অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পিকাচু

পিকাচু (ピカチュウ) এটি কাল্পনিক পকেমনৰ প্ৰজাতি। পকেমন বিভিন্ন কিতাপ, এনিমেশ্যন ছবি, দূৰদৰ্শন, ভিডিঅ' খেল, বিণিজ্য পাত খেল আদিত প্ৰকাশিত কাল্পনিক প্ৰাণী যাৰ মালিকী স্বত্ব জাপানৰ পকেমন কোম্পানীৰ হাতত। কেন চুগিম'ৰিয়ে সাজি উলিওৱা পিকাচু প্ৰথম ১৯৯৬ত প্ৰকৃত গেম বয়ৰ খেল পকেমন ৰেড এণ্ড ব্লুত ওলাইছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৬২ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পিকাচু (ピカチュウ) এটি কাল্পনিক পকেমনৰ প্ৰজাতি। পকেমন বিভিন্ন কিতাপ, এনিমেশ্যন ছবি, দূৰদৰ্শন, ভিডিঅ' খেল, বিণিজ্য পাত খেল আদিত প্ৰকাশিত কাল্পনিক প্ৰাণী যাৰ মালিকী স্বত্ব জাপানৰ পকেমন কোম্পানীৰ হাতত। কেন চুগিম'ৰিয়ে সাজি উলিওৱা পিকাচু প্ৰথম ১৯৯৬ত প্ৰকৃত গেম বয়ৰ খেল পকেমন ৰেড এণ্ড ব্লুত ওলাইছিল। অন্য পকেমনৰ দৰে পিকাচুকো মানুহে ধৰে আৰু খেলৰ বাবে যুদ্ধ কৰাই। পিকাচু আতাইতকৈ জনপ্ৰিয় পকেমন, কাৰণ পকেমন এনিমত পিকাচু এক মুখ্য চৰিত্ৰ। ই জাপানী সংস্কৃতিৰ এক প্ৰতীক স্বৰূপ হ'ল, বিগত বৰ্ষত।

ধাৰণা আৰু ৰূপাঙ্কণ

গেম ফ্ৰিকে সজা আৰু নিন্টেণ্ডই প্ৰকাশ কৰা পকেমন প্ৰথম ১৯৯৬ত ওলাল। পকেমন কাল্পণিক প্ৰাণী যাক ট্ৰেইনাৰ্চ নামৰ 'খেলুৱৈ'সকলে ধৰে আৰু যুদ্ধ কৰোৱাই।১২ পিকাচুও অন্য পকেমনৰ দৰে গেম ফ্ৰিকৰ চৰিত্ৰ বিকাশ দল আৰু শিল্পী কেন চুগিম'ৰিয়ে চুড়ান্ত কৰা এক কাল্পনিক চৰিত্ৰ।৩৪ শৃংখলাৰ প্ৰযোজক চাতচি তাজিৰিৰ মতে, পিকাচু ২টা জাপানী শব্দ পিকা, যাৰ অৰ্থ বিজুলীয়ে উলিওৱা শব্দ আৰু চু- অৰ্থাৎ নিগনিয়ে উলিওৱা মাতৰ পৰা লোৱা হৈছে।৫ বিকাশক জুনিচি মাচুডাৰ মতে পিকাচুৰ নাম ভবাটো আতাইতকৈ কঠিন আছিল কাৰণ ই জাপানৰ আৰু আমেৰিকাৰ, দুয়োৰে দৰ্শকক মোহিব লাগে।৬

১ ফুট ৪ ইঞ্চি (০.৪ মিটাৰ) ওখ পিকাচু নিগনিৰ দৰে প্ৰাণী আৰু তেওঁলোকেই প্ৰথম সৃষ্ট ইলেক্ট্ৰিক টাইপ বা 'বিজুলীৰ প্ৰকাৰ'ৰ পকেমন।৭ তেওঁলোক দেখিবলৈ নিগনিৰ দৰে, তেওঁলোকৰ হালধীয়া নোম আছে আৰু পিঠিত মাটিৰ ৰঙৰ দাগ আছে, তেওঁলোকৰ নেজ বজ্ৰপাতৰ দৰে। তেওঁলোকৰ জোঙা কৰ্ণ (অংগ) আছে, গালত ৰঙা গোল দাগ, যিয়ে বিজুলী উলিয়াব পাৰে।৮ পকেমন দাইমণ্ড এণ্ড পাৰ্লত ছোৱালী পিকাচুক বেলেগ ধৰণেৰে সজা হ'ল। তেওঁলোকৰ নেজৰ কোণত এক ছিদ্ৰ আছে, যিয়ে তেওঁলোকক হৃদয়ৰ আকাৰ দিয়ে। পিকাচুৱে শৰীৰৰ পৰা বিজুলী উলিয়াই আক্ৰমণ কৰিব পাৰে। পিকাচু ঠাণ্ডাৰ ষ্ট'ন ৰ ওচৰলৈ গ'লে ৰাইচু লৈ ৰূপান্তৰিত হয়। পিছলৈ, অন্য এক চৰিত্ৰ পিচুক চিনাকি কৰা হ'ল, যিয়ে নিজৰ ট্ৰেইনাৰ ৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰি পিকাচুলৈ ৰূপান্তৰিত হ'ব পাৰে।

প্ৰথমে পিকাচু আৰু পকেমন ক্লিফেৰিক মেস্কট চয়ন কৰা হৈছিল। পিছলৈ কমিক কিতাপত ক্লিফেৰিক মুখ্য মেস্কটৰ দৰ্জা দিয়া হয়। কিন্তু এনিমেশ্যন শৃংখলাত পিকাচুক মুখ্য মেস্কটৰ দৰ্জা দিয়া হ'ল, বিভিন্ন কাৰণত, যেনে পিকাচু এটি মৰমলগা পোহনীয়া জন্তুৰ দৰে, আৰু ইয়াৰ ৰং হালধীয়া, যাক দূৰৰ পৰা সহজে দেখা যায়।৯ যদিও টাজিৰিয়ে জানিছিল যে পিকাচু ল'ৰা আৰু ছোৱালী দুয়োৰে মাজত অতিকৈ জনপ্ৰিয়, তেওঁ পিকাচুক মেস্কট বনোৱাৰ কথা নিজেই ভবা নাছিল, জাপানৰ শিশু সকলেহে পিকাচুক অতিকৈ আদৰিছিলে।১০

অধিষ্ঠান

ভিডিঅ' খেলত

পকেমন ব্লেক এণ্ড হ্বাইট ৰ বাহিৰে সকলো পকেমন ভিডিঅ' খেলত পিকাচু এক নিম্ন খাপৰ পকেমনৰ ৰূপত ওলাল।১১ পকেমন য়েল্ল' খেলত পিকাচুকেই আৰম্ভণিতেই উপলব্ধ একমাত্ৰ পকেমনৰ ৰূপত চিনাকি কৰা হৈছে। পকেমন এনিমেশ্যনক অনুকৰণ কৰি, খেলটোতো পিকাচু পকেবলত নাথাকি মুক্তভাৱে ঘূৰে। ট্ৰেইনাৰটোৱে পিকাচুৰ লগত কথা পাতিব পাৰে আৰু পিকাচুৱে ভিন ভিন ধৰণে উত্তৰ দিয়ে।১২ এপ্ৰিল ১ৰ পৰা মে' ৫, ২০১০লৈ পকেমন হাৰ্টগ'ল্ড এণ্ড চউলচিল্ভাৰৰ নিৰ্বাচিত খেলুৱৈসকলক কেৱল পিকাচুক লৈ, পকেৱাকাৰত সাধাৰণতে উপলব্ধ নোহোৱা দুটা আক্ৰমণ কৰিবলৈ দিয়া হৈছিল।১৩ দুযোটাই যুদ্ধৰ বাহিৰত, যাত্ৰাৰ সুবিধাৰ বাবে ব্যৱহাৰযোগ্য আছিল। মুখ্য শৃংখলাক বাদ দি, পিকাচু হেয় য়ু পিকাচু-তো ওলাইছিল, য'ত খেলুৱৈয়ে মাইকেৰে পিকাচুক বিভিন্ন আদেশ দিব পাৰে।১৪ পকেমন চেনেল খেলটোতো পিকাচুক মাইকেৰে আদেশ দিব পাৰি। পিকাচু পকেমন স্নেপ খেলৰ প্ৰতিটো স্তৰতেই ওলাল, য'ত খেলুৱৈজনে পকেমনৰ আলোকচিত্ৰ ল'ব লাগে। পিকাচু পকেমন মিস্ত্ৰি ড্ৰেগন খেলত আৰম্ভণিৰ ১৬টা আৰম্ভণিকৰ্তা আৰু ১০টা সহযোগীৰ এটা আছিল। পকেপাৰ্ক ৱাই: পিকাচু'চ এড্ভেঞ্চাৰত পিকাচুক মুখ্য চৰিত্ৰ হিচাপে দেখোৱা হৈছে।১৫ পিকাচু চাৰিওটা চুপাৰ স্মেচ ব্ৰ'চতো ওলাইছে।১৬

এনিমেশ্যনত

পকেমন এনিম শৃংখলাই আৰু চলছিত্ৰই এচ কেচাম আৰু পিকাচুৰ যাত্ৰাক দৰ্শালে, পকেমন জগতৰ ভিন ভিন ঠাই হৈ। তেওঁলোকৰ বন্ধু মিস্তি, ব্ৰক, ট্ৰেচি, মে', মেক্স, ডন, আইৰিচ, চিলান, বনি আৰু ক্লেমন্টেও যাত্ৰা কৰিছিল।

প্ৰথম খণ্ডত এচে অধ্যাপক অ'কৰ পৰা পিকাচুটো পায়, নিজৰ প্ৰথম পকেমনৰ ৰূপত। নতুন ট্ৰেইনাৰ সকলক এটা এটা পকেমন দিয়া হয়; এচৰ গৃহ চহৰ কান্টত সেয়া প্ৰায় চাৰ্মেণ্ডাৰ, স্কুৱাৰ্টেল বা বাল্বাচৰ হয়, কিন্তু এচে দেৰীলৈকে শুই বিলম্ব কৰাৰ বাবে সি পিকাচু এটাহে পালে। প্ৰথমে পিকাচুৱে এচক ভাল নাপাইছিল আৰু তাৰ কথা নামানিছিল, আৰু লগতে আন পকেমনৰ দৰে পকেবলতো নাথাকিছিল। কিন্তু এচে নিজৰ প্ৰাণ সংকটত পেলাই পিকাচুক বনৰীয়া স্পীয়াৰ'ৰ দলৰ পৰা ৰক্ষা কৰিলে।১৭ আৰু পকেমন চেন্টাৰলৈ (পকেমনৰ চিকিৎসালয়লৈ) লৈ গ'ল। এই ঘটনাৰ পিছত পিকাচু এচৰ ঘনিষ্ঠ মিত্ৰ হ'ল, কিন্তু সি তথাপিও পকেবলত থকাত মান্তি নহ'ল। পিকাচুৱে বিৰাট শক্তিৰ প্ৰদৰ্শন কৰিলে, তাকেই দেখি, চোৰৰ দল টীম ৰকেটে পিকাচুক চুৰি কৰাৰ সিদ্ধান্ত কৰিলে, যাতে পিকাচুক নিজৰ মালিক গিঅ'ভান্নিক দি, তেওঁলোক ধন্য হ'ব পাৰে।১৮ এবাৰ এচে পিকাচুক বনৰীয়া পিকাচুৰ জাকত এৰি দিলে, যাতে পিকাচু সুখেৰে থাকিব পাৰে, কিন্তু পিকাচুৱে এচৰ লগত থকাহে ভাল পালে।১৯ অন্য বনৰীয়া তথা প্ৰশিক্ষিত পিকাচুও এনিমেশ্যন শৃংখলাতটিত ওলাইছিলে। আতাইতকৈ উল্লেখনীয় ৰিচিৰ পিকাচু স্পাৰ্কি।২০ অন্য পকেমনৰ দৰে পিকাচুৱেও কেৱল নিজৰ নামৰ বৰ্ণকেইটাহে ক'ব পাৰে। পিকাচুৰ মাত এনিমেশ্যনখনৰ প্ৰতিটো সংস্কৰণত ইকু অ'টানিয়ে দিছে। পকেমন লাইভত এনিমেশ্যনখনৰ পৰা লোৱা সুৰীয়া মঞ্চত পিকাচুৰ চৰিত্ৰ জেনিফাৰ ৰিচাৰে কৰিলে।

অন্য পকেমন প্ৰচাৰ মাধ্যমত

পিকাচু পকেমন মাংগা শৃংখলাত প্ৰকাসিত মুখ্য পকেমনসকলৰ মাজত অন্যতম। পকেমন এড্ভেঞ্চাৰ্চত দুয়ো মুখ্য চৰিত্ৰ ৰেড আৰু য়েল্ল'ৱে পিকাচু প্ৰশিক্ষিত কৰে, যিয়ে এটি কণি শৃষ্টি কৰে, যাৰ পৰা গ'ল্ডে এটি পিচু উলিয়াই। গেট্ট দা যে, মেজিকেল পকেমন জাৰ্নি আদিতো পিকাচুক দেখুৱা হৈছে।২১ পিকাচুক 'বাণিজ্য পাত খেলৰ পাত' ত, 'মেক্ডনেল্ড্স', 'ৱেন্ডি', 'বাৰ্গাৰ কিংগ'ৰ দৰে খাদ্যৰ বিক্ৰীটো ব্যৱহাৰ কৰা হৈছে।২২২৩২৪২৫

তথ্যসূত্ৰ

  1. ↑ Game Freak. (1998-09-30). ((Pokémon Red and Blue|Pokémon Red and Blue)), Instruction manual. Nintendo. পৃ. 6–7
  2. ↑ Game Freak. (1998-09-30). ((Pokémon Red and Blue|Pokémon Red and Blue)), Instruction manual. Nintendo. পৃ. 11
  3. ↑ |title= jap Staff. 2. 一新されたポケモンの世界. Nintendo.com. Nintendo. পৃ. 2
  4. ↑ Stuart Bishop. (2003-05-30). Game Freak on Pokémon!. CVG
  5. ↑ (November 22, 1999). The Ultimate Game Freak. Time Asia. পৃ. 2
  6. ↑ Noble, McKinley. (2009-03-23). Pokemon Platinum: Developer Interview!. GamePro
  7. ↑ www.nintendo.co.jp/nom/0007/gfreak/page06.html |script-title=ja:『ポケットモンスター』スタッフインタビュー|publisher=Nintendo|language=Japanese|accessdate=June 6, 2009}}
  8. ↑ Pokédex: It lives in forests with others. It stores electricity in the pouches on its cheeks. (2007-04-22). Pokémon Diamond. Nintendo
  9. ↑ Tobin, Joseph Jay. (2004). Pikachu's Global Adventure: The Rise and Fall of Pokémon. Duke University Press. পৃ. 65–66. ISBN 0-8223-3287-6
  10. ↑ (November 22, 1999). The Ultimate Game Freak. Time Asia. পৃ. 1
  11. ↑ (2013-12-26). Pikachu Pokemon – Pokedex. IGN
  12. ↑ Craig Harris. (October 19, 1999). Pokemon Yellow: Special Pikachu Edition – Game Boy Review at IGN. IGN
  13. ↑ Lucas M. Thomas. (April 1, 2010). Take a Pokewalk Through the Yellow Forest – Nintendo DS News at IGN. IGN
  14. ↑ Hey You, Pikachu! ''Nintendo.com'.' Retrieved July 17, 2006.
  15. ↑ Nintendo officially announces PokePark Wii ''Joystiq.com'.' Retrieved February 27, 2010
  16. ↑ Nintendo Power Magazine
  17. ↑ ((Pokémon - I Choose You!)). Pokémon
  18. ↑ Pokémon Emergency!. Pokémon
  19. ↑ Pikachu's Goodbye. Pokémon
  20. ↑ A Friend In Deed. Pokémon
  21. ↑ "Animerica Interview Toshihiro Ono." VIZ Media. May 10, 2000. Retrieved on May 31, 2009
  22. ↑ The Pojo – TCG Set Lists McDonald's Campaign Expansion Set
  23. ↑ Fastfoodtoys.Net Pokémon 2000 Toys
  24. ↑ (June 1, 2003). Restaurant chain entertainment promotions monitor, June 2003. Entertainment Marketing Letter
  25. ↑ (May 20, 2003). Pokemon at Wendy's Promotion Begins!

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিকাচু” প্ৰবন্ধৰ সংশোধন ৬৩১১৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।