অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পাহলৱী ৰাজমুকুট

পাহলৱী ৰাজমুকূট (Pahlavi Crown ) পাহলৱী যুগত (১৯২৫–১৯৭৯) ব্যৱহৃত ইৰাণৰ ৰাজ অভিষেকৰ মুকুট আছিল। পাহলৱী মুকুট ইৰাণৰ ৰাষ্ট্ৰীয় ৰত্নসমূহৰ মাজত ইৰাণ চৰকাৰৰ তত্ত্বাৱধানত বৰ্তমান ৰখা হয়।

হালনাগাদ: ৩০ মে’ ২০২৬ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাহলৱী ৰাজমুকূট (Pahlavi Crown ) পাহলৱী যুগত (১৯২৫–১৯৭৯) ব্যৱহৃত ইৰাণৰ ৰাজ অভিষেকৰ মুকুট আছিল। পাহলৱী মুকুট ইৰাণৰ ৰাষ্ট্ৰীয় ৰত্নসমূহৰ মাজত ইৰান চৰকাৰৰ তত্ত্বাৱধানত বৰ্তমান ৰখা হয়।

পাহলৱী মুকুটটোৱে প্ৰত্যক্ষ প্ৰেৰণা লাভ কৰিছিল ছাছানিয়ান ৰাজকীয় মুকুটৰ পৰা, য’ত আচেমেনীড যুগৰ আৰোহী প্ৰতীকৰ সৈতে মিল থকা চাৰিটা ষ্টেপযুক্ত কৰ্নিচ আছিল। এই কৰ্নিচবোৰ আছিল ছাছানিয়ান মুকুটৰ এটা সাধাৰণ বৈশিষ্ট্য, যিয়ে দেৱতা আৰু শাসকৰ মিলনৰ প্ৰতীক আছিল। পাহলৱী মুকুটৰ মূল মটিফ হৈছে ‘সূৰ্য্যৰ ৰশ্মি’ প্ৰতীক, যিয়ে প্ৰাচীন পাৰ্চী সূৰ্য্য দেৱতা মিথ্ৰাক প্ৰতিনিধিত্ব কৰে।১

পটভূমি

১৯২৫ চনত পাহলৱী বংশ ক্ষমতালৈ অহাৰ পাছত ৰেজা শ্বাহে হাজী চিৰাজুদ্দিন জাভাহেৰীৰ তত্ত্বাৱধানত ইৰাণী গহনা বিক্ৰেতাৰ এটা দলক নতুন মুকুট সৃষ্টিৰ বাবে নিযুক্তি দিয়ে। এই নতুন মুকুটৰ উদ্দেশ্য আছিল কাজাৰ বংশই ব্যৱহাৰ কৰা "কিয়ানী মুকুট"ৰ ঠাইত। ২২৪ চনৰপৰা ৬৫১ খ্ৰীষ্টাব্দৰ ভিতৰত ছাছানিয়ান যুগত ব্যৱহৃত পাৰ্চী মুকুটৰ চিত্ৰ আৰু ঐতিহাসিক বিৱৰণীৰপৰা অনুপ্ৰাণিত এই নতুন ডিজাইনটো।

পাহলৱী মুকুট বিশেষভাৱে নিৰ্মিত আৰু ১৯২৬ চনৰ ২৫ এপ্ৰিলত ৰেজা শ্বাহৰ ৰাজ অভিষেকৰ সময়ত প্ৰথমবাৰৰ বাবে পিন্ধা হৈছিল। ২ ১৯৬৭ চনৰ ২৬ অক্টোবৰত তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী মহম্মদ ৰেজা পাহলৱীৰ ৰাজ অভিষেকৰ সময়ত শেষবাৰৰ বাবে ইয়াক পৰিধান কৰা হৈছিল। বৰ্তমান এই মুকুটটো তেহৰাণৰ ৰাষ্ট্ৰীয় গহনা সংগ্ৰহালয়ত ইৰাণৰ অন্যান্য জাতীয় মণিৰ সৈতে প্ৰদৰ্শিত হৈছে।

যদিও ২০ শতিকাৰ আৰম্ভণিতে পহলৱী মুকুট সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছিল, পৰম্পৰা অনুসৰি ইয়াৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা ৰত্নসমূহ ইতিমধ্যে ইৰাণৰ কোষাগাৰত থকা হাজাৰ হাজাৰ ভিন্ন ৰত্নৰ মাজৰপৰা বাছনি কৰা হৈছিল।

গঠন

সোণ, ৰূপ আৰু ৰঙা মুগাৰে এই মুকুট তৈয়াৰ কৰা হয়। ইয়াৰ সৰ্বোচ্চ উচ্চতা ২৯.৮ চে.মি., প্ৰস্থ ১৯.৮ চে.মি. আৰু ওজন প্ৰায় ২০৮০ গ্ৰাম। ইয়াত ৩,৩৮০ হীৰা স্থাপন কৰা হৈছে, যাৰ ওজন মুঠ ১১৪৪ কেৰেট। আটাইতকৈ ডাঙৰ হীৰাটো হৈছে ৬০ কেৰেটৰ হালধীয়া ৰঙৰ ‘ব্ৰিলিয়েণ্ট’ হীৰা, যিটো বগা হীৰাৰ ‘ছানবাৰ্ষ্ট’ ডিজাইনৰ মাজত স্থাপন কৰা হৈছে।৩৪

ইয়াত তিনিটা শাৰীত ৩৬৯টা একেধৰণৰ প্ৰাকৃতিক বগা মুকুতা স্থাপন কৰা হৈছে। মুকুটত পাঁচটা ডাঙৰ পান্না (মুঠ ২০০ কেৰেট)ও থাকে; ইয়াৰে আটাইতকৈ ডাঙৰটোৰ ওজন প্ৰায় ১০০ কেৰেট আৰু ইয়াক মুকুটৰ একেবাৰে ওপৰত স্থাপন কৰা হয়। মুকুটৰ ওপৰত পাখি আকৃতিৰ ‘এগ্ৰেট’ (ক্ৰেষ্ট) থাকে, যিয়ে সামৰিক বিজয়ৰ পিছত ছাছানিয়ান শাসকসকলে পিন্ধা ডেউকাৰ কথা মনত পেলায়। ছাছানিয়ান ৰাজকীয় প্ৰতীকবাদত মুকুটত থকা ডেউকাবোৰ যুদ্ধ আৰু বিজয়ৰ দেৱতা বাহৰামৰ প্ৰতীক আছিল। সফল সামৰিক অভিযানৰ পিছত প্ৰায়ে ৰজাৰ মুকুটত এই প্ৰতীক সংযোজন কৰা হৈছিল।

জনপ্ৰিয় সংস্কৃতিত

  • ১৯৮১ চনত পিটাৰ অ’ডনেলৰ উপন্যাস দ্য ছানাডু টেলিছমেনত মডেষ্টি আৰু উইলি গাৰ্ভিনক মৰক্কোৰ অপৰাধী পাতাল জগতখনে খেদি ফুৰে, যিসকলে পাহলাভি মুকুট উদ্ধাৰৰ অভিযানত নামিছে।

বাহ্যিক সংযোগ

  1. ferrebeekeeper

ferrebeekeeper.wordpress.com The Pahlavi Crown | ferrebeekeeper - WordPress.com

তথ্যসূত্ৰ

  1. ↑ The Lion and The Sun Podcast thelionandthesun.org The Pahlavi Crown: Where is It Now?
  2. ↑ Iran Chamber Society: Iranian Museums & Galleries Iranian National Royal Jewels: The Pahlavi Crown
  3. ↑ Kiani Concept kianiconcept.com History About Pahlavi Crown
  4. ↑ World History Encyclopedia www.worldhistory.org The Pahlavi Crown

সম্পৰ্কিত শ্ৰেণী

ইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাহলৱী ৰাজমুকুট” প্ৰবন্ধৰ সংশোধন ৬১০১৩৮ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।