বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰচেষ্টা (বিত্তীয় প্ৰতিষ্ঠান)
অসমৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰচেষ্টা অন্যতম। অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে এই অনুষ্ঠানটোৱে আৰম্ভণিৰেপৰা চেষ্টা কৰি আহিছে।
-
প্ৰতিমা আগৰৱালা
প্ৰতিমা আগৰৱালা এগৰাকী ভাৰতীয়-আমেৰিকান কম্পিউটাৰ অভিযন্তা যিয়ে বেতাঁৰ নেটৱৰ্কিং, ভিএলএছআই, আৰু কম্পিউটাৰ সহায়ক ডিজাইনৰ ক্ষেত্ৰত অৱদানৰ বাবে পৰিচিত। তেওঁ এগৰাকী অধ্যাপিকা এমেৰিটা আৰু অবাৰ্ন বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ প্ৰাক্তন চেমুৱেল গিন বিশিষ্ট অধ্যাপিকা।
-
প্ৰত্যাশিত জীৱন দৈৰ্ঘ্যৰ আধাৰত দেশৰ তালিকা
প্ৰত্যাশিত জীৱন দৈৰ্ঘ্য 'ল কোনো ঠাইত জন্ম লওতে এজন ব্যক্তিৰ আশা কৰিব পৰা জীৱনৰ দৈৰ্ঘ্য, যি দেশখনত জন্মা সকলো লোকৰ জীৱন দৈৰ্ঘ্যৰ গড়, যদি জীৱনৰ দৈৰ্ঘ্য ভৱিষ্যতেও একেই থাকে। ২০১৫ত প্ৰকাশিত তালিকা।
-
প্ৰথম ৱিকিপিডিয়া সম্পাদনা
ৱিকিপিডিয়া-ৰ ডাটাবেছত সংৰক্ষিত প্ৰথমটো সম্পাদনা বেটুপাত পৃষ্ঠাত ১৫ জানুৱাৰী ২০০১ তাৰিখে সন্ধিয়া ১৯:২৭ বজাত (UTC) কৰা হৈছিল। এই সম্পাদনাটো সম্পূৰ্ণৰূপে এই বাক্যটো আছিল— “This is the new WikiPedia! ”।
-
প্ৰলম্ব
প্ৰলম্ব হিন্দু পৌৰাণিক কাহিনীত বলোৰামে হত্যা কৰা এক অসুৰ। প্ৰাসংগিক কিম্বদন্তি অনুসৰি অসুৰে গোপালকৰ বেশ ধৰি কৃষ্ণ আৰু বলোৰামৰ সৈতে জাঁপ খেলিবলৈ চেষ্টা কৰিছিল, যাৰ চৰ্ত অনুসৰি পৰাজিতজনে বিজয়ীক পিঠিত কঢ়িয়াই নিব লাগে। প্ৰলম্ব তৎক্ষণাত হাৰিল, আৰু বলোৰামক পিঠিত কঢ়িয়াই নিবলৈ বাধ্য হ’ল।
-
প্ৰসন্ন পাম
প্ৰসন্ন পাম হ'ল ৰাভাকৃষ্টিৰ ৰূপকাৰ। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত গোৱালপাৰা জিলাৰ বালিজানা চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত৷ পিতৃৰ নাম- কমল কুমাৰ ৰাভা আৰু মাকৰ নাম- দাখেল বালা ৰাভা৷ প্ৰসন্ন পামৰ জন্ম নাম পকচুং৷
-
প্ৰাচীৰ পত্ৰিকা
প্ৰাচীৰ পত্ৰিকা হ'ল বিজ্ঞপ্তি ফলকত প্ৰকাশিত এক বিশেষ ধৰণৰ সাময়িকপত্ৰ; বিশেষকৈ কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা প্ৰকাশ কৰে।
-
প্ৰিমৰ্স্কি বুলেভাৰ্ড
প্ৰিমৰ্স্কি বুলেভাৰ্ড (Приморський бульвар), ইয়াক ইয়াৰ ৰাছিয়ান ভাষাৰ নাম প্ৰিমোৰ্স্কি বুলেভাৰ্ড (Приморский бульвар) বুলিও জনা যায়, হৈছে ইউক্ৰেইনৰ ওডেছাৰ ঐতিহাসিক কেন্দ্ৰত অৱস্থিত এটা পথ।
-
প্ৰু এক্টন
প্ৰু এক্টন, ও.বি.ই(Order of the British Empire) ( Prue Acton, OBE; জন্ম: ২৬ এপ্ৰিল ১৯৪৩) এগৰাকী অষ্ট্ৰেলিয়ান ফেশ্বন ডিজাইনাৰ, ১৯৬০ চনৰ সময়ছোৱাত তেওঁক প্ৰায়ে "অষ্ট্ৰেলিয়াৰ ফেশ্বনৰ সোণালী কন্যা" বুলি কোৱা হয়।
-
প্ৰুছিয়া ৰাজ্য
প্ৰুছিয়া ৰাজ্য ( Königreich Preußen,) আছিল ১৭০১ আৰু ১৭১৮ চনৰ ভিতৰত প্ৰুছিয়া ৰাজ্যৰে গঠিত জাৰ্মান ৰাষ্ট্ৰ ৷ ১৮৬৬ চনত জাৰ্মানীৰ একত্ৰীকৰণৰ আঁৰত ই চালিকা শক্তি আছিল আৰু ১৯১৮ চনত ইয়াৰ বিলুপ্তিলৈকে জাৰ্মান সাম্ৰাজ্যৰ আগশাৰীৰ ৰাজ্য আছিল।
-
প্ৰেম নিৱেদন
প্ৰেম নিৱেদন (ইংৰাজী: Prem Niveddan) আঁদ্ৰে মাৰোৱাৰ The Art of Living নামৰ গ্ৰন্থখনৰ প্ৰফুল্ল কটকীয়ে কৰা অসমীয়া অনুবাদ প্ৰেম নিবেদন। গ্ৰন্থখনত প্ৰেম আৰু প্ৰেমৰ সম্পৰ্ক, প্ৰেমৰ অনুভূতি, বিবাহ-বন্ধন, পাৰিবাৰিক বন্ধন, বন্ধুত্বৰ বান্ধোন, চিন্তা-ভাৱনা, কাম কৰাৰ কৌশল, নেতৃত্বৰ কথা, সুখ লাভৰ উপায় আদি…
-
প্ৰৱেশ্যতা
বিদ্যুৎ চুম্বকত্বৰ ক্ষেত্ৰত, পৰম প্ৰৱেশ্যতা (ইংৰাজী: Absolute Permittivity) হৈছে কোনো এক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰোঁতে লাভ কৰা বাধাৰ পৰিমাণ। অন্যধৰণেৰে ক'বলৈ গ'লে, প্ৰৱেশ্যতা হৈছে পৰাবৈদ্যুতিক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰই কেনেদৰে প্ৰভাৱ পেলায় বা প্ৰভাৱ লাভ কৰে।
-
পৰশু ৰাম মিশ্ৰ
পৰশু ৰাম মিশ্ৰ (Parasu Ram Mishra; মৃত্যু ২০০১) এজন ভাৰতীয় ভূমি সংৰক্ষণবিদ আৰু পৰিৱেশবিদ, শিৱালিক পাহাৰ উপত্যকাৰ চণ্ডীগড়ৰ এখন সৰু গাঁও সুখোমাজৰিৰ ৰূপান্তৰৰ প্ৰচেষ্টাৰ কৃতিত্ব তেওঁক দিয়া হয়৷ তেওঁ কেন্দ্ৰীয় ভূমি আৰু জল সংৰক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (চি এছ ডব্লিউ চি আৰ টি আই), চণ্ডীগড়…
-
পৰেশ বৈশ্য
পৰেশ বৈশ্য ( ইংৰাজী: Paresh Baishya) এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক আৰু সমাজকৰ্মী। তেখেত শিক্ষা আৰু সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিবৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী। কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
-
পৰ্যালোচনামূলক প্ৰবন্ধ
পৰ্যালোচনামূলক প্ৰবন্ধ (Review Article) হৈছে এটা নিৰ্দিষ্ট শাখাৰ ভিতৰত এটা বিষয়ৰ ওপৰত বৰ্তমানৰ বুজাবুজিৰ অৱস্থাৰ সাৰাংশ দাঙি ধৰা এটা প্ৰবন্ধ। পৰ্যালোচনামূলক প্ৰবন্ধ এটাক সাধাৰণতে গৌণ উৎস বুলি গণ্য কৰা হয় কাৰণ ইয়াত পূৰ্বতে প্ৰকাশিত অধ্যয়নসমূহৰ পদ্ধতি আৰু সিদ্ধান্তসমূহ বিশ্লেষণ আৰু আলোচনা কৰিব…
-
ফাক-মি শ্বুজ
ফাক-মি শ্বুজ (ইংৰাজী: Fuck-me shoes), বিকল্পভাৱে ফাক-মি বুটছ বা ফাক-মি পাম্পছ হ’ল এক বিশেষ ধৰণৰ মহিলাৰ ওখ হিলৰ জোতাৰ বাবে ব্যৱহৃত এক শ্লেং বা কথিত শব্দ, যিবোৰে এক অতিৰঞ্জিত যৌন ছবি প্ৰতিফলিত কৰে। আনক উত্তেজিত কৰাৰ উদ্দেশ্যে পৰিধান কৰা যিকোনো মহিলাৰ জোতাৰ ক্ষেত্ৰত এই শব্দটো প্ৰয়োগ কৰিব পাৰি।
-
ফাৰ্চী পায়জামা
ফাৰ্চী পায়জামা (Farshi pajama) হ'ল এক ধৰণৰ মহিলাৰ পোছাক যিবোৰ কুৰি শতিকাৰ আৰম্ভণিতে অউধৰ মুছলমান আদালতত ৰজাঘৰীয়া আৰু উত্তৰ প্ৰদেশৰ (পূৰ্বতে উত্তৰ ভাৰতৰ সংযুক্ত প্ৰদেশ আগ্ৰা আৰু অউধ) বিশেষ সুবিধাপ্ৰাপ্ত মহিলাসকলে পিন্ধিছিল।
-
ফাৰ্ন লিঅ'না হলণ্ড
ফাৰ্ন লিঅ'না হলণ্ড: Fern Leona Holland;২০০৩ চনৰ পৰা আৰম্ভ হোৱা ইৰাক সংঘাতত নিহত হোৱা এগৰাকী আমেৰিকান অধিবক্তা আছিল।২০০৪ চনৰ ৯ মাৰ্চত ইৰাকত মিত্ৰজোঁটৰ অস্থায়ী কৰ্তৃপক্ষ (CPA)ৰ বাবে কাম কৰি থকাৰ সময়তে হলণ্ডৰ মৃত্যু হয়।
-
ফাৰ্মিং চিমুলেটৰ
ফাৰ্মিং চিমুলেটৰ (Farming Simulator) হৈছে এক অনুকৰণ ভিডিঅ' গেম। এইটো জায়ান্টছ ছফ্টৱেৰৰ দ্বাৰা বিকশিত আৰু ফ'কাচ হোম ইণ্টাৰেক্টিভৰ দ্বাৰা মুকলি কৰা খেলৰ এটা শৃংখলা। এই খেলখনে খেলুৱৈসকলক খেতিৰ মূল অনুভৱ দিয়ে। খেলত ব্যৱহৃত অৱস্থান ইউৰোপ আৰু আমেৰিকাৰ। ই পিচি, কনচৌল আৰু ম'বাইলৰ বাবে উপযুক্ত।
-
ফিফি মুকুনা
ফিফি মুকুনা ( Fifi Mukuna; জন্ম: ১৯৬৮) কংগোৰ এগৰাকী কাৰ্টুনকাৰ আৰু ব্যংগ-চিত্ৰকৰ। বৰ্তমান কংগোৰ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ জাইৰেৰ কিনছাছাত ১৯৬৮ চনত জন্মগ্ৰহণ কৰা ফিফি মুকুনাৰ পিতৃ আছিল এগৰাকী কূটনীতিবিদ।
-
ফুগ্ড়ি
ফুগ্ড়ি হৈছে গোৱা আৰু [[মহাৰাষ্ট্ৰৰ] উপকূলীয় অঞ্চলৰ কংকান কিছুমান সম্প্ৰদায়ৰ কোংকনীৰ মহিলাসকলে পৰিবেশন কৰা লোকনৃত্য হিন্দু ধৰ্মীয় উৎসৱ যেনে গণেশ চতুৰ্থী আৰু ব্ৰত বা ধলোৰ দৰে অন্যান্য নৃত্যৰ শেষৰ ফালে কয়।
-
ফেটা
ফেটা (মাৰাঠী:फेटा, )(Pheta),হৈছে ভাৰতৰ মহাৰাষ্ট্ৰত পৰিধান কৰা পৰম্পৰাগত পাগুৰি। পুৰণি দিনত পৰম্পৰাগত ফেটা মূলতঃ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে সন্মানৰ চিন আৰু আৰু মৰ্যাদাৰ ইংগিত হিচাপে পিন্ধিছিল।
-
ফ্ৰান্সৰ শ্ৰুতিকথা
বৰ্তমানৰ ফ্ৰান্সৰ শ্ৰুতিকথা (ইংৰাজী: Mythology in France) বা পৌৰাণিক কাহিনীসমূহে ফ্ৰান্সত বাস কৰা গল (Gauls), ফ্ৰেংক (Franks), নৰ্মান (Normans), ব্ৰেটন (Bretons) আৰু অন্যান্য জনগোষ্ঠীৰ পৌৰাণিক কাহিনীক সামৰি লৈছে, এই বিশেষ সংস্কৃতিসমূহে সত্য বুলি বিশ্বাস কৰা সেই প্ৰাচীন কাহিনীবোৰ ঐশ্বৰিক বা বীৰ…
-
ফৰ্টনাইট
ফৰ্টনাইট (Fortnite) হৈছে এপিক গে’ম্ছৰ দ্বাৰা বিকশিত আৰু ২০১৭ চনত মুক্তি লভা এটা অনলাইন ভিডিঅ’ গে’ম আৰু গে’ম প্লেটফৰ্ম। ইয়াৰ ছটা সুকীয়া গে’ম ম’ড সংস্কৰণ আছে যিবোৰ একেটা উমৈহতীয়া গে’মপ্লে’ আৰু গে’ম ইঞ্জিনৰ ওপৰত আধাৰিত: ফৰ্টনাইট বেটেল ৰয়াল, এক বিনামূলীয়াকৈ খেলিবপৰা বেটেল ৰয়াল গে’ম য’ত ১০০গৰাকী…
-
বংগমাতা
বংগমাতা (বঙ্গমাতা), বাংলা মা (বাংলা মা) বা কেৱল বাংলা হ'ল বংগৰ ব্যক্তিৰূপ। বংগৰ নৱজাগৰণৰ সময়ত বিকশিত আৰু পাছলৈ বাঙালী জাতীয়তাবাদীসকলে গ্ৰহণ কৰা এই বাক্যক বৰ্তমানে গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰো প্ৰতীক মনা হয়।
-
বগা যাদু
হোৱাইট মেজিক বা বগা যাদু বা শ্বেত যাতুক পৰম্পৰাগতভাৱে অলৌকিক শক্তি বা যাদুক নিস্বাৰ্থ উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি কোৱা হৈছে। বগা যাদু কৰাসকলক জ্ঞানী পুৰুষ বা মহিলা, ৰোগ নিৰাময়কাৰী, বগা ডাইনী বা যাদুকৰ আদি উপাধি দিয়া হৈছে ৷ এই লোকসকলৰ বহুতেই বংশগত ৰেখাৰ জৰিয়তে বা জীৱনৰ পিছৰ কোনো পৰিঘটনাৰ দ্বাৰা…
-
বগা সাপৰ উপাখ্যান
বগা সাপৰ উপাখ্যান (en:The Legend of the White Snake) হৈছে ছু ছিয়ান নামৰ এজন পুৰুষ আৰু বাই ছুঝেন নামৰ এগৰাকী মহিলা সাপ-আত্মাৰ প্ৰেম-কেন্দ্ৰিক চীনা কাহিনী। এই কাহিনী চীনৰ চাৰিটা মহান জনপ্ৰিয় লোককাহিনীৰ অন্যতম বুলি গণ্য কৰা হয়।
-
বঙাল
অসমত বহিৰাগতসকলক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ হ’ল ‘বঙাল’। স্বাধীনতাৰ পূৰ্বৰ কালছোৱাত বংগৰ পৰা অহা ঔপনিৱেশিক বিষয়া (আমোলা) আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়ত হিন্দু বঙালী শৰণাৰ্থীসকলৰ দ্বাৰা অসমত বসতি স্থাপন কৰা হৈছিল। পূব বংগৰ পৰা আহি অসমত বসবাস কৰা মুছলমান কৃষকসকলক বৰ্তমান ‘মিঞা’ বুলি কোৱা হয়।
-
বডিল হেলফাক
বডিল কেথৰিন হানচিন হেলফাক (ইংৰাজী: Bodil Cathrine Hansine Hellfach; ১৮৫৬–১৯৪১) এগৰাকী অগ্ৰণী ডেনিছ নাৰ্ছ আছিল, যিয়ে ১৮৯৯ চনৰ পৰা ১৯০৭ চনলৈকে ডেনিছ নাৰ্ছ সংগঠনৰ উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বতৰৰ লোককথা
বতৰৰ লোককথা (ইংৰাজী: Weather lore) বুলিলে বতৰ আৰু বতৰৰ ভৱিষ্যদ্বাণীৰ সৈতে জড়িত অনানুষ্ঠানিক লোককথাক বুজায়। সাধাৰণ লোককথাৰ দৰেই বতৰৰ লোককথাটো বাহ্যিক জোখ-মাখৰ কোনো যন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ সাধাৰণ মানুহৰ মুখৰ কথা আৰু লিখাৰ জৰিয়তে প্ৰচলন কৰা হয়।