অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পেঞ্চিল

পেঞ্চিল (pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি। পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৮৭১ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
ৰঙীন পেঞ্চিল
ৰঙীন পেঞ্চিলছবি: Adrian Michael · Public domain

[[চিত্ৰ:Pencil Diagram.svg|ৰৱৰ }}]]

পেঞ্চিল (pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি।

পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।

বেছিভাগ পেঞ্চিলৰ কেন্দ্ৰ ভাগত থকা ৰঞ্জক পদাৰ্থবিধ মাটিৰ বাইণ্ডাৰৰ সৈতে মিহলি কৰা গ্ৰেফাইট গুড়িৰে তৈয়াৰ কৰা হয়। গ্ৰেফাইট পেঞ্চিল (পৰম্পৰাগতভাৱে "লিড পেঞ্চিল" বুলি জনা যায়) ধূসৰ বা ক'লা চিন উৎপন্ন কৰে যিবোৰ সহজে মচি পেলাব পাৰি। আন কিছুমান বিশেষ প্ৰকাৰৰ পেঞ্চিলৰ কেন্দ্ৰভাগত মূলতঃ অংকন আৰু স্কেচিঙৰ বাবে কয়লা ব্যৱহাৰ কৰা হয়। ৰঙীন পেঞ্চিলবোৰ ৰং কৰাৰ কামত ব্যৱহাৰ কৰা হয়। গ্ৰীজ পেঞ্চিলৰ কোমল, তেলীয়া ৰঞ্জক পদাৰ্থ থাকে যিয়ে কাঁচ বা চীনামাটিৰ দৰে মসৃণ পৃষ্ঠত চিন সৃষ্টি কৰিব পাৰে।

পেঞ্চিলৰ আৱৰণ হিচাপে ব্যৱহাৰহোৱা আটাইতকৈ সাধাৰণ পাতল কাঠ, সাধাৰণতে ষড়ভুজৰ দৰে অংশটো কেতিয়াবা নলাকাৰ বা ত্ৰিকোণীয় আৰু ই মূলৰ লগত স্থায়ীভাৱে সংযুক্ত। এই আৱৰণত কাঠ উপৰি অন্য সামগ্ৰীৰো ব্যৱহাৰ হ’ব পাৰে, যেনে প্লাষ্টিক বা কাগজ। পেঞ্চিল ব্যৱহাৰ কৰিবলৈ চোকা ব্লেড বা তেনে সঁ‌জুলিৰ সহায়ত কাঠৰ অংশ বা খোলাটো সামান্য কাটি পেলাব লাগে যাতে কেন্দ্ৰৰ ৰঞ্জক পদাৰ্থৰ অংশটোৰ মূৰটো চোকা বিন্দু হিচাপে উন্মোচিত হয়।

প্ৰকাৰ

ব্যৱহৃত সামগ্ৰীৰ দিশেৰে

গ্ৰেফাইট

গ্ৰেফাইট পেঞ্চিল হৈছে একেবাৰে সাধাৰণ এটা প্ৰকাৰ, আৰু ইয়াক কাঠেৰে আবৃত কৰি প্ৰস্তুত কৰা হয়। আঁ‌কিবলৈ বা লিখিবলৈ ব্যৱহাৰ হোৱা অংশ মাটি আৰু গ্ৰেফাইটৰ মিশ্ৰণেৰে তৈয়াৰী আৰু ইয়াৰ ৰং আন্ধাৰ-পাতল ধূসৰৰ পৰা গাঢ় ক’লালৈকে ভিন্ন ভিন্ন হয়। ইহঁতৰ গঠনে আটাইতকৈ মসৃণ ষ্ট্ৰ’ক সৃষ্টি কৰিব পাৰে।

গোটা

কঠিন গ্ৰেফাইট পেঞ্চিল হৈছে গ্ৰেফাইট আৰু মাটিৰ কম্পোজিটৰ কঠিন দণ্ডৰ দৰে এবিধ পেঞ্চিল। সাধাৰণ পেঞ্চিলৰ দৰে যিবোৰৰ ৰেপাৰ বা লেবেলৰ বাহিৰে আন কোনো আৱৰণ নাথাকে। ইয়াক প্ৰায়ে "কাঠবিহীন" পেঞ্চিল বুলি কোৱা হয়। মূলতঃ শিল্পৰ উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা হয়।

তৰল

লিকুইড বা তৰল গ্ৰেফাইট্ পেঞ্চিল হৈছে কলমৰ চিয়াঁহীৰ দৰে লিখা পেঞ্চিল। ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে এই প্ৰযুক্তি উদ্ভাৱন কৰিছিল স্ক্ৰিপ্ট’ আৰু পাৰ্কাৰ পেনছে। পাৰ্কাৰৰ তৰল সীহৰ সূত্ৰৰ প্ৰায় তিনিমাহ আগতে স্ক্ৰিপ্ট’ৰ লিকুইড গ্ৰেফাইট সূত্ৰ ওলাইছিল। স্বত্ব সম্পৰ্কীয় এক দীঘলীয়া যুঁজৰ পৰা হাত সাৰিবলৈ দুয়োটা কোম্পানীয়ে নিজৰ সূত্ৰসমূহ ভাগ-বতৰা কৰিবলৈ সন্মত হৈছিল।১

কয়লা

কয়লা পেঞ্চিল কয়লাৰে তৈয়াৰ কৰা হয় আৰু ই গ্ৰেফাইট্ পেঞ্চিলতকৈ সম্পূৰ্ণ ক'লা ৰঙৰ দাগ সৃষ্টি কৰিব পাৰে, কিন্তু এই পেঞ্চিলৰ সহজে লেতেৰা হোৱাৰ প্ৰৱণতা থাকে আৰু গ্ৰেফাইটতকৈ অধিক ঘৰ্ষণ সৃষ্টি কৰে। ডুৱেটন কৌশলৰ বাবে চেপিয়া টোন আৰু বগা পেঞ্চিলো উপলব্ধ।

কাৰ্বন পেঞ্চিল

কাৰ্বন পেঞ্চিল সাধাৰণতে মাটি আৰু লেম্প ব্লেকৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় যদিও ইয়াৰ ছেদ্ আৰু নিৰ্মাতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা কয়লা বা গ্ৰেফাইটৰ সৈতে মিহলি কৰা হয়। গ্ৰেফাইট পেঞ্চিলতকৈ ইহঁতে সম্পূৰ্ণ ক’লা ৰং উৎপন্ন কৰে, কয়লাতকৈ মসৃণ আৰু ইয়াত ধূলি আৰু দাগ কম থাকে। ইয়াৰ উপৰিও কয়লাৰ দৰেই ইহঁত বহুত ভালকৈ মিহলি হয়।

ৰঙীন

ৰঙীন পেঞ্চিল বা পেঞ্চিল ক্ৰেয়নত ৰং আৰু অন্যান্য বস্তুৰ সৈতে মমৰ দৰে পদাৰ্থ থাকে। কেইবাটাও ৰং প্ৰায়ে একেলগে মিহলি কৰা হয়।২

গ্ৰীজ

গ্ৰীজ পেঞ্চিলে প্ৰায় যিকোনো পৃষ্ঠত (কাঁচ, প্লাষ্টিক, ধাতু আৰু ফটোকে ধৰি) লিখিব পাৰে। সাধাৰণতে পোৱা গ্ৰীজ পেঞ্চিল কাগজৰ আৱৰণত আবদ্ধ কৰা হয় (বেৰল আৰু চেনফৰ্ড পিল-অফ), অৱশ্যে ইয়াক কাঠত আবদ্ধ কৰিবও পাৰি (ষ্টেডটলাৰ অমনিক্ৰম)।২

পানীৰঙী

পানীৰঙী পেঞ্চিল ৱাটাৰ কালাৰ কৌশলৰ সৈতে ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ইহঁতৰ দাগ সৃষ্টি কৰিবলৈ ব্যৱহাৰ হোৱা পদাৰ্থবিধ পানীৰে পাতল কৰিব পাৰি। ইয়াৰ বাদে চোকা, গাঢ় ৰেখাৰ বাবে পেঞ্চিলবোৰত পানী ব্যৱহাৰ নকৰিলেও হয়। পেঞ্চিলৰ দ্বাৰা কৰা ষ্ট্ৰ'ক পানী ব্যৱহাৰ কৰি ব্ৰাছেৰেও বিয়পাই দিব পাৰি।২

ব্যৱহাৰৰ দিশেৰে

কাৰ্পেণ্টাৰ পেঞ্চিল

কাৰ্পেণ্টাৰৰ পেঞ্চিল হৈছে এনে পেঞ্চিল যাৰ দুটা মূল ধৰ্ম আছে: ইয়াৰ আকৃতিৰ বাবে ই সহজে বাগৰি যাব নোৱাৰে আৰু ইয়াৰ গ্ৰেফাইট শক্তিশালী।৩ এই প্ৰকাৰৰ আটাইতকৈ পুৰণি পেঞ্চিলডাল ১৭ শতিকাৰ আৰু ই বৰ্তমান ফেবাৰ-কেষ্টেলৰ সংগ্ৰহত থকা এজন জাৰ্মান কাঠমিস্ত্ৰীৰ পেঞ্চিল।৪৫

কপি কৰা

কপি কৰা পেঞ্চিল (বা মচিব নোৱাৰা পেঞ্চিল) হৈছে গ্ৰেফাইট পেঞ্চিল য'ত এটা ৰং যোগ কৰা হয় যিয়ে এটা মচিব নোৱাৰা চিন সৃষ্টি কৰে। ১৯ শতিকাৰ শেষৰ ফালে প্ৰেছ কপিৰ বাবে আৰু ফাউণ্টেইন পেনৰ ব্যৱহাৰিক বিকল্প হিচাপে এইবোৰ উদ্ভাৱন কৰা হৈছিল। ইহঁতৰ চিহ্নবোৰ প্ৰায়ে মানক গ্ৰেফাইট পেঞ্চিলৰ পৰা দৃশ্যগতভাৱে পৃথক কৰিব নোৱাৰি। ২০ শতিকাৰ মাজভাগলৈকে ইয়াৰ বহুল ব্যৱহাৰ হৈছিল। লাহে লাহে ইয়াৰ ঠাইত বল পেনৰ ব্যৱহাৰৰ পিছত এই পেঞ্চিলৰ ব্যৱহাৰ নোহোৱা হয়। অৱশ্যে ইটালীত নিৰ্বাচন আৰু গণভোটত কাগজৰ ভোটদানৰ বাবে ইয়াৰ ব্যৱহাৰ এতিয়াও আইন অনুসৰি বাধ্যতামূলক।৬

আইলাইনাৰ

মেক-আপৰ বাবে আইলাইনাৰ পেঞ্চিল ব্যৱহাৰ কৰা হয়। আইলাইনাৰ পেঞ্চিলত সাধাৰণতে বিষাক্ত নহোৱা ৰং থাকে।৭

মচি পেলাব পৰা ৰং

এই পেঞ্চিল, মম ভিত্তিক ৰঙীন পেঞ্চিলৰ দৰে নহয়। ইয়াৰ দাগ সহজেই মচি পেলাব পাৰি। ইহঁতৰ মূল ব্যৱহাৰ হৈছে স্কেচিং৮৯ কিছুমান এনিমেটৰে গ্ৰেফাইট পেঞ্চিলৰ বিপৰীতে মচি পেলাব পৰা ৰঙৰ পেঞ্চিল পছন্দ কৰে কাৰণ ই ইমান সহজে লেতেৰা নহয় আৰু বিভিন্ন ৰঙে স্কেচত বস্তুবোৰ ভালদৰে পৃথক কৰাৰ সুবিধা দিয়ে।১০

গ্ৰেডিং আৰু শ্ৰেণীবিভাজন

2}}" ৰ মাজত পাৰ্থক্য আছে।
2}}" ৰ মাজত পাৰ্থক্য আছে।ছবি: The original uploader was Dmgerman at English Wikipedia. · CC BY 3.0
9B ৰ পৰা 9H লৈকে এটা গ্ৰেডিং চাৰ্ট
9B ৰ পৰা 9H লৈকে এটা গ্ৰেডিং চাৰ্টছবি: Untitledmind72 at English Wikipedia · Public domain

গ্ৰেফাইট পেঞ্চিল মাটি আৰু গ্ৰেফাইটৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ ছেদ্ আন্ধাৰ-পাতল ধূসৰৰ পৰা গাঢ় ক'লালৈকে ভিন্ন হয়: যিমানেই বেছিকৈ মাটি ব্যৱহাৰ হয় পেঞ্চিলডাল সিমানেই কঠিন বুলি ধৰা হয়।১১১২১৩ মূলতঃ বিভিন্ন ছেদ্ সৃষ্টি কৰিবলৈ আগ্ৰহী শিল্পীসকলৰ বাবে গ্ৰেডৰ বিস্তৃত পৰিসৰ উপলব্ধ। অভিযন্তাসকলে কঠিন পেঞ্চিল পছন্দ কৰে; কিয়নো এই পেঞ্চিলে সীহৰ আকৃতিত অধিক নিয়ন্ত্ৰণৰ সুবিধা দিয়ে।

প্ৰস্তুতকাৰীসকলে তেওঁলোকৰ পেঞ্চিলসমূহক গ্ৰেডিং কৰি পৃথক কৰে, কিন্তু ইয়াৰ কোনো সাধাৰণ মানদণ্ড নাই।১৪ একে গ্ৰেডৰ কিন্তু বেলেগ বেলেগ নিৰ্মাতাই প্ৰস্তুত কৰা পেঞ্চিলে একে ধৰণৰ ছেদ প্ৰদান নকৰিবও পাৰে বা একে কঠিনতাও ভিন্ন মাত্ৰাৰ হ'ব পাৰে।১৫

ইউৰোপৰ বেছিভাগ নিৰ্মাতাই আৰু ইউৰোপৰ প্ৰায় সকলোৱেই তেওঁলোকৰ পেঞ্চিলক H (সাধাৰণতে "কঠিনতা" বুলি ব্যাখ্যা কৰা হয়)ৰ পৰা B (সাধাৰণতে "ক'লা")লৈকে আখৰেৰে চিহ্নিত কৰে, লগতে F (সাধাৰণতে "সূক্ষ্মতা" বুলি ধৰা হয়, যদিও F পেঞ্চিলৰ অৰ্থ জাপানত ইয়াক "দৃঢ়" বুলিও কোৱা হয়১৬)। প্ৰামাণিক লিখা পেঞ্চিলক HB গ্ৰেড দিয়া হয়।১৭ এই নামটো ১৮৪৪ চনৰ পৰাই ব্যৱহাৰ কৰা হৈছিল।১৮ পেঞ্চিলৰ গ্ৰেড ক্ৰমাগতভাৱে কোমল লিডৰ বাবে BB আৰু BBB আৰু ক্ৰমাগতভাৱে কঠিন লিডৰ বাবে HH আৰু HHH আদি ক্ৰম বা একেৰাহে Hs বা B দ্বাৰা বৰ্ণনা কৰা হৈছিল।১৯২০

২০২১ চনৰ হিচাপত, অতি কোমল, ক'লা ৰং চিহ্নিত পেঞ্চিলৰ পৰা আৰম্ভ কৰি অতি কঠিন, পোহৰ চিহ্নিত পেঞ্চিললৈকে পেঞ্চিলৰ এটা গোট সাধাৰণতে আটাইতকৈ কোমলৰ পৰা কঠিনলৈকে তলত দিয়া ধৰণৰ:

+ গ্ৰেফাইট পেঞ্চিলৰ কঠিনতা গ্ৰেডিং আৰু সাধাৰণ প্ৰয়োগ
টোন আৰু গ্ৰেডৰ ডিজাইনেচনবৈশিষ্ট্যপ্ৰয়োগৰ উদাহৰণ
ইউৰোপইউএচএআৰইউএচ
9B––একেবাৰে কোমল, ক'লাকলা সম্বন্ধিত কাৰণত: * স্কেছ * অধ্যয়ন * আৰ্হি প্ৰস্তুতকৰণ
8B––
7B––
6B––
5B––
4B––
3B–3Mকোমল*ফ্ৰীহেণ্ড অংকন * লিখা (সীমিত)
2B#02М
B#1M
HB#2TMমধ্যমিয়া* লিখা * ৰেখা অংকন
F#2½–
H#3Tকঠিন* টেকনিকেল * গাণিতিক অংকন
2H#42T
3H–3Tবৰ কঠিন* কাৰিকৰী বিশদ পৰিকল্পনা * চিত্ৰাংকিত উপস্থাপন
4H––
5H––
6H––একেবাৰে কঠিন, পাতল গ্ৰেবিশেষ কাৰণত: * লিথ'গ্ৰাফী * মানচিত্ৰ নিৰ্মাণ * জাইল'গ্ৰাফী
7H––
8H––
9H––
২, ২, ২.৫, ২ধৰণেও চোৱা হয়

গ্ৰন্থপঞ্জী

অতিৰিক্ত পঠন

  • Petroski, Henry. H. D. Thoreau, Engineer.. American Heritage of Invention and Technology. পৃ. 8–16

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vintage Pen Blog. GoPens.com
  2. ↑ Categories of Wax-Based Drawing Media, palimpsest.stanford.edu
  3. ↑ Doug Martin. (2000). Carpenter's Pencils. Pencilpages.com
  4. ↑ "History Pencils & Historic Packaging". Faber Castell Australia
  5. ↑ Oldest Known Pencil in Existence. Pencilpages.com
  6. ↑ L. 6 febbraio 1948, n. 29
  7. ↑ Gel Eyeliner Pencil by ULTA
  8. ↑ Art Supplies. Mccannas.com
  9. ↑ Sketch to Paint in Photoshop. Digitalartsonline.co.uk
  10. ↑ Tools of the Trade Papers Pencils and Erases. smackjeeves.com
  11. ↑ Staedtler Pencil, video Staedtler.com
  12. ↑ Petroski, 1990
  13. ↑ Derwent Manufacturing Process. Pencils.co.uk
  14. ↑ (2014-11-08). Graphite Grading Scales Explained
  15. ↑ Pencil grades vary "depending upon the manufacturer, when the pencils are made, and the source of graphite and clay. One analyst found that graphitic carbon content, for example, to vary from about 30 to about 65 in a variety of different pencils bearing the same designation." Petroski, 1990, p. 229
  16. ↑ えんぴつのナゾを解く . Mitsubishi Pencil Company(in Japanese)
  17. ↑ "Graphite Grading Scales Explained" . Pencils.com
  18. ↑ Stephen, Sir Geroge. (1844). The Guide to Service. পৃ. 245
  19. ↑ Interesting information about the company. Koh-I-Noor Hardtmuth
  20. ↑ Norris, Mary. (28 April 2016). Comma Queen: On "Impact". The New Yorker. Condé Nast. পৃ. 2:35

সম্পৰ্কিত শ্ৰেণী

লিখনসামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেঞ্চিল” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৪৯ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।