অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুমা ছুইড

জোহানা জুচিনিয়েমি তেওঁৰ মঞ্চনামৰ প্ৰথম অংশটো ‘ফৰ্ড পুমা’ স্পৰ্টছ কাৰখনৰ পৰা লোৱা হৈছে। ২০০৫ চনৰ পৰা তেওঁ ২০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জোহানা জুচিনিয়েমি (জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৭৬), যাক তেওঁৰ মঞ্চনাম পুমা ছুইড বুলিহে অধিক জনা যায়, এগৰাকী ছুইডিছ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী আৰু নৃত্যশিল্পী।১ তেওঁৰ মঞ্চনামৰ প্ৰথম অংশটো ‘ফৰ্ড পুমা’ স্পৰ্টছ কাৰখনৰ পৰা লোৱা হৈছে।২ ২০০৫ চনৰ পৰা তেওঁ ২০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

জীৱনী

তেওঁ ছুইডেনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই ফিনলেণ্ডৰ আছিল।৩ ২০০৪ চনৰ পৰা তেওঁ কেলিফৰ্ণিয়াত বসবাস কৰি আহিছে।৪৫ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰাৰ পূৰ্বে তেওঁ ছুইডেনত কম্পিউটাৰ চেলছ ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত গ্লেমাৰ মডেল হিচাপে কাম কৰিছিল।৪ তেওঁ প্ৰথমে কেৱল মহিলাৰ সৈতে অভিনয় কৰিছিল,৬ কিন্তু ২০০৫ চনত ‘এণ্টিইন’চেঞ্চ ভিডিঅ’’ ষ্টুডিঅ’ৰ স্কুল অৱ হাৰ্ডকোৰ নামৰ ভিডিঅ’টোৰ জৰিয়তে তেওঁ পুৰুষৰ সৈতে অভিনয়ৰ পাতনি মেলে।৭

২০০৯ চনত তেওঁ ‘ৱেব ষ্টাৰলেট অফ দ্য ইয়েৰ’৮ আৰু ২০১২ চনত ‘শ্ৰেষ্ঠ দলীয় যৌন দৃশ্য’ৰ বাবে এভিএন বঁটাৰ মনোনয়ন লাভ কৰিছিল।৯ ইয়াৰ উপৰিও তেওঁ ২০০৯ চনত ‘ৱেব বেব/ষ্টাৰলেট অফ দ্য ইয়েৰ’১০ আৰু ২০১৯ চনত ‘শ্ৰেষ্ঠ যৌন দৃশ্য’ৰ বাবে এক্স-বিজ বঁটাৰ মনোনয়ন লাভ কৰে।১১ ২০১০ চনত তেওঁ কৌতুক অভিনেতা ব্ৰায়ান কেলেনৰ সৈতে দ্য ৪১-িয়াৰ-অ’ল্ড ভাৰ্জিন হু নকড আপ ছাৰাহ মাৰ্শ্বাল এণ্ড ফেল্ট ছুপাৰবেড এবাউট ইট নামৰ ছবিখনৰ জৰিয়তে মূলধাৰাৰ চলচ্চিত্ৰ জগতত খোজ পেলায়।

২০১২ চনৰ অক্টোবৰত তেওঁ লিন্ড এণ্ড কোম্পানীৰ দ্বাৰা প্ৰকাশিত তেওঁৰ আত্মজীৱনী উন্মোচন কৰে।১২১৩ এই আত্মজীৱনীখনত তেওঁৰ শৈশৱৰ কাহিনী, প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত তেওঁৰ প্ৰৱেশ আৰু কীৰান লীৰ সৈতে তেওঁৰ অশান্ত দাম্পত্য সম্পৰ্ক তথা বিবাহ বিচ্ছেদৰ বিষয়ে উল্লেখ কৰিছে।

২০১৪ চনত তেওঁ Sons of Anarchy ধাৰাবাহিকখনৰ সপ্তম ছিজনৰ তৃতীয়টো খণ্ডত অভিনয় কৰে। ইয়াৰ উপৰিও ২০১৪ চনত ছুইডিছ ৰিয়েলিটি ধাৰাবাহিক স্বেনস্কা হলিউডফ্ৰুৱাৰৰ দুটা খণ্ডত তেওঁ আছা ভেষ্টাৰলুণ্ডৰ বান্ধৱী হিচাপে অভিনয় কৰিছিল।১৪১৫

২০১৬ চনৰ জানুৱাৰীত তেওঁ চৰ্চালৈ আহে যেতিয়া ছুইডিছ মিউনিচিপাল ৱৰ্কাৰ্ছ ইউনিয়নৰ কেলেংকাৰীৰ খবৰ প্ৰকাশ পায়। ইউনিয়নৰ সদস্যসকলে পুঁজিৰ ধনেৰে বিলাসী আহাৰ গ্ৰহণ কৰা আৰু ইউনিয়নৰ মালিকানাধীন ৰেষ্টুৰেণ্টত ছুইডক নৃত্য প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা বুলি অভিযোগ উঠিছিল,১৬ যাৰ ফলত ইউনিয়নৰ কেছিয়াৰক বৰ্খাস্ত কৰা হয়।

২০১৭ চনৰ অক্টোবৰত পুমা ছুইডে ছুইডেনৰ মালমোত তেওঁৰ প্ৰথমখন ৰেষ্টুৰেণ্ট ‘পুমা বাৰ্গাৰ’ খোলাৰ কথা ঘোষণা কৰে।১৭ অৱশ্যে ছয় মাহৰ পিছত ৰেষ্টুৰেণ্টখন বিক্ৰী কৰা হয় আৰু ইয়াৰ নাম সলনি কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Tripp Daniels. Puma Swede Inks Deal With Fantasy Girl Entertainment. AVN.com
  2. ↑ Tom, Waters. (1 May 2006). Found In Translation: The Puma Swede Interview. Acid Logic
  3. ↑ About Puma Swede. PumaSwede.com
  4. ↑ Puma Swede. (23 August 2005). Puma Swede's School of Hardcore. AINews.com
  5. ↑ (4 September 2009). Hon är Sveriges stora porrstjärna. Aftonbladet
  6. ↑ (21 December 2005). Swede Does First Boy/Girl in School of Hardcore. AVN.com
  7. ↑ Thomas J Stanton. (14 February 2006). Swede Joins Black Widow. AVN.com
  8. ↑ (25 November 2008). Nominations 2009 AVN Adult Movie Awards. AVNAwards.com
  9. ↑ AVN Awards 2012 - Nominations. (Archived at: The Wayback Machine, January 31, 2012)
  10. ↑ Tod Hunter. (4 December 2008). XBIZ Awards 2009 Official Nominees Announced. XBiz.com
  11. ↑ Freixes, Alejandro. (2018-11-15). XBIZ Announces Finalist Nominees for 2019 XBIZ Awards. XBIZ
  12. ↑ (2 October 2012). AVN – Puma Swede Releases Autobiography, Garners Swedish Press. Business.avn.com
  13. ↑ Sveriges Radio. (2 October 2012). Puma Swede berättar öppet om sitt liv som porrstjärna i P4 Extra. sverigesradio.se
  14. ↑ (25 April 2014). Porrstjärnan med i 'Svenska Hollywoodfruar'. Aftonbladet
  15. ↑ Anders Martinsson. (5 November 2014). Hollywoodfru i storbråk med porrstjärna
  16. ↑ (19 January 2016). Här festar porrstjärnan Puma Swede på Kommunals lyxkrog. Expressen
  17. ↑ (20 October 2017). Swedish Star Puma Swede Opens Puma Burger Restaurant In Sweden. AVN.com. AVN Media Network

সম্পৰ্কিত শ্ৰেণী

পৰ্ণষ্টাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুমা ছুইড” প্ৰবন্ধৰ সংশোধন ৬২৮৮৪৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।