ৰামধেনু (Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল:১
| বেঙুনীয়া Violet | ঘন নীলা Indigo | নীলা Blue | সেউজীয়া Green | হালধীয়া Yellow | সুমথিৰা Orange | ৰঙা Red |
পানীৰ কণিকাৰ মাজেদি অহা পোহৰ ৰশ্মি এই সাতটা ৰঙলৈ বিচ্ছুৰিত হৈ ৰামধেনু হিচাপে দেখা দিয়ে।
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামধেনু” প্ৰবন্ধৰ সংশোধন ২০৭৮৫৫ (২৩ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।