শৰৎ ঋতু (Autumn বা Fall) ছয় ঋতুৰ তৃতীয় ঋতু। ভাদ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। ইংৰাজীত এই ঋতুক Autumn বা Fall বোলে। উত্তৰ গোলাৰ্ধত ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ গোলাৰ্ধত মাৰ্চ মাহৰ পৰা গ্ৰীষ্ম আৰু শীত কালৰ মধ্যৱৰ্তী ঋতু হিচাপে শৰৎ ঋতুৰ আগমন ঘটে।১ এই সময়ত দিন চুটি আৰু ৰাতি দীঘল হয়। পুৱাৰ ভাগলৈ সামান্য শীতৰ অনুভৱ হয়। দিনৰ প্ৰায় ভাগ সময়ত তাপমাত্ৰা নাতিশীতোষ্ণ। এই ঋতুত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। গছৰ পাত সৰিবলৈ ধৰে।২ শেৱালি ফুল, বকুল আদি কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন যেনে দুৰ্গা পূজা, লক্ষ্মী-পূজা, দেৱালী, কালী-পূজা আদি অনুষ্ঠিত হয়। এই সময়ত খেতিয়কৰ অভাৱ অনাটন হয়। অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিহিত কৰা হয়।
তথ্যসূত্ৰ
- ↑ Weather Centre - Features - Understanding Weather - Autumn Forecasting. BBC
- ↑ Arnold, Kathy. (11 October 2010). Travel. Fall in North America: autumn colour in New England and beyond
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰৎ ঋতু” প্ৰবন্ধৰ সংশোধন ৩৭৯৪৪৩ (২৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।