঁ‌ই
  • ঘনশ্যাম বুঢ়াগোহাঁ‌ই
  • পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ই
  • ৰুচিনাথ বুঢ়াগোহাঁ‌ই

গ্ৰন্থপঞ্জী

  • Gait, Edward (1905) History of Assam, Calcutta

সম্পৰ্কিত শ্ৰেণী

উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুঢ়াগোহাঞি” প্ৰবন্ধৰ সংশোধন ৪১৯৮৫০ (২৮ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।