বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পশ্চিমবংগৰ ৰাজ্যিক প্ৰতীক
পশ্চিমবংগৰ ৰাজ্যিক প্ৰতীক হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ চৰকাৰী ছাব।
-
পাকিস্তানৰ বৈদেশিক সেৱা
পাকিস্তানৰ বিদেশ সেৱা (উৰ্দু: ملازمتِ خارجہ پاکستان ) পাকিস্তানৰ কেন্দ্ৰীয় উচ্চ সেৱাৰ অংশ। ১৯৪৭ চনত পাকিস্তানৰ সৃষ্টি আৰু স্বাধীনতাৰপৰাই ই এক অস্থায়ী সংগঠন হিচাপে কাম কৰি অহা ১৯৫২ চনৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।
-
পাছিথিয়া (শ্ৰুতিকথা)
পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα বা Πασιθέη; ইংৰাজী: Pasithea; সাম্ভৱ্য অৰ্থ: 'সকলোৰে ওচৰলৈ দৌৰি যোৱাজন' বা 'সকলোৱে শ্ৰদ্ধা কৰা দেৱী') গ্ৰীক শ্ৰুতিকথাত পাৰ্ছিথিয়া বুলিলে তলৰ চৰিত্ৰ কেইটা বুজোৱা হয়: পাছিথিয়া: গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০…
-
পাঞ্জাবী ঘাগৰা
পাঞ্জাবী ঘগ্ৰা (Punjabi ghagra , পাঞ্জাবী: ਘੱਗਰਾ) হৈছে তেৱাৰ বা 'টি-অৰ' নামেৰে জনাজাত চাৰিটা টুকুৰাৰ সাজ-পোছাক যিটো পৰম্পৰাগতভাৱে সমগ্ৰ পঞ্জাৱ অঞ্চলৰ পাঞ্জাবী মহিলাসকলে পিন্ধে। এই সাজ-পোছাকযোৰৰ লগত মূৰত ফুলাম চুন্নি, কুৰ্তা বা কুৰ্তি (চোলা), ঘাগ্ৰা (দীঘল স্কাৰ্ট) আৰু এটা বহল পেণ্ট পিন্ধা হয়।
-
পাঞ্জাবী তাম্বা আৰু কুৰ্তা
পাঞ্জাবী কুৰ্তা আৰু তাম্বা (Punjabi Kurta and Tamba) পঞ্জাৱৰ পুৰুষৰ পৰম্পৰাগত সাজ-পোছাক।
-
পাটাচোলা
পাটাচোলা(অৰ্থাৎ এঠেঙীয়া ) কলম্বীয় লোকগাথাৰ অৰণ্যনিবাসী এক মহিলা দানৱ। ইহঁতে সাধাৰণতে জংঘলৰ মাজত অকলে থকা পুৰুষ চিকাৰী বা কাঠকটীয়া সকলক লক্ষ্য কৰে, বিশেষকৈ তেওঁলোকে যদি মহিলাৰ বিষয়ে চিন্তা কৰে। পাটাচোলাই সৌন্দৰ্যময়ী মোহিনী ৰূপত দেখা দিয়ে আৰু প্ৰায়ে চিকাৰৰ পৰিচিত প্ৰিয়জনৰ ৰূপ লৈ আহে।
-
পাঠ প্ৰসংগ প্ৰণালী
পাঠ প্ৰসংগ প্ৰণালী (contextual method) হৈছে লোকসংস্কৃতি অধ্যয়নৰ এটা পদ্ধতি। পাঠ প্ৰসংগ প্ৰণালী সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ মতে লোক-বিদ্যা সম্পৰ্কীয় উপাদানৰ অন্তৰালত আছে সেইবোৰৰ প্ৰসংগ বা অনুষংগ। প্ৰসংগ বা অনুষংগ অবিহনে লোক-বিদ্যা সম্পকীয় পাঠ (folklore text) প্ৰানহীন।
-
পাপ্পি প্ৰেগনেন্সি চিনড্ৰম
পাপ্পি প্ৰেগনেন্সি চিনড্ৰম (পিপিএছ) (Puppy pregnancy syndrome) হ'ল মানুহৰ এক মানসিক ৰোগ যিটো গণ উন্মাদৰ ফলত হয়। পি.পি.এছ.-ত আক্ৰান্ত লোকসকলে বিশ্বাস কৰে যে কুকুৰে কামুৰাৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ পেটৰ ভিতৰত কুকুৰ পোৱালী জন্ম হয়।
-
পামোলা
পামোলা (পামোলাই, পি-মল-এ, পমোলা, আৰু বিমোলা নামেৰেও জনাজাত) আবেনাকি পৌৰাণিক কাহিনীত উল্লেখ থকা এটা কিংবদন্তি চৰাইৰ আত্মা। এই আত্মাই ঠাণ্ডা বতৰৰ সৃষ্টি কৰে। বিশেষকৈ পেনোবস্কট জনজাতীয় লোকসকলৰ মতে, পামোলা মেইনৰ আটাইতকৈ ওখ পৰ্বত কাটাহডিনত বাস কৰিছিল।
-
পালানোক দুৰ্গ
পালানোক দুৰ্গ (Palanok Castle) বা মুকাচেভো দুৰ্গ হৈছে পশ্চিম ইউক্ৰেইনৰ জাকাৰপাটিয়া অব্লাষ্ট (প্ৰদেশ)ৰ মুকাচেভো চহৰৰ এটা ঐতিহাসিক দুৰ্গ। পালানোক দুৰ্গ অতি সযতনে সংৰক্ষণ কৰা হৈছে, আৰু ই ৬৮ মিটাৰ (২২৩ ফুট) উচ্চতা, পূৰ্বতে আগ্নেয়গিৰিৰ পাহাৰত অৱস্থিত।
-
পাহলৱী ৰাজমুকুট
পাহলৱী ৰাজমুকূট (Pahlavi Crown ) পাহলৱী যুগত (১৯২৫–১৯৭৯) ব্যৱহৃত ইৰাণৰ ৰাজ অভিষেকৰ মুকুট আছিল। পাহলৱী মুকুট ইৰাণৰ ৰাষ্ট্ৰীয় ৰত্নসমূহৰ মাজত ইৰাণ চৰকাৰৰ তত্ত্বাৱধানত বৰ্তমান ৰখা হয়।
-
পাহলৱীবাদ
পাহলৱীবাদ (Pahlavism)হৈছে ইৰাণৰ পাহলৱী বংশৰ (১৯২৫–১৯৭৯) শাসনৰ লগত জড়িত ইৰাণী জাতীয়তাবাদী আৰু ৰাজতন্ত্ৰবাদী মতাদৰ্শ। ইয়াত ৰাষ্ট্ৰ-নেতৃত্বাধীন আধুনিকীকৰণ প্ৰক্ৰিয়া,, দেশখনৰ প্ৰাক-ইছলামিক অতীতক গুৰুত্ব দিয়া ইৰাণী জাতীয়তাবাদ আৰু এক শক্তিশালী কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ সংমিশ্ৰণ ঘটিছিল।
-
পাৰবীন ফৰ্জানা আবছৰ
পাৰবীন এফ আবছাৰ:Parveen Farzana Absar, ভাৰতৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী। ২০১৭ চনত টেৰেটামন প্ৰজাতিৰ আৰু স্পিলিয়াম প্ৰজাতিৰ টেৰেটামন এবছাৰাম নামৰ মিঠা পানীৰ কেঁকোৰা এটা প্ৰজাতিৰ আৱিষ্কাৰৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
পাৰিবাৰিক লোককথা
পৰিয়াল লোককথা(Family Folklore) হৈছে ব্যক্তিগত পৰিয়ালৰ গোটৰ ভিতৰত সংক্ৰমিত লোককথা আৰু পৰম্পৰাগত সংস্কৃতিৰ অধ্যয়ন আৰু ব্যৱহাৰৰ সৈতে জড়িত লোককথাৰ শাখা। ইয়াৰ ভিতৰত পৰিয়ালৰ সদস্যই উৎপাদিত শিল্পকৰ্ম বা পৰিয়ালৰ অনুষ্ঠানৰ সোঁৱৰণী হিচাপে সংৰক্ষণ কৰা স্মৃতিচিহ্নসমূহো অন্তৰ্ভুক্ত।
-
পিংকী লিলানী
নুছৰত মেহবুব লিলানীচিবিই ডিএল বা পিংকি লিলানী (:Pinky Lilani বা Nusrat Mehboob Lilani,জন্ম ২৫ মাৰ্চ ১৯৫৪), এগৰাকী লেখিকা, প্ৰেৰণাদায়ক বক্তা, খাদ্য বিশেষজ্ঞ আৰু মহিলাৰ সমৰ্থক।
-
পিএছএলভি-চি৩৭
পিএছএলভি-চি৩৭ (কাৰ্ট'ছেট-২ উপগ্ৰহ শৃংখলা বুলিও কোৱা হয়) হৈছে পিএছএলভি আঁচনি যাৰ দ্বাৰা অভিলেখ সংখ্যক ১০৪টা উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়াৰ লগতে কক্ষপথত সংস্থাপনো কৰা হয়।
-
পিকাচু
পিকাচু (ピカチュウ) এটি কাল্পনিক পকেমনৰ প্ৰজাতি। পকেমন বিভিন্ন কিতাপ, এনিমেশ্যন ছবি, দূৰদৰ্শন, ভিডিঅ' খেল, বিণিজ্য পাত খেল আদিত প্ৰকাশিত কাল্পনিক প্ৰাণী যাৰ মালিকী স্বত্ব জাপানৰ পকেমন কোম্পানীৰ হাতত। কেন চুগিম'ৰিয়ে সাজি উলিওৱা পিকাচু প্ৰথম ১৯৯৬ত প্ৰকৃত গেম বয়ৰ খেল পকেমন ৰেড এণ্ড ব্লুত ওলাইছিল।
-
পিছল পেৰি
পিছল পেৰি বা পিছাল পেয়াৰী (Pichal Peri) (পাঞ্জাবী: ਪਿੱਛਲ ਪੈਰੀ, হিন্দী: पिछल पेৰী, উৰ্দু: پچھل پيری "উলোটা ভৰি থকা") হ'ল উত্তৰ-পশ্চিম দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ প্ৰেতনী, এনে নামকৰণ কাৰণ ইহঁতৰ সাধাৰণ চেহেৰা হৈছে এগৰাকী মহিলা হিচাপে দীঘল চুলিৰে মুখ আৱৰি থকা আৰু ভৰি পিছফালে আঙুলিয়াই থকা।
-
পিধিৰ্টছি দুৰ্গ
পিধিৰ্টছি দুৰ্গ (Pidhirtsi Castle; zamek w Podhorcach) হৈছে ইউক্ৰেইনৰ লভিভ অঞ্চলৰ পিধিৰ্টছি গাঁৱত অৱস্থিত এটা দুৰ্গ-ৰাজপ্ৰাসাদ। ই লভিভৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ পূবত অৱস্থিত।
-
পিন ক'ড H0H 0H0
পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বাবে নিৰ্ধাৰিত পিন ক'ড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন ক'ড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে।
-
পিসাংকা
পিসাংকা (Гуцульська писанка) ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ হুচুল জনগোষ্ঠীৰ পৰম্পৰাগত সজ্জিত কণী। ই মম প্ৰতিৰোধ পদ্ধতিৰে কুকুৰাৰ কণীৰ খোলাত বিভিন্ন ৰং আৰু অলংকাৰ অংকন কৰি প্ৰস্তুত কৰা হয়। এই পৰম্পৰা বিশেষকৈ ইভানো-ফ্ৰাংকিভস্ক অঞ্চলৰ কোছমাচ গাঁৱত প্ৰসিদ্ধ।
-
পুত্ৰী টাংগুক
পুত্ৰী টাংগুক ইণ্ডোনেছিয়াৰ জাম্বি লোককথাৰ এটা চৰিত্ৰ। কাহিনী অনুসৰি, পুত্ৰী টাংগুক নামৰ এগৰাকী মাতৃ আছিল। তেওঁৰ সাতটা সন্তান আছিল আৰু তেওঁ স্বামীৰ সৈতে বাস কৰিছিল। তেওঁৰ স্বামী আৰু তেওঁ দুয়োজনেই কৃষক আছিল।
-
পুমা ছুইড
জোহানা জুচিনিয়েমি তেওঁৰ মঞ্চনামৰ প্ৰথম অংশটো ‘ফৰ্ড পুমা’ স্পৰ্টছ কাৰখনৰ পৰা লোৱা হৈছে। ২০০৫ চনৰ পৰা তেওঁ ২০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
পুষ্পা গিৰিমাজী
পুষ্পা গিৰিমাজী: Pushpa Girimaji; এগৰাকী লেখিকা, সাংবাদিক, গ্ৰাহক অধিকাৰৰ স্তম্ভলেখক আৰু গ্ৰাহক সুৰক্ষাৰ অধিবক্তা। তিনি দশকৰো অধিক সময় ধৰি অবিৰতভাৱে সাপ্তাহিক গ্ৰাহকৰ স্তম্ভ লিখি থকা একমাত্ৰ ভাৰতীয় সাংবাদিক।
-
পূৰ্ব বংগৰ শৰণাৰ্থী
পূৰ্ব বংগৰ শৰণাৰ্থী ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ স্বাধীনতাৰ অংশ হিচাপে থকা বংগ বিভাজনৰ পিছত পূব বংগ এৰি যোৱা লোকসকল হৈছে পূব বঙালী শৰণাৰ্থী। পশ্চিম পাকিস্তানৰ সৈতে বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) প্ৰায় দহ নিযুত লোকে দেশ এৰি পলায়ন কৰি ভাৰতলৈ, বিশেষকৈ পশ্চিম বংগ আৰু…
-
পূৰ্বৰ লভ্যাংশৰ তাৰিখ
পূৰ্বৰ লভ্যাংশ তাৰিখ [English: Ex-Dividend Date) (লভ্যাংশ পুনঃবিনিয়োগ পৰিকল্পনাৰ অধীনত থকা শ্বেয়াৰসমূহৰ পুনঃবিনিয়োগৰ তাৰিখত সামঞ্জস্য কৰা) হৈছে এটা বিনিয়োগ-সংশ্লিষ্ট শব্দ, য’ত ৰাজহুৱা বা ব্যক্তিগতভাৱে অনুষ্ঠিত কৰ্পৰেচন, আয় ন্যাস, আৰু অন্যান্য বিত্তীয় হোল্ডিংৰ ষ্টকসমূহত লাভৰ পৰিশোধৰ সময়…
-
পেঞ্চিল
পেঞ্চিল (pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি। পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।
-
পেনৰ'জ ত্ৰিভুজ
পেনৰ'জ ত্ৰিভুজ (বা পেনৰ'জ ট্ৰাইবাৰ, অসম্ভৱ ট্ৰাইবাৰ, বা অসম্ভৱ ত্ৰিভুজ, এটা ত্ৰিকোণীয় অসম্ভৱ বস্তু। এই আলোকীয় ভ্ৰমৰ বস্তুটোক দৃষ্টিকোণীয় অংকনেৰে দেখুৱাব পাৰি কিন্তু বাস্তৱত ইয়াৰ অস্তিত্ব নাই। ১৯৩৪ চনত চুইডেন শিল্পী অস্কাৰ ৰয়টাৰছভাৰ্ডে ইয়াক প্ৰথম সৃষ্টি কৰিছিল।
-
পোতালা পেলেচ
পোতালা পেলেচ ( Potala Palace) হৈছে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল ৰ ৰাজধানী লাছাৰ এটা সংগ্ৰহালয় কমপ্লেক্স। পূৰ্বতে ই দালাই লামাৰ শীতকালীন ৰাজপ্ৰসাদ আছিল আৰু ১৬৪৯ চনৰ পৰা ১৯৫৯ চনলৈকে ই দালাই লামাৰ বাসস্থান আছিল।
-
প্ৰক্ষেপ্য গতি
ভূপৃষ্ঠৰ পৰা কোনো এটা বস্তু অথবা কণা (প্ৰক্ষেপ্য) বায়ুমণ্ডললৈ প্ৰক্ষেপ কৰিলে কেৱল মহাকৰ্ষণৰ প্ৰভাৱত (বায়ুৰ ৰোধৰ প্ৰভাৱ নগণ্য বুলি ধৰা হৈছে) প্ৰক্ষেপ্যটোৱে বক্ৰৰেখাৰ পথেৰে গতি কৰে আৰু এই গতিকেই প্ৰক্ষেপ্য গতি (ইংৰাজী: Projectile motion) বুলি কোৱা হয়।