অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পিএছএলভি-চি৩৭

পিএছএলভি-চি৩৭ (কাৰ্ট'ছেট-২ উপগ্ৰহ শৃংখলা বুলিও কোৱা হয়) হৈছে পিএছএলভি আঁচনি যাৰ দ্বাৰা অভিলেখ সংখ্যক ১০৪টা উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়াৰ লগতে কক্ষপথত সংস্থাপনো কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পিএছএলভি-চি৩৭ (কাৰ্ট'ছেট-২ উপগ্ৰহ শৃংখলা বুলিও কোৱা হয়) হৈছে পিএছএলভি আঁচনি যাৰ দ্বাৰা অভিলেখ সংখ্যক ১০৪টা উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়াৰ লগতে কক্ষপথত সংস্থাপনো কৰা হয়।১ এই উপগ্ৰহসমূহ ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপন কৰে। ২০১৪ চনৰ ১৯ জুনত ৰাছিয়ান ৰকেটে উৎক্ষেপন কৰা ৩৭টা উপগ্ৰহ আৰু ২০১৩ চন ১৯ নৱেম্বৰত নাছাই উৎক্ষেপন কৰা ২৯টা উপগ্ৰহৰ অভিলেখ এই অভিযানে ভংগ কৰে।২ এটা অভিযানতে ১০৪টা উপগ্ৰহ উৎক্ষেপন কৰি পিএছএলভি-চি৩৭ অভিযানে কেৱল এখন উৎক্ষেপন যানেৰে একেবাৰতে সৰ্বোচ্চ সংখ্যক উপগ্ৰহ উৎক্ষেপন কৰাৰ অভিলেখ স্থাপন কৰে।৩

এই উৎক্ষেপনত ১.৫ কোটি আমেৰিকান ডলাৰ ব্যয় কৰা হৈছিল।৪

উৎক্ষেপন

ভাৰতীয় মান সময় অনুযায়ী ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ০৯:২৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এছএলভি-চি৩৭ৰ উৎক্ষেপন কৰা হৈছিল। প্ৰাথমিক উপগ্ৰহ কাৰ্ট'ছেট-২ডিকে ধৰি মুঠ ১০৪টা উপগ্ৰহ যানখনে কঢ়িয়াই নিছিল।১৫

বহনক্ষমতা আৰু অন্যান্য প্ৰাচল

ৰকেটখনে মুঠ ১০৪টা উপগ্ৰহ উৎক্ষেপন কৰিছিল, ইয়াৰে তিনিটা ভাৰতীয়, ৯৬টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু বাকীকেইটা জাৰ্মানী, ইজৰাইল, কাজাখাস্তান, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড আৰু সংযুক্ত আৰৱ আমিৰাতৰ। ভাৰতীয় উপগ্ৰহ কেইটা হৈছে কাৰ্ট'ছেট-২ডি, আইএনএছ-১এ আৰু আইএনএছ-১বি।

কাৰ্ট'ছেটৰ ওজন প্ৰায় 650 কিলোগ্ৰাম আৰু আইএনএছ-১এ আৰু আইএনএছ-১বি প্ৰতিটোৰে ওজন প্ৰায় 15 কিলোগ্ৰাম। অন্য বিদেশী উপগ্ৰহসমূহৰ ওজন প্ৰায় 820 কিলোগ্ৰাম আৰু যানখনে মুঠ বহন কৰা ওজন আছিল প্ৰায় 1500 কিলোগ্ৰাম। ৰকেটটোৰ মুঠ উৎক্ষেপন ভৰ আছিল প্ৰায় 320000 কিলোগ্ৰাম। সংঘৰ্ষৰ পৰা হাত হাৰিবলৈ যুক্তৰাষ্ট্ৰ প্ৰায় 5 কিলোগ্ৰামকৈ ওজনযুক্ত ৮৮টা কিউবছেট উপগ্ৰহ ৰকেটটোৰ পৰা বিভিন্ন দিশত প্ৰক্ষেপিত কৰা হৈছিল।২

পিএছএল-চি২ডিয়ে বিজয়ৱাৰ্ধা, অন্ধ্ৰপ্ৰদেশমূলৰ উদ্যোগ ৰেজিন এণ্ড এলাইড প্ৰডাক্সন (আৰএপি)ৰ দ্বাৰা নিৰ্মিত ৰকেট ইঞ্জিন ন'জেল ব্যৱহাৰ কৰা হৈছিল। ই হৈছে এই উদ্যোগত নিৰ্মান হোৱা আৰু পিএছএলভিত ব্যৱহাৰ কৰা ১০০তম ন'জেল।৬ অভিযানটোৰ মুঠ বাজেটৰ অৰ্ধাংশ যিবোৰ বিদেশী উপগ্ৰহ উৎক্ষেপন কৰা হৈছে সেই দেশসমূহৰ পৰা পুনৰোদ্ধাৰ কৰিব পৰা হ'ব বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থায়ে দাবী কৰিছে।৭

দৃষ্টিভংগী

"আমি এই অভিযানক এক অভিলেখ বা অন্য কিবা এটা বুলি বিচাৰ কৰা নাই। প্ৰতিটো উৎক্ষেপনত আমি মাত্ৰ আমাৰ ক্ষমতা বৃদ্ধিৰ প্ৰয়াস কৰিছোঁ আৰু প্ৰতিটো উৎক্ষেপনৰ পৰা পোৱা ক্ষমতা ব্যৱহাৰ কৰাৰ আৰু সৰ্বাধিক ফলাফল পোৱাৰ চেষ্টা কৰিছোঁ।" - ইছৰোৰ উপাধ্যক্ষ এ. এছ. কিৰণ কুমাৰ।৮

ইছৰোৰ প্ৰাক্তন উপাধ্যক্ষ জি মাধৱন নায়াৰে এই পৰিকল্পনা সম্পৰ্কে কৈছিল যে, ই "কোনো নতুন কথা নহয়" আৰু "১৫০০ কিলোগ্ৰামৰ ভিতৰত আৰু অধিক উপগ্ৰহ কঢ়িয়াব পৰা যায়" বুলি কৈছিল। ইছৰোয়ে মানৱযুক্ত অভিযান আৰু অন্য প্ৰযুক্তিগত অগ্ৰসৰতা সম্পৰ্কে মনোনিবেশ নকৰাৰ বাবে তেঁও ইছৰোক সমালোচনা কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ (15 February 2017). Isro creates history, launches 104 satellites in one go. The Times of India
  2. ↑ (7 February 2017). ISRO’s PSLV-C37 launch scheduled for 15 February at 9:00 AM. Firstpost
  3. ↑ (15 February 2017). Isro's launch of record 104 satellites. The Times of India
  4. ↑ (15 February 2017). Five reasons why ISRO is a force to be reckoned with. The Indian Express
  5. ↑ (15 February 2017). ISRO sets space record: Highlights of successful launch of Cartosat-2 and 103 other satellites. Hindustan Times
  6. ↑ (17 December 2016). PSLV-C 37 scheduled for launch on January 27. The Hindu
  7. ↑ (8 February 2017). ISRO to recover half the cost of record breaking PSLV-C37 launch from foreign customers. Firstpost
  8. ↑ (11 January 2017). Launch of 103 satellites is to maximise capability: ISRO. Business Standard
  9. ↑ (19 January 2017). Launching 103 satellites in single mission no big deal: Madhavan Nair. Business Standard

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিএছএলভি-চি৩৭” প্ৰবন্ধৰ সংশোধন ৩৮১৭৫৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।