পিছল পেৰি বা পিছাল পেয়াৰী (Pichal Peri) (পাঞ্জাবী: ਪਿੱਛਲ ਪੈਰੀ, হিন্দী: पिछल पेৰী, উৰ্দু: پچھل پيری "উলোটা ভৰি থকা") হ'ল উত্তৰ-পশ্চিম দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ প্ৰেতনী, এনে নামকৰণ কাৰণ ইহঁতৰ সাধাৰণ চেহেৰা হৈছে এগৰাকী মহিলা হিচাপে দীঘল চুলিৰে মুখ আৱৰি থকা আৰু ভৰি পিছফালে আঙুলিয়াই থকা।১
পটভূমি
পিছল পেৰি ভাৰত আৰু পাকিস্তানৰ পাহাৰত ঘূৰি ফুৰে বুলি কোৱা হয়।২ ইহঁত হিমালয়ত পোৱা যায় বুলি কোৱা হয় যদিও ই মাজে মাজে ভাৰতৰ কিছুমান গাঁৱত প্ৰৱেশ কৰে।২ পাকিস্তানত সাধাৰণতে খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ গ্ৰাম্য পাহাৰীয়া অঞ্চলত দেখা পোৱা যায় যদিও পঞ্জাব প্ৰদেশতো মাজে মাজে দেখা পোৱা যায়। এই প্ৰতিৱেদন দাবী কৰা লোকসকল সাধাৰণতে গাঁৱৰ বয়োজ্যেষ্ঠ যিসকলক অন্ধবিশ্বাসী বুলি জনা যায়, সম্ভৱ পঞ্জাৱৰ মানুহে নিজৰ উত্তৰ চুবুৰীয়াৰ পৰা প্ৰেৰণা লৈ কিংবদন্তিটোৰ নিজস্ব সংস্কৰণ বনাইছে। অঞ্চল অনুসৰি পিছল পেৰিৰ বৈশিষ্ট্য ভিন্ন হয়।১
কিছুমান সংস্কৰণত পিছল পেৰিছ ৰাতি হাবিত দেখা দিয়ে আৰু অকলশৰীয়া পুৰুষক লক্ষ্য কৰি লয়। বেছিভাগ কাহিনীতে ভুক্তভোগীয়ে পলায়ন কৰাৰ কৰাৰ কথা কয় আৰু সাধাৰণতে নিজকে প্ৰত্যক্ষ সাক্ষী বুলি দাবী কৰে৷ পিছল পেৰিছৰ দুটা ৰূপ আছে বুলি বিশ্বাস কৰা হয়। বেছিভাগ কাহিনীতে পুৰুষক প্ৰলোভিত কৰাৰ উদ্দেশ্যে ধুনীয়া নাৰী হিচাপে দেখা দিয়ে আৰু কেৱল পিছফালে মুখ কৰি থকা ভৰিৰ বাবেই চিনাক্ত কৰিব পাৰি। কিছুমান ক্ষেত্ৰত প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে তেওঁলোকে নাৰী ৰূপটোক ওখ আসুৰিক জীৱলৈ ৰূপান্তৰিত হোৱা দেখিছে।১
তথ্যসূত্ৰ
- ↑ Dark, Lucy. (14 June 2020). The Legend Of Pichal Peri Is Not For The Faint Heart!. Mysteriesrunsolved
- ↑ (2020). Pichal Peri. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিছল পেৰি” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৫৪ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।